তেতিয়া তোমালৈ মনত পৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

তেতিয়া তোমালৈ মনত পৰে



তেতিয়া তোমালৈ মনত পৰে


জিতু ৰাজ

চামতা, নলবাৰী


পুৱতিৰ লগে লগে যেতিয়া

চৰাইবোৰে গান গাবলৈ ধৰে,

চৰাইৰ গানৰ শব্দত ভাহি অহা

সেই মধুৰ সুৰত

জাগি উঠি বিচনাত বহিলে

তেতিয়া তোমালৈ মনত পৰে।

নদীৰ পানীৰ কুল - কুলনি শব্দত

আকাশৰ তৰাই নাচে,

সেই জীৱনৰ মধুৰ সময়ত

তেতিয়া তোমালৈ মনত পৰে।

যেতিয়া বিচনাত মই শুই পৰোঁ

নানা সপোনে মোক আগুৰি ধৰে,

হে জীৱনৰ প্ৰেয়সী জনী

তেতিয়া তোমালৈ মনত পৰে।

আকাশৰ বোৱতী পপীয়া তৰাৰ মাজত

মৰমৰ ধেমালি দেখি

আমাৰ মাজত হোৱা প্ৰতিটো ক্ষন

চকুৰ সন্মূখত দৃশ্যমান ঘটে,

হে জীৱনৰ প্ৰেয়সী জনী

তেতিয়া তোমালৈ মনত পৰে।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages