জীৱনৰ আমৃত্যু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

জীৱনৰ আমৃত্যু



 জীৱনৰ আমৃত্যু


                       অন্নপূৰ্ণা বৰা

                           যোৰহাট


হব লাগে ভবাৰ দৰে সকলো,

থাকিব লাগে ইতিহাস সকলোৰে।

সেউজীয়া দলিচা পাৰিলা বুলিয়ে,

মইতো খোজ দিলো তোমাৰ ঠিকনাত।


তুমি গুচি যোৱাৰ পাছত

মোৰ ঠিকনা উকা, আধৰুৱা হৈ পৰিল।

জীৱন, যান্ত্ৰণা, সংগ্ৰাম,

তোমাৰ আদিপাঠ নাছিল।


সমাজ সংস্কাৰিত

তথাপি জীৱন থমকি ৰয়।

ৰ'দ ৰ উত্তাপত দেই পুৰি নিয়া,

মাটিৰ গোন্ধ, মাথোঁ তুমি তুমি।


কলিজা খন টুকুৰা টুকুৰ কৰি

ৰৈ আছো তোমাৰ বাবেই 

কঠিন সময়  খুদিত নহয়

জীৱনৰ আমৃত্যু.....


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages