বʼহাগ
জ্যোৎস্না ৰানী বেগম
সেই যে কুলিজনী ময়েই
ওঁঠত বাঁহী লৈ সুঁহুৰি বজাই
সেউজীয়া পাতত লুকাই
তোমাৰ প্ৰেমত মতলীয়া হৈ
যেতিয়া -
দীঘলকৈ খোজ দি
ছাঁ হৈ বলিছে
বʼহাগৰ প্ৰথমজাক ধুমুহা
মোৰ পদূলিৰ স্থল পদ্মা ফুলে
পিতাই ৰুই থোৱা বকুল ফুল সৰে
গোন্ধতে আমোল-মোল কৰে
গৰু বিহুৰ দিনাই ব’হাগ ফুৰিছে
লঠঙা গছত কপৌ ফুল ফুলিছে
তুমি আহিবা কোন বাটে
নৈৰ ঘাটত এক আঠু পানী
নাও বান্ধিব সাউদৰ পুতেকে
সেই বাটে নাহিবা তুমি
আওকলীয়া হাবি কাটি
আহিবা পোনাই বৰগছৰ ছাঁত জিৰাই
পিতাই দিছিলে জীৱনৰ ৰং সানি
আয়ে দিছিলে জীৱনৰ সপোন
বʼহাগৰ প্ৰথমজাক বৰষুণত
চপ চপা পানী কাটি
মেকুৰী খুজীয়া খোজে
কাৱৈ গৰৈ নেজ হৈ বগাই
বৰ পুখুৰী পাৰ হয়
কাছজনী হৈ ওঁঠত অমৃত
আনি দিয়ে বʼহাগৰ ৰং বিলাই
চ'তৰ শেষত পলাশ শিমলু
মাটিত বাগৰি বিনাই
সেউজীয়া পাতত আসন পাতি
কুলিজনীয়ে ইনাই-বিনাই
দিহিং নৈখনো আজি ৰঙে ৰঙীয়াল
তুমি নাহিলে বʼহাগ বুকুলৈ উজাই
তুমি আহিবা এক যোজনৰ বাট আগুৱাই
দুয়ো কথা হ’ম বৰগছৰ শিপাত বহি
বৰদৈচিলা জনী আহে যদি হৰ্থাতে
নোৱাৰে আঁতৰাব আমাৰ চেনেহৰ এনাজৰী ।।
No comments:
Post a Comment