চামুৰাই
মৰ্জিনা বেগম
চামতা, নলবাৰী
নেদেখা ঘাটৰ বকুলজোপা
নুফুলিল দেখোন,
কৰবীও নাহাহিল
হিলৈফুটা নাওঁখন বাই
নাৱৰীয়া জন কেৱল নিৰৱধী।
পানেই অ' পানেই
তোৰ দেখোন সোনালী চুলিকোছাই
আজিকালি নৈত ঢৌ নুতুলা হ'ল,
পানেই
মাজে - মাজে মৰা শিলচটাই মাতে।
চামুৰাই ঘাটত লীন গ'ল
এশ এবুৰি সপোন,
অজানিতে উটি গ' ল দুয়ো লগ হোৱা
নীলা চৰাইৰ পাখীযোৰ
হাতে হাত ধৰি কপিলীৰ বুকুত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment