বিষাদ
আব্দুৰ ৰহমান প্ৰামাণিক
কুর্শাকাটি, কোকৰাঝাৰ
হিমালয় যদি দুখ হৈ আহে এই জীৱনত
মৰুভূমিৰ বালি ৰাশিৰ জোখেৰে
প্ৰশান্ত মহাসাগৰৰ ঢৌৰ দৰে
নীলা আকাশৰ অপ্ৰিমিত নক্ষত্ৰৰ ন্যায়
যুঁজি যাম অনবৰত এফালৰ পৰা
এক বিন্দু ৰক্ত কণা এই দেহত থাকোঁতে।
অজস্ৰ পৰিস্থিতিৰ প্ৰচণ্ড আঘাত বোৰেও
পোহৰৰ গতিত অহা তিক্ত যন্ত্ৰণা বোৰেও
অমাবস্যাৰ অন্ধকাৰত পতিত হোৱা জীৱন নাশক কাঁইট বোৰেও
মোৰ জীবনৰ দুখৰ পৃষ্ঠা লুটিয়াই বাগৰি পৰে
বাধা বিঘিনিৰ জটিল প্ৰাচীৰ ভেদি এক যোদ্ধাৰ ৰূপত
দিন মাহ কাল পাৰ কৰি আগুৱাই যাও এক অভিনৱ সময়ৰ দেশত।
মোৰ হেৰুওৱাৰ ভয় নাই, উচ্চাকাংক্ষী মনোভাৱৰ মৃত্যু হৈছে
শত্ৰু নাই অভাৱ নাই মোহ নাই সংগী নাই এক আচৰিত কথা নহয়
মোৰ প্ৰানে কেতিয়াবাই ইহকাল পৰিত্যাগ কৰিছে
দেহই তাৰ মিলনত অৰ্হ নিশে ইনাই বিনাই কান্দিছে
জীৱনৰ আদিম পুৱাতেই সুখ,শান্তিক কবৰস্থ কৰিছোঁ
মাথো এজনৰ নিৰ্দেশ লৈ অপেক্ষা কৰি শেষ ক্ষণ গণিছো।
No comments:
Post a Comment