বসন্ত
ৰিজু মণি বৰা
নগাঁও
নাহৰৰ পাতে পাতে
এদিন সেউজীয়া হৈ আহিব
তেওঁ আমাৰ হিয়াৰ মাজলৈ,
তেওঁৰ উপস্থিতিত ঢেঁকীৰ মাতত
ৰান্ধনীৰ আখলত সপোনবোৰে হাঁহিব
তাঁতশালত শিপিনীয়ে আৱেগৰ বুটা বাচিব।
তেওঁ আহি আমাৰ পদূলিত এপাক নাচিলে
মুঠি মুঠি কৈ হেঁপাহবোৰে
কপৌফুল হৈ নাচনীৰ খোপাত ফুলিব।
ৰ'দ এচেৰেঙাই নাচনীৰ ওঁঠত
বৰ্হমথুৰিৰ ৰঙা ৰং হৈ জিলিকিব,
কুলি কেতেকীৰ অমিয়া মাতত
বুকুৰ উপত্যকাত মৰমবোৰে
ছাংঘৰ সাজিব।
হৃদয়ৰ পথাৰখনৰ উৰ্বৰতা বাঢ়ি
লহপহকৈ আলফুলীয়া আশাবোৰে
দুহাতত জেতুকাৰ ৰং হৈ নাচিব,
তেওঁৰ আগমনে আমাৰ মনলৈ
ৰঙিলী হৈ ব'হাগ আহিব।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment