মনোকথন
লখিমী নেওগ
শিৱসাগৰ
আন্ধাৰে থেকেচা মোৰ বুকুৰ
ৰাতি নুপুওৱা ৰাতিটোত চহোৱা অফলা মৰম
কেৱল মনোকথন
অথচ
ৰ’দত শুকাই মৰা বেলিটোতকৈও শুকান
মনোকথন……
এজাক বৰষুণ কৰাল বান্ধিছে
মোৰ খিৰিকীমুখৰ জোনটো ধুনীয়া নহয়
ঘা ঢাকি নিৰ্ঘূণকৈ মৰা হাঁহিৰ ফাঁকেৰে
কান্দি উঠা জীয়া জোনটোহে
মোৰ খিৰিকীত ওলমি ৰয়
কোনবোৰ কথা চহাবলৈ এৰিলে
চকুৱে চকুৱে নলগা ৰাতি এটা হেৰাই
জনাই যাব মোক……
No comments:
Post a Comment