কোন এই দাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

কোন এই দাস



কোন এই দাস ??? 


এন কে শৰ্মা 

গোলাঘাট


: কোন অ এইজন ? কোন ? কোন এই দাস ? বৰ মামা চেলাই আছ যে ? 


হঠাতে তাৰ ৰং উঠি আহিছিল। চাল্লা, একে মাক বাপেকৰ চাৰিটা সন্তান থকাৰ পিছত  এইজন আকৌ ক'ৰ পৰা টপকিল ? তিনিটা ককাই ভাই আৰু এজনী মাত্ৰ বাই/ভনী। ককায়েকৰ পিছতেই তাই আৰু সিহঁত দুয়ো সৰু ভাই।


সৌ সিদিনা মাথো বায়েকৰ একমাত্ৰ ছোৱালী জনীৰ জন্মদিন পাৰ হৈ গৈছিল। গৈ দেখিছিল ক'ৰবাৰ পৰা অহা সিহঁতৰ অচিনাকী এজন মানুহক ভাগিনীয়েকহঁতে মামা মামা কৰি মাতি আছে। তাকে দেখি খং উঠি গৈছিল। যেতিয়া দেখিছিল মোমায়েকে কেক আনি দিছে আৰু সেই কেক সেইজন মোমায়েকে দিয়া উপহাৰ বুলি গম পাই হতভম্ব হৈছিল। ক'ৰ পৰা টপকিল এইজন মোমায়েক ? 


তিনি চাৰিমাহমান আগতে এদিন বায়েকে লগ ধৰাত ভাইবোৱাৰীয়েকে বজাৰলৈ গৈছিল। বায়েকে হেনো বজাৰৰ পৰা কিছু প্ৰয়োজনীয় বস্তু কিনিব। তাই গৈ বজাৰ পালেগৈ। বায়েকক দেখা পাই তাই লাহেকৈ সুধিলে - 


: বাইদেউ, ভাগিন ছোৱালীজনী ক'লৈ গ'ল ? 


: চিন্তা কৰিব নালাগে তাই মোমায়েকৰ লগত আছে।


হঠাতে পিছফালৰ পৰা অহা মাতত ঘুৰি চাই দেখে এজন ক'লা ম'লা মানুহৰ লগত ভাগিনীয়েকে বজাৰত মুকলি মনেৰে ঘুৰি ফুৰি আছে।


খুদ মামীয়েকৰ মুখৰ আগত সেই অচিনাকী মানুহজনে নিজকে মোমায়েক বুলি চিনাকী দিয়াত তাই আচৰিত হৈ পৰিছিল। ক'ৰ পৰা টপকিল এইজন মোমায়েক ? ঘৰলৈ উভতি আহি যেতিয়া তাৰ আগত কথাষাৰ কৈছিল তেতিয়া খঙেই উঠি আহিছিল।

তাৰ পিছত দেখিবলৈ পাইছিল দেউতাকৰ সতে সেই মানুহজনে প্ৰায়েই বায়েকৰ ঘৰলৈ অহা যোৱা কৰিবলৈ লৈছিল। কি কথা। দেউতাকে সেই মানুহজনক বৰ পুত্ৰ মানি লৈছিল নেকি ? 


কিছুদিন পাৰ হোৱাৰ পিছত ভাগিন ছোৱালী জনীৰ জন্মদিন উপলক্ষ্যে গৈ যেতিয়া আকৌ সেই মানুহজনক সিহঁতৰ ঘৰত দেখা পাইছিল তেতিয়া আৰু সি ৰৈ থাকিব নোৱাৰিলে। সি বায়েকক সুধিয়েই পেলালে - 


: বাইদেউ , এইজন ক'ৰ মানুহ অ ? 


: থানাৰ পুলিচ। হাবিলদাৰ। ভিনিহিয়েৰৰ চিনাকি। ভিনিহিয়েৰৰ ককায়েকৰ লগতে চাকৰি কৰিছিল। এতিয়া এইখন থানাত চাকৰি কৰি আছে।


সি অনুমান কৰি চালে ভিনিহিয়েক চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দুবছৰ হ'ল। তাৰ ককায়েকে হয়তো সাত আঠ বছৰ আগতে অৱসৰ গ্ৰহণ কৰিছিল। এতিয়াও সি তাৰ লগৰ ! আৰু যদি ভিনিহিয়েকৰ লগৰ বন্ধু হয় তেন্তে পুতেক জীয়েকহঁতে সেইজনক দদাই , বৰদেউতা বা তাৱৈ নুবুলি মামা বোলাৰ অৰ্থ কি ? মামা কাক কয় ? সেই কথাও সিহঁতে নাজানে নে ? তই কি সিহঁতক শিকাব নোৱাৰ নেকি ? নে তোৰ চিনাকি কোনোবা ? আৰু যে কেনে ধৰণৰ কথা বতৰা তাৰ মনলৈ আহিছিল।


: অ, হিমন্ত মামাৰ পালি পহৰীয়াহে। সেইবাবে মামা।


গ'ল কথা গুচিল। কিন্তু মামীয়েকৰ চকুৰ আগতে বায়েক আৰু ভাগিনীয়েকক যেতিয়া সাৱতি ধৰি জন্ম দিনৰ শুভেচ্ছা জনাইছিল তেতিয়া মামীয়েকৰ মনটো কেনে লাগিছিল ? সেই কথা যেতিয়া নিজৰ মোমায়েকৰ কাণত পৰে তেতিয়া কথাই নাই।


এঘাৰ বছৰ সম্পূৰ্ণ হৈছিলহে মাথো। ভাগিনীয়েকৰ শান্তি বিয়া ওলাল। প্ৰথম দিনাৰ পৰা আৰম্ভ কৰি বিয়াৰ আগদিনালৈকে মানুহ মতা, বিয়াৰ বজাৰ কৰা, মাংস অনা, পেন্দেল বুক কৰা আদি কিমান কি যে কৰি ফুৰিব লগা হৈছে সিহঁতে। তথাপি নাম নাই। ইফালে বিয়াৰ যোগাৰ কৰিবলৈও সময় পোৱা নাই।


বিয়াৰ চাৰিদিন আগত যেনেতেনে যেনিবা মুগাৰ সাজ এযোৰ লৈ চিলাবলৈ দিলে। টকা পইচা হাতত নাই। ঘপককৰে বিয়াখন হ'ব বুলি ভৱা নাছিল। তথাপিও মোমায়েক যেতিয়া কিবা এটা দিব লাগিব।


বিয়াৰ দুদিন আগতেই বায়েকৰ সহায় হ'ব বুলি সি মাক পুতেক দুয়োকে বিয়া ঘৰত থৈ আহিছিল। বায়েক ভিনিহিয়েকে বসবাস কৰা গাঁওখন একেবাৰে ভিতৰুৱা। আদিবাসী, নেপালী আৰু বেংগলী মানুহেৰে ভৰি থকা গাঁওখনত দৰৱত লাগে বুলিলেও সিহঁতৰ বাদে আন কোনো নাই। গতিকে সহায় সহযোগ কৰিবলৈ মোমায়েহঁতৰ গাঁৱৰ মানুহখিনিহে আছে গৈ। 


অৱশেষত বিয়াৰ আগদিনা সি ছোৱালীজনীক লগত লৈ ভাগিনীয়েকৰ বিয়া খাবলৈ বাইকখন লৈ ওলাল। দূৰৈৰ আলহীবোৰো ট্ৰেইনেৰে আগদিনাখনেই আহিল। বিয়াঘৰত উদুলি মুদুলি। ভিতৰত ছোৱালীজনীক উপহাৰ দিবলৈ কোনে কি আনিছে চোৱা-চিতা কৰিবলৈ লৈছিল। কোঠাৰ ভিতৰত কেবাগৰাকীও মানুহ। মাক বাপেকে কাপোৰ বোৰ উলিয়াই কইনাই গা ধুই কোন যোৰ সলাব, ৰভা তলিত কোন যোৰ পিন্ধিব আদি আলোচনাত ব্যস্ত।


সেই সময়তে সি প্ৰৱেশ কৰিছিল।


: বুজিছে নাই, গা ধুই অহাৰ পিছত ৰভাতলত দাস দাই দিয়া এইযোৰ কাপোৰ পিন্ধাব লাগিব। নহ'লে দাস দাই বেয়া পাব। মোমায়েকে দঢ়াই দঢ়াই কৈ গৈছে।


সেইসময়তে তাৰ টিঙিচ কৰে খংটো উঠি আহিছিল।


: কোন অ এই দাস ? কোন মোমায়েক ? ক'ৰ হয় সি ? চাল্লা নিজৰ মোমায়েকে কষ্ট মষ্ট কৰি ভাগিনীয়েকলৈ আনি দিয়া কাপোৰ যোৰ ৰভাতলত নিপিন্ধাই এলেকৰ পেলেক চৈধ্য গোষ্ঠীৰ বেলেগ লোক এজনে দিয়া কাপোৰযোৰহে পিন্ধাব লাগিব নে ? হেৰৌ পিন্ধাবি, নিপিন্ধাবলৈ কোৱা নাই। কিন্তু মোমায়েকে দিয়া দামী মুগাৰ কাপোৰ যোৰতকৈ তোৰ বাবে দাস দাই দিয়া কাপোৰযোৰহে বেছি পছন্দ হ'ল কিয় ? 


: ভিনিহিয়েৰৰ ককায়েকৰ লগতে চাকৰি কৰিছিল আৰু এতিয়া এইখন থানাৰ হাবিলদাৰ । যোৱা এমাহ ধৰি সি কম কষ্ট কৰিছেনে ? 


বিয়া হোৱা দিনাৰে পৰা সিহঁতৰ পৰিয়ালটোৱে ইটো সিটো নকৰাহেঁতেন আজি এইটো পৰ্যায় নাপালেগৈহেঁতেন। বেচেৰীজনীলৈ বেয়াই লাগে। এতিয়া নিজৰ ককায়েক ভায়েকহঁততকৈ দাস হে আপোন হৈ পৰিল। সি হে তাৰ ভাগিনীয়েকহঁতৰ বাবে মোমায়েক হৈ পৰিল। এনে স্বাৰ্থপৰ লোভীয়া জীৱ নহয় এইবোৰ। কেইটামান দামী দামী উপহাৰ পাবৰ বাবে কিমান কি যে নকৰে। পিছে সেইজন মোমায়েকৰ পৰিয়ালৰ মানুহবোৰক বিয়ালৈ নিমন্ত্ৰণ দিলে নে নাই বা। নে মামীয়েকে গমেই নাপায় মোমায়েকৰ যে বায়েক আৰু ভাগিনীয়েক দুটাও আছে। এইবোৰ সচৰাচৰতে পুলিচ বিভাগৰ মানুহবোৰৰ মাজত বেছি দেখা যায়, যাক সি অলপো ভাল নাপায়। পুলিচ বুলিলে তাৰ এলাৰ্জি হয়। তাতে আকৌ তাৰ বাপেকৰ চৈধ্য গোষ্ঠীৰ আঁতৰৰ পুতেক। কেনেকৈ সহ্য কৰে। নিজৰ বায়েকৰ মুখত এনে কথা শুনি সি আৰু ৰৈ নাথাকিল। হুৰহুৰাই কোঠাটোৰ পৰা ওলাই আহি বাইকখন লৈ ঘৰলৈ উভতি আহিছিল।


ঘৰলৈ উভতি আহি খঙতে কি কৰো কি নকৰোঁ হৈ অকলে অকলে বহি কথাবোৰ ভাৱিবলৈ লৈছিল। সি ৰন্ধা বঢ়া নকৰি ঠাণ্ডা পানী এগিলাচকে খাই শুই পৰিছিল। কিয়নো, ঘৰখনত আন কোনো নাছিল।


পিছদিনাখন ৰাতিপুৱা কি কৰিব কি নকৰিব ভাৱি পোৱা নাছিল। যিমানে খং উঠি আহিছিল সিমানে জুইকুৰাই অসুবিধা দিবলৈ লৈছিল। অৱশেষত ৰন্ধা মেলা বাদ দি বয়ামত ভৰাই থোৱা সান্দহ গুৰি কেইটামান বাতি এটাত উলিয়াই লৈ ঠাণ্ডা পানীকে এগিলাচ ঢালি লৈ কেইগৰাহমান খাই ল'লে। বিয়া ঘৰলৈ নগ'লেও নিজে নিমন্ত্ৰণ কৰি থৈ অহা আলহীবোৰ আহিলে আকৌ তাৰ কথাই সুধিব। সি নাই অহা নেকি ? ক'লৈ গ'ল সি ? কিয় নাই অহা ? গতিকে কথা নাবাঢ়ক বুলি এৰা ধৰাৰ মাজেৰে বিয়াখন পাৰ হৈ যাওক বুলি অলপমান দেৰিকৈ হ'লেও বিয়া ঘৰলৈ ৰাওনা হৈছিল।


সুকলমে পাৰ হৈছিল সকলো। বাইদেউৱেকৰ মুখ গোমা হৈ পৰিছিল যদিও ভালদৰেই মাতবোল কৰিছিল। সি জেং কৰিবলৈ ইচ্ছা নকৰিলে। ভিনিহিয়েকক লগত লৈ ইটো সিটো আনিবলৈ বাইকেৰে ইফালে সিফালে সময়মতে যাব লগা হৈছে। ভাগিন ল'ৰাৰ সৈতেও অহা যোৱা কৰিব লগা হৈছে। মুঠতে বায়েকে বেয়া পালেও সি নোযোৱাহ'লে বিয়াঘৰত অলপ হ'লেও অসুবিধা ভোগ কৰিব লগা হ'লহেঁতেন।


ভাগিনীয়েকৰ কিন্তু নিজৰ  মোমায়েকে দিয়া মুগাৰ কাপোৰযোৰহে পছন্দ হ'ল। গা ধুওৱাৰ পাছতে দুযোৰমান কাপোৰ পিন্ধাই সলোৱা মেলা কৰিলে। তাৰ পিছত সি দিয়া মুগাৰ সাজ পিন্ধি ৰভাতলত বহিলে। সঁচাই ধুনীয়া লাগিছিল তাইক। মাকে ভিতৰি ভিতৰি যিয়েই নাভাৱক জীয়েকে কিন্তু অনাদৰ কৰা নাছিল। সোণৰ আ অলংকাৰ আদি দিবলৈ মোমায়েকৰ ইমানো ধন নাই। মামীয়েকৰ ডিঙিলৈ চালেই তাই অনুভৱ কৰিব পাৰে। গতিকে যি বস্তু মোমায়েকে নিজৰ ঘৈণীয়েকক অৰ্থাৎ মামীয়েকক দিব পৰা নাই সেই বস্তু ভাগিনীয়েকক ক'ৰ পৰা দিব। মাকৰ মতে হয়তো ইয়াতকৈ দামী কিবা এটা দিব লাগিছিল।


বিয়াঘৰত দাসৰ উপস্থিতি ক'তো দেখা পোৱা নগ'ল। ৰাতি দহ বজালৈকে বিয়াঘৰতে ব্যস্ত হৈ থকাৰ পিছত সপৰিয়ালে ঘৰলৈ উভতি আহিছিল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages