নাই যদিও
ভাৰতী বসুমতাৰী
ধেমাজি
যাবৰ পৰত সি সাবটি ধৰিলে
ভাৱ হয় মানুহ নিসংগ নহয়
দিগবলয়ত শগুনৰ জাকটো দেখি
ভাৱ হয় সিহঁত ভ্ৰান্তি নহয়
বৰফ-পানী খেলি থকা শিশুজাক দেখি
ভাৱ হয় সিহঁত ভ্ৰান্তি নহয়
হয় যদি দুখন নৈত বন্দী হোৱা দুচকু
হয় যদি ডাৱৰৰ কফিনত
বন্দী হোৱা বেলিৰ হালধীয়া তনু
যাবৰ পৰত সি কৈ যায়
টোপনিৰ আকাশত তৰাবোৰ
কেতিয়াবা নোশোৱে
নিজৰ মাজতে সংঘৰ্ষ হৈ পপীয়া তৰা হঠাৎ খহি পৰে
এটা নীলা খামৰপৰা উলিয়াই পঢ়িছো চিঠি
ইমান পুৰণিকলীয়া অভ্যাস
অনুভৱ কৰিছোঁ সতেজ কিবা এটা
বতাহত বিলীন হৈ পৰা বিশেষ কিবা এটা
কিন্তু কিয় এনেকুৱা লাগিছে
আখৰবোৰত মামৰে ধৰিছে
কিয় বাৰু এনেকুৱা হৈছে
চিঠিখনৰপৰা পুৰণি ভাঁজবোৰ ক্ৰমাৎ সুলকি পৰিছে
খন্তেক নীৰৱে থাকো
উত্তৰ নাহে
আহিবলৈকে খবৰবোৰ
ৰাখেনো কোনে
কোনে কাৰ বুকু সেকি ওমলিছে ফাঁকু
কোনে কাৰ বস্তি জ্বলাই ৰান্ধি আছে শিল,বালি আৰু ইটাৰ সুস্বাদু
সম্পৰ্ক এৰি ক'লৈ গুচি যায় মানুহ
বাটে -ঘাটে কোনোবা জনে যদি লগ পাই সোধে
কওঁ- কুশলেই আছোঁ
নাই যদিও।
No comments:
Post a Comment