জীৱনৰ গান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

জীৱনৰ গান

 


জীৱনৰ গান


                          সুৰজিৎ ভূঞা

                 মেটুৱাকুছি, বৰপেটা


শুকুলা আকাশে আশাৰ বতৰা দি যায়

জীৱনৰ মহাযুদ্ধৰ সেনানী হ'বলৈ।


জীৱনৰ গান এটা সুহুৰি মাৰি

গাই যাওঁ জীৱনৰ শেষ বেলালৈ।


আলোকৰ গীত জুৰে শুকুলা চৰাইজাকে

ডেউকা কোৱাই মহাযুদ্ধৰ জাননী দিয়ে

জীৱনক জীৱনৰ বাবে।


ফুলবোৰৰ মৃত্যু হৈ সৰি পৰে 

জীৱন মহাযুদ্ধৰ শত সহস্ৰ আঘাতৰ মৃত্যুৰ ৰণস্থলীত।


মানুহবোৰ মৰি মৰি জী উঠে

জীৱনৰ গান এটা সুহুৰি মাৰি

মানুহবোৰ মৰি যায় 

জীৱনৰ মহাযুদ্ধৰ ক্ষত বিক্ষত আঘাতত।


আধৰুৱা হৈ ৰৈ যায়

বহু গান এটা জনমৰ।


Doksiri দকচিৰি, মে, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages