কুলিয়ে আনিলে বসন্তৰ বতৰা....
ৰূপালী মেধী নাথ
ডিব্ৰুগড়
ফাগুনৰ পছোৱা জাক গুচি গ'ল...
লঠঙা বিৰিখে ৰৈ আছে
এজাক হেঁপাহৰ বৰষুণলৈ....
যাৰ পৰশত ন কুঁহি পাতেৰে জীপাল হৈ পৰে প্ৰকৃতি…...
এখুজি দুখুজিকৈ বসন্তৰ বতৰা লৈ আগমন হয় বৰদৈচিলাৰ....
যেন বিহুলৈ বেছি দিন নাই !
গছৰ ডালে ডালে কুলি কেতেকীৰ বিননি
কপৌ, ভাটৌ, কাঞ্চন, আদি নানাৰঙী ফুল ফুলি পৰিৱেশ ৰাঙলী হৈ পৰে....
প্ৰকৃতিৰ জীপাল পৰশত ৰাইজাই কৰে
উতনুৱা ডেকা গাভৰুৰ মন....
জীয়ৰী-বোৱাৰীয়ে মৰমৰ দীঘ আৰু চেনেহৰ বানীৰে চেনাইলৈ
বুলি
তাঁতশালত হেঁপাহৰ বিহুৱান জোৰে...
নৈৰ পাৰত বহি
ঢোলত চাপৰ মাৰি ঢুলীয়া, বিহুৱাই ৰঙালীক আদৰাৰ চলায় প্ৰস্তুতি ...।।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment