হায়! মানৱতা তুমি ক'তনো হেৰাল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

হায়! মানৱতা তুমি ক'তনো হেৰাল

 


হায়! মানৱতা তুমি ক'তনো হেৰাল ?


                                                   জাগৃতি কামান

                                              কটন বিশ্ববিদ্যালয়


চৌদিশে মহাৰণ, চৌদিশে কোলাহল 

এফালে অন্যায়ৰ প্ৰতিবাদ,

আনফালে নিমাত নিতাল


ছিৰিয়াৰ পিছত আকৌ যুদ্ধবিধ্বস্ত 

আন এখন দেশ


চৌদিশে যুদ্ধৰ দাবানল

এক অনাকাংক্ষিত পৰিৱেশ 

উপ! গাজাৰ আকাশ আজি ধোৱাময়

দিন-ৰাতি গুলী বোমাবৰ্ষণৰ শব্দ 


অনাহাৰে পাৰ কৰিছে অনাথ শিশুবোৰ

পেলেষ্টাইন আজি মৰিশালি হৈ পৰিছে 

চৌদিশে তাত আজি কেৱল মৃত্যুৰ তাণ্ডৱ

খহি পৰা অট্টালিকাৰ টুকুৰাৰ মাজৰ পৰা 

উদ্ধাৰ হৈছে মানুহৰ মৃতদেহ 


তাতোকৈ যুদ্ধ বন্দী নাৰীবোৰ আজি ধৰ্ষিত লাঞ্চিত


হায়! মানৱতা তুমি ক'তনো হেৰাল ?


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages