উকি
উজ্জ্বল স্মৰণ দত্ত
নিজান বাটত নিজান ঘাটত
দূৰণিৰ ৰিঙ এটি হৈ
বাটৰ বাটৰুৱাই
উকিয়াই উকিয়াই যায়।
উকি এটাত ৰে’লখন যায়
উকি টানি টানি
বসন্তৰ ঘাট উজানত উজাই।
ওকলা উকি মাৰি মাৰি
ভটিয়নীত ভটিয়াই।
ক’ৰ বাটৰুৱা
কোন বাটত
বাটৰ কিৰিলী হৈ
উকিৰ টানত যায়।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment