নিঃসংগতা
ভাগ্যশ্ৰী ফুকন
বৰহাট
সকলোবোৰ থাকিও কেতিয়াবা একো নোহোৱাৰ অনুভৱ কৰোঁ...
ভিৰৰ মাজতো নিজক অকলশৰীয়া যেন পাওঁ।
পোৱাবোৰ উপভোগ কৰোঁ নে নিজক আঁতৰাই ৰাখোঁ এই দোমোজাত অস্থিৰ হৈ ভাবি পৰো...
দিয়াজনে সঁচাই বিছৰাবোৰ দিছে নে তাতকৈ বেছি?
অভিযোগ বোৰোনো কাক দিও...
অজুহাত বোৰো যে বিশেষ।
খুলি কব গৈ ও থমকি ৰও
আকৌ ভাবো বুজি পোৱাত অভাৱ নে বুজোৱাত?
কেতিয়াবা অজানিতে হাহাকাৰ কৰি উঠো...
নীসংগতাবোৰক নিজৰ কৰি উচুপি উঠোঁ
দুধাৰি চকুলোৰে প্ৰশ্ন কৰো নিজক বাৰে বাৰে
মই সুখী নে?
সাঁথৰৰ দৰে হৈ পৰিছো
নিজে নিজৰ বাবে
মাথো হাঁহিৰ আঁৰত দুখবোৰ জাপি গৈছো ইটোৰ পাছত হিতো
নিঃ শব্দে, নীৰৱে, নিজানে
হৃদয়ৰ এটা নিভৃত কোণত
কাহানিও, কাৰো আগত ব্যক্ত কৰিব নোৱাৰাকৈ...
হয়টো কেতিয়াবা শব্দ,
কেতিয়াবা সময় আৰু
কেতিয়াবা মন যোৱা নোযোৱাৰ অজুহাতত....
No comments:
Post a Comment