চাতক তৃষ্ণা
চন্দনা ভাগৱতী
ভাৱৰ আতিশয্যত কিমানপৰ অন্যমনস্ক হৈ আছিলো ক'ব নোৱাৰোঁ।অন্য এক দোমোজাত মই….
শংকিত হৈ উঠিছিলোঁ। অত্যন্ত উৎসুকতাৰে তেওঁৰ আগত কথাবোৰ ক'ম বুলি আগ্ৰহেৰে অপেক্ষা কৰি ৰ'লোঁ। আস-! হঠাৎ এয়া কিহৰ দুৰ্বলতা-? কিহৰ-? হা-হুমুনিয়াহ, হতাশা, উদ্বেগৰ মাজত মানুহ জীয়াই থাকিব পাৰে জানোঁ-? পুনৰ এসাগৰ চিন্তাত ডুব গ'ল অৰূপ।অৰু,যাক লগত সম্পন্ন হৈছে তাৰ বিবাহ আৰু তেৱেই তাৰ প্ৰথম প্ৰেমো। হাজাৰটা অংগীকাৰ কৰি থৈছে অৰূপে। দেউতাকৰ আসন্ন মৃত্যুৰ বাবে অৰু, অৰ্থাৎ অৰুন্ধতীক হঠাতে বিয়া কৰাবলগীয়া হৈছিল যিতো সময়ত তাৰ প্ৰেম নামৰ এই শব্দটোৰ লগত কোনো পৰিচয়ে হোৱা নাছিল। অৰুৰ বাবেও অৱশ্যে অৰূপেই প্ৰথম প্ৰেম আছিল। বিয়াৰ পিছত দুয়োতাই দুয়োতাকে সিঁহতৰ অমোঘ প্ৰেমেৰে বুৰাই ৰাখিছিল। গতিকে তাইক সি কোনোপধ্যে হেৰুৱাব নোখোজে। এতিয়া অৱশ্যে তাৰ দেউতাক নাই। কিন্তু, সিঁহতৰ প্ৰেম-! প্ৰেম আছে।হোমৰ গুৰিৰ সেই সাতপাক ঘূৰি লোৱা সেয়া এতিয়া আৰু কেৱল অংগীকাৰ হৈ থকা নাই। দুটি সন্তানৰ পিতৃ এতিয়া সি। আকৌ বৰ্ত্তমানলৈ ঘূৰি আহে সি--
:- ক'মনে নকমকৈ ইমান ভাবি থাকিলে কি হ'ব-? গুমৰি থকা কথাবোৰ নীৰাৰ আগত আজি কৈয়েই পেলাম বাপ্পেকে।ময়ো জানো এয়া কোনো ধৰণৰ সাধাৰণ কথা নহয়। এই কথাৰ পৰাই খাণ্ডব-দাহৰ দৰে কাণ্ডও ঘটিব পাৰে-!
:- অফিচৰ কেন্টিনত দুপৰীয়া ভাত খাবলৈ বহি অৰূপে বহি থাকিল। কিছু সময় পিছত নীৰাও আহি ওচৰতে বহিল। কপালখন দুয়োহাতেৰে হেঁচি তেতিয়াও অৰূপে তলমূৰ কৰি বহি থাকিল।
:- হেই-? কি হ'ল-? ভাত খোৱা।
নীৰাৰ মাতত যেন অৰূপে উচপ খাই উঠিল।
:- অ' খাওঁ।
:- কি হ'ল-? ইমান মৌনচিত্তে কি ভাবিছা-?
মই জানো নীৰাই সকলো জানিও মোৰ এই অৱস্থাটো উপভোগ কৰিছে।
:- পাৰি জানো-! এনেকৈ আৰু কিমান দিন চলিম-? অকলশৰীয়াকৈ থকাটো বৰ কষ্টকৰ জানা।
:- ইমান সোনকালে হতাশ হ'লে কেনেকৈ হ'ব-? মানুহ সময়ৰ দাস। সময়ৰ লগত খোজ মিলাবই লাগিব।নীৰাই যেন বুজনি দিছে। অত্যধিক ব্যস্ততাই বাৰু মানুহক যন্ত্ৰলৈ পৰিণত কৰে নেকি-? জীৱনৰ কিছুমান দিশলৈ চাবলৈ গ'লে উৎসাহবোৰ হেৰুৱাই পেলাম যেন লাগে। ঘৰলৈ নযোৱা আজি প্ৰায় ছমাহেই হ'ল। ফোনেৰেই সকলো যোগাযোগ। নিজৰ ওপৰতেই অত্যধিক খং উঠে কেতিয়াবা।
:- অস-! ইমান অধৈৰ্য্য নহ'বাচোন।
সঁচাকৈ, বহুত সাহস দিয়ে মোক নীৰাই।তাইৰ কমপ্লিমেন্টবোৰে মোৰ দ্বিধাগ্ৰস্থ মুখতো হাঁহি বিৰিঙাই। নীৰাক যে নিৰলে পাবলৈ, তাইৰ অলপ স্পৰ্শ পাবলৈ মই মনে মনে উদ্বাউল হৈ উঠো। কিয় বাৰু তাইৰ মুখখনে মোক বাৰে বাৰে আমনি কৰে-! নীৰাইয়ো চাগে মোৰ অৱস্থাটো ভালকৈ বুজে। তাই মোৰ ভিতৰৰ মানুহজনক চিনি পায়,বুজি পায়। তাইৰ মনতো জাগেনে বাৰু এনে তীব্ৰ বাসনা-! মোক পোৱাৰ বাবে হাবিয়াস এটাই আকুটি কৰেনে বাৰু তাইকো-! তাইৰ মাৰ্জিত কথা বতৰাবোৰত মইচোন একো তলকিবই নোৱাৰোঁ। মাজে মাজে অৱশ্যে কিবা এটা আন্দাজো কৰোঁ। অৱশ্যে হৃদয়ত সমুদ্ৰৰ অজস্ৰ ঢৌৰ গৰ্জন শুনি থাকিলেও ছোৱালীবোৰে এটা বৰ্মৰ আঁৰত থকা বাবে চাগে প্ৰকাশ্যে একো ক'ব নোৱাৰে। এয়া ছোৱালীবোৰৰ একপ্ৰকাৰ ধৰ্মই।নহ'বই বা কিয়-?যিহে আমাৰ সমাজ ব্যৱস্থা-। একশ্ৰেণী পুৰুষৰ বাবেও অনবৰতে তেওঁলোকে মুখা এখন আঁৰি থবলগীয়া হয়। হঠাতে নিজকে টুকুৰীয়াই চালোঁ-মই-? মই বাৰু কেনেকুৱা-?নহয়,নহয় মই তেনে নহয়। নীৰাইয়ো মোক তেনে বুলি নাভাবে। তেনেহ'লে মই ইমান ঘামিছোঁ কিয়-? পুহমহীয়া হাড় কঁপোৱা জাৰতো সঁচাকৈ মইচোন ঘামি উঠিছোঁ। ইতিমধ্যে নীৰাই ভাত খাই হাত ধুলে।মই ভাতখিনি লিৰিকি বিদাৰি আধাখোৱাকৈয়ে উঠি আহিলোঁ।
নীৰা বেছ সম্প্ৰতীভ ছোৱালী। বৰ অমায়িক আৰু হাঁহিমুখীয়া। বিয়া হোৱা নাই। আমাৰ অফিচতে জইন কৰিছে। প্ৰথম চিনাকীতে মোৰ কিবা এটা তাইক ভাল লাগিল। এনেকুৱাও নহয় যে মোৰ মনত কিবা এটা বেয়া উদ্দেশ্য আছে। কিন্তু, কিয় জানো তাইৰ প্ৰতি অন্য এক আকৰ্ষণ মই অনুভৱ কৰোঁ।মই মোক ভালদৰেই জানোঁ। বৈবাহিক জীৱনত মই এজন নিৰ্ভৰযোগ্য পতি। আমাৰ সংসাৰত কেনিও ক'তো খেলিমেলি,বিৰোধ নাই। এখন সচ্ছল সংসাৰৰ বাবে প্ৰয়োজন হোৱা সকলোখিনিয়েই আছে। সৰল প্ৰেম আমাৰ। ল'ৰা-ছোৱালীহালৰ সৈতে প্ৰেমৰ ঐকান্তিকতাৰে ভৰুণ আমাৰ এখন সুখী সংসাৰ। কিন্তু, মাজে মাজে মোৰ বাৰু এনে অনুভৱ কিয় হয়-?মই যেন এই পৃথিৱীৰ ভিতৰতেই এজন অকলশৰীয়া মানুহ। নিৰ্জীৱ এটি দ্বীপৰ একমাত্ৰ বাসিন্দা মই। নিঃসংগ অনুভূতিয়ে মোক মাজে মাজে কঁপাই তোলে। ৰুগ্ন হয় মন।ব্যথিত হয় হৃদয়। ঠিক সেই সময়তেই নীৰাৰ কলিং আহে। মেছেজ আহে। আহ-! ক'ব নোৱাৰাকৈ মোৰ মন ভৰি পৰে। মই যেন সম্পূৰ্ণ হৈ উঠো। ক্ৰমবৰ্ব্ধমান তাইৰ আকুল ভাৱটো মই যেন সদায় থকাটো বিচাৰিছিলোঁ। আমি অফিচত বিভিন্ন বিষয় লৈ কথা পাতো। কেন্টিনত চাহ-ভাত একেলগেই খাওঁ। তাই মোৰ মনৰ ভিতৰচৰা জানিবলৈ এদিন সুধিলে-মই সম্পূৰ্ণ সুখী নে--? মোৰ সন্ধানী দৃষ্টিয়ে তাইৰ দুচকুত ধৰা দিছে নেকি-?তাই চাগে মোক ভালকৈয়ে লক্ষ্য কৰিছে। মই অলপ লাজ পোৱাৰ দৰেও হ'লোঁ।ক'লো--কিয় সুধিছা-? অলপ ৰগৰ কৰাৰ ধৰণেৰে মই ক'লো-মোক কিবা অসম্পুৰ্ণ যেন লাগিছে নেকি-?তেনেদৰে কথা পাতি পাতি দুয়োটাই খুব হাঁহিলোঁ। মই অনৰ্গল আমাৰ বিয়াৰ পিছত আৰম্ভ হোৱা প্ৰেমৰ কথাবোৰকে ক'লোঁ। এই প্ৰেম যে আমাৰ মজবুট তাকো ভালদৰে বুজাই ক'লোঁ। এনেদৰেই পিছলৈ নীৰাৰ লগত মোৰ সম্পৰ্কটো গাঢ় হৈ উঠে।
এটা অতি অস্পষ্ট, অনুচ্চাৰিত ধাৰণা মাত্ৰ।মই অনুভৱ কৰিছিলোঁ আৰু কল্পনা ৰাজ্যত নীৰাক বিচাৰি ফুৰিছিলোঁ। প্ৰথমতে এই ব্যতিৰেকী চিন্তাৰ কথাটোৱে মোক খুব আমনি কৰিছিল। অনবৰত মোৰ পত্নীৰ ওচৰত সৰু হৈ যোৱাৰ ভয় এটাই খুন্দিয়াই থাকিছিল।মই যেন তেওঁৰ ওচৰত অন্যায় কৰিছোঁ। হৃদয়খন এক অপৰাধবোধে খুলি খুলি খাইছিল। পিছলৈ অৱশ্যে নিজক বুজাই সৈমান কৰাইছিলোঁ। পৰিৱেশ পৰিস্থিতিৰ ওচৰত নিজকে বিলীন কৰি দিছিলোঁ। বাৰে বাৰে সৎ হ'ব খুজিছিলোঁ। আৰে-! আকৌ মনত খুন্দিয়াবলৈ ধৰিলে মই বাৰু কেনেবাকৈ অসৎ চৰিত্ৰৰ নেকি-? নীৰাৰ ওচৰতো মই বাৰু কিবা ভুল কৰিছোঁ নেকি-? নাইতো আজিলৈকে তাইক মই মোৰ মনৰ ভিতৰৰ একো কথাৰেই সম্ভেদ দিয়া নাই। এই ক্ষেত্ৰত নীৰা অৱশ্যে মোতকৈ বেছি পুৰঠ।মই বুজি পাইছিলোঁ। মোৰ নিচিনা তাই ইমান আবেগিকো নহয়। ছোৱালী বাবেই নেকি-? আকৌ মনত প্ৰশ্ন-? ছোৱালীবোৰে বাৰু একো কথাই খুলি নকয় কিয়-? তাই বাৰু এনে ক্ষেত্ৰত ইন্ট্ৰোভাৰ্ট নেকি-? নহয়, বাকী সকলো কথাই খুলি কয়। এই দুটা বছৰে একেলগে কাম কৰি আমি বহুত কথাই পাতিছোঁ। ইজনে সিজনক ভালদৰে বুজি পোৱাও হৈছোঁ। এটা অলিখিত মানসিক সম্বন্ধই আমাক দুয়োকে বান্ধি ৰাখিছে। এই কথাখিনি কেৱল ময়েই অনুভৱ কৰোনে-? নে নীৰাইয়ো কিবা ভাবে-?মই যেন পাগল হৈ যাম। ক'ম ক'ম বুলি মনতে পাগুলি ৰখা কথাখিনি ক'ম বুলিয়েই আজি বুকুত সাহস বান্ধিছোঁ। মনৰ মাজত কঢ়িয়াই ফুৰা যন্ত্ৰণাবোৰৰ কথাবোৰ আজি তাইক ক'ম। তাইক জানিবলৈ দিম হৃদয়ৰ জ্বলি থকা জুই কুৰাৰ কথা। কিন্তু,মই দেখোন ঘামি উঠিছোঁ। ক'ব পাৰিম জানোঁ-? অৱশেষত পুনৰ সাহসী হ'বলৈ যত্ন কৰিলোঁ-ক'ৰপৰা আৰম্ভ কৰিম-? কেনেকৈ আৰম্ভ কৰিম-? কেনেকৈ ব্যক্ত কৰিলে ঠিকেই থাকিব-? বাৰে বাৰে আকৌ নিজকে সুধিছোঁ-মই বাৰু আমাৰ মাজৰ এনে এক অপূৰ্ব্ব সম্বন্ধক ধ্বংস কৰিবলৈ ওলাইছোঁ নেকি-? কিন্তু, ওলোটাই আকৌ ভাবিছোঁ-সময়, পৰিস্থিতিৰ লগত মোকামিলা কৰিয়েইতো মানুহ জীয়াই থাকিব লাগিব। মনে বিচৰাটোত ইমান হাঁহাকাৰ কিয়-? আকৌ প্ৰশ্ন-? মই বাৰু নিৰ্ল্লজভাৱে তাইৰ সৰল বিশ্বাসত আঘাট হানিবলৈ বিচৰা নাইতো-? অপৰাধৰ গ্লানিত বিধ্বস্ত হ'ব ধৰিছোঁ। মই মোকেই বুজাইছোঁ।মই যে অপূৰ্ণ ।মোক পূৰ্ণতা লাগে। মই অস্থিৰ।এই অস্থিৰতাৰ পৰা মোক মুক্তি লাগে। নীৰাই ইমানপৰে মোৰ অৱস্থাটোৰ বুজ লৈ আছেনে কি কৰিছে তাই মোলৈ এনেদৰে এক বুজা-নুবুজাৰ ভাৱেৰে চাই থাকি ক'লে কি ক'ব বিচাৰিছিলা কোৱা।
:- অস-! কি ক'ম বুলি কৈছিলোঁ, পাহৰিলোঁ। এক মিনিট ৰ'বা বুলি কৈ সি কিছু সময়ৰ বাবে অন্তৰ্ধান হ'ল। কিছু মুহূৰ্তৰ পিছত আহি তাইৰ হাতত এটুকুৰা কাগজ গুজি দিলে।মনৰ ভিতৰত গুজৰি থকা কথা কেইটা ক'ব নোৱাৰি লিখিয়েই দিলোঁ। জানো তুমি কি ভাবা।তাই পঢ়িব লওতেই সি ক'লে ইয়াত নহয়।তোমাৰ ৰূমলৈ গৈ পঢ়িবা। বাই বুলি বিদায় দি সি ততাতয়াকৈ গুছি আহিল। নীৰাই ৰূমলৈ আহিয়েই কাগজৰ টুকুৰাটো মেলি ল'লে –
মৰমৰ নীৰা,
তুমি কি ভাবা মই নাজানোঁ। তোমাৰ লগত আজি দুবছৰে ইমান নিবিড়ভাৱে কটালোঁ। তোমাক কিবা কথাত কষ্ট দিছো যদিও নাজানোঁ। মই অতদিনে ক'ম ক'ম বুলি ভাবি থকা কথাটোৰ তুমি কিবা অনুমান কৰিব পাৰিছানে নাই তাকো মই নাজানোঁ। তুমি আমাৰ দাম্পত্য জীৱনৰ সকলো কথাই জানা। কিন্তু, তোমাক দেখি হঠাতে মই তোমাৰ মাজত এনে কি বিচাৰি পালোঁ যাৰ বাবে মই অস্থিৰ হৈ পৰিলোঁ। লাজ-মান কাটি কৰি মুখফুটাই ক'ব নোৱাৰিলেও মোৰ মনৰ মাজত চলি থকা দন্দ্বৰ পৰিসমাপ্তি ঘটক বুলিয়ে আজি কাগজৰ টুকুৰাটোতে লিখি দিলোঁ। তোমাক এইখিনি কথা ক'ব নোৱাৰিলে মই হইতো জীৱনত শান্তি নাপাম। কি এই শক্তিশালী পোক, মই জনা নাছিলোঁ। সদায় চেষ্টা কৰো এনে ভাৱবোৰ মনৰ পৰা আঁতৰাই ৰাখিবলৈ। কিন্তু, মনত একুৰা জুই জ্বলি থাকে।তোমাৰ লগত হোৱা কথা বতৰাতেই নুমায় এই জুই।তুমি হয়তো বলিয়ালিৰ প্ৰলাপ বুলিয়েই ভাবিব পাৰা। যি ভাবা। মই একো বুজি নাপাওঁ। তোমাৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো এনেদৰে আহিব বুলও ভৱা নাছিলোঁ। তুমি যাবাগৈ এসোপা স্মৃতি লগত লৈ নে থৈ তাক মই নাজানোঁ। কিন্তু, এটাই জানো, মই জীৱনত ডাঙৰ কিবা এটা পালোঁ। তুমি বুজি পাইছা চাগে-! এৰো দিয়া। গৈ পালে ফোন কৰিবা।
ইতি
অৰূপ শইকীয়া
চুঙাজান
নীৰাৰ ট্ৰেন্সফাৰ অৰ্দাৰ আহিছে।তাই আজি যাবগৈ। সন্ধিয়াৰ বাছৰ টিকেট কটা আছে।তাই চিঠিখন জপাই থৈ শান্ত সমাহিত হৈ বহি পৰিল। লগুৱা হৰিয়ে তাইৰ লাগেজবোৰ উলিয়াই আনি বাহিৰত থলে।
:- বাইদেউ আপোনাৰ অ'টো আহিল। তলাটো মাৰি বাহিৰত দেখে গোটেইখন ধোঁৱাই নে কুঁৱলি একো নমনি।
No comments:
Post a Comment