জলছবি
অনিতা মেধি মিশ্র
বঙাইগাঁও
বৰষুণৰ এচাৰণিবোৰ
গাড়ীৰ আইনাত পৰিলে চহৰখন
মোৰ আপোন হৈ পৰে।
চিপ্ চিপ্ বৰষুণৰ শব্দৰ বাবেই নুশুনি
গাড়ীৰ হৰ্ণবোৰ,
চিঞৰ-বাখৰ
অস্হিৰ মনবোৰো
ক্ষান্ত হয়
কোনোবা ক্ষণত...
গাড়ীবোৰ দৌৰি গৈয়েই আছে
ইখনৰ পাছত আনখন
গন্তব্যস্হানলৈ....
বৰষুণজাক নামি আহিলেই
পলসুৱা বাসনা বিচাৰি মোৰ
মন চৰাই উৰি
চহৰ এৰি গুচি যায়।
বৰষুণ দিলেই জপজপীয়া হৈ পৰে
জৰাজীৰ্ণ ফুটপাথৰ ঘৰবোৰ
চপাই আনে গৰাকীয়ে
বৰষুণৰ পানীত উটি যাব খোজা
বুকুৰ আপোন ঘৰখন।
বাৰিষা আহিলে
বৰষুণৰ পানী
চকুৰ পানী
একেলগে সৰে।
দুচকুৰ পানী মচি
কতজনে ঈশ্বৰক মাতে,
কলিযুগৰ ইশ্বৰে একো নুশুনে।
চহৰীয়া মানুহৰ কাকূতিত
পলৰীয়া হয় বেলিটো।
বৰষুণে জুৰিলে তান
কাগজৰ নাও ওপঙাদি ওপঙে
মহানগৰৰ ওফোন্দা অভিমান।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment