উপেক্ষাৰ অন্ত পেলাই
তুমি যিদিনা আহিবা…
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
মোৰ শত হুমুনিয়াহ গৰকি
ধূলিস্যাত কৰি সপোনবোৰ
তুমি হেৰাই যাব ধৰিছা ক্ৰমশঃ
অভিমানৰ ডেউকা ভাঙি...।
আপোনত্বৰ শিকলি চিঙি
তুমি মুক্ত হব খুজিছা
আপুনমনে বিচৰণ কৰিব বিচাৰিছা
জীৱন বাটৰ কেকুৰী।
বাধা দি নকৰোঁ অপৰাধ
নাৰাখো জোৰকৈ তোমাক
সাহস হোৱা বুলি মোৰ কঠিন পথৰ
মাথোঁ নিজক সুধা
প্ৰয়োজন আছিলনে এই অভিনয়ৰ!
যি বাটে হেৰাই গলে নেদেখি শৰৎ
নুফুলে শেৱালি, অষ্টমিত সুৰুজৰ আহ জাহ কেৱল যত
তাত বিচাৰি পাবাগৈনে
ভালপোৱাৰ অপূৰ্ব ৰং?
মোৰ অপূৰ্ণ ভালপোৱাক সাক্ষী কৰি
শপত দিবটো নোৱাৰিলা কোনোদিনে
এৰি নাযাওঁ কৈও অকলশৰীয়া কৰা প্ৰতিদিনে
তথাপি অবুজ মোৰ মন, আত্মা
বাট চাই ৰও
তুমি অহা বাটলৈকে।
সঁচাকৈ তুমি মোৰ প্ৰতি উপেক্ষাৰ অন্ত পেলাই
উভতি আহিব বিচাৰিলে
আদৰি লব পাৰিমনে মই কুনুকালে
উত্তৰ শূণ্য এই উদং কলিজাত
য'ত তোমাৰ বাবেই হেঁপাহ বোৰ জীয়াই আছিল অতদিনে।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment