জতুগৃহ
ৰমেন গগৈ
হাফলং, ডিমাহাছাও
একেই আছেনে আপোনাৰ মন, মনৰ দৃঢ়তা
একেই আছেনে আপোনাৰ মগজু, মগজুৰ সুস্থিৰতা
একেই আছেনে আপোনাৰ শৰীৰ। শৰীৰৰ ৰঙ।
প্ৰখৰ ৰ'দে দহিলে নেকি ফেহুবুলীয়া বোল। নে
দিনক দিনে বাঢ়িছে ৰঙৰ কমনীয়তা। হাতৰ টিপতে
আছে নেকি আলাউদ্দিনৰ যাদুকৰী চাকি। মূষলধাৰ বৰষুণত
উটিছে নেকি বিশ্বাসৰ অভেদ্য ছাঁদ।
একেই আছেনে কণ্ঠত সেই পুৰণি প্ৰানোচ্ছলতা
নিৰুদ্বেগ চিত্তে গাব পাৰে নে জন গন মন......
গাব পাৰে নে তিনি বৰণীয়া জাতীয় পতাকা......
গাব পাৰে নে দেহৰে ভৰসা নাই অ' আল্লা......
একেই আছেনে হৃদয়ৰ সেই বিশালতা
বিনাদ্বিধাই এভাগকে দুভাগ কৰি
বিনাদ্বিধাই এটুকুৰা কে দুটুকুৰা কৰি
দ্ৰৌপদীৰ অন্নপূর্ণাত সন্তুষ্টিৰ দুৰ্বাসাৰ উগাৰ
আছেনে মনৰ একেই উদাৰতা
বচ্চে, সদা মন কে চচ্চে
নে বয়সৰ লগে লগে বাঢ়িছে জ্ঞানৰ সসাগৰা পৃথিৱী
খুব সহজেই চিনিব পাৰিছে ৰঙৰ প্ৰভেদ- হিন্দু মুছলমানৰ
ভাগ ভাগ কৰিছে নেকি উৎসৱৰ উলাহ
অলপ হিন্দুৰ
অলপ মুছলমান
নিজৰ দুৰ্বলতা ঢাকিবৰ বাবে খেলিছে নেকি
হিন্দু মুছলমান, হিন্দু মুছলমানৰ ট্ৰাম কাৰ্ড
তেজৰ ৰঙ সদায়ে ৰঙা- হিন্দু কিম্বা মুছলমানৰ
জুয়ে নিবিচাৰে কোন হিন্দু কিম্বা মুছলমান
শত্রুৰ গুলিয়ে নিচিনে কোন হিন্দু কিম্বা মুছলমান
এই দেশ কেৱল নাছিল হিন্দু কিম্বা মুছলমানৰ
চাৰে জাঁহা চে আচ্ছা- কোনেও সোধা নাছিল কাৰ এই গান
ত্ৰিৰংগাৰ তলত কোনেও সোধা নাছিল সাঁজোতাৰ ধৰ্ম
স্বদেশ প্ৰেমৰ আবেগত কোনেও কোৱা নাছিল
মই হিন্দু
মই মুছলমান
পাহৰিছে নেকি নিজৰ সক্ষমতা
ৰুগ্ন মগজুত কঢ়িয়াই ফুৰিছে নেকি জঁটুগৃহৰ কল্পনা
তই হিন্দু মই মুছলমান
মই মুছলমান তই হিন্দুৰ স্ফুলিঙ্গ!
তৃতীয় পক্ষত আছে নেকি শকুনিৰ দল
বিদূৰৰ অগ্নি পৰীক্ষা
ক্ষমতাত থাকিলেই সলনি হয় নেকি তেজৰ ৰঙ
হাতে হাতে জোঁৰ লৈ হাজাৰ দুৰ্যোধন
অন্ধ ধৃতৰাষ্ট্ৰ
নীৰৱ সভাসদ
মূক ভীষ্ম
জঁটুগৃহত জুই দিবলৈ কিমান পৰ বাকী ?
No comments:
Post a Comment