কুলি কেতেকী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

কুলি কেতেকী

 


কুলি কেতেকী


                    দিলীপ কমান


কুলি কেতেকীৰ মিঠা মাত

বসন্ত ঋতুৰে সুৰীয়া গীত

বহাগৰে নাচনী

বৰদৈচিলা বতাহ জাক

ঢোল পেঁপা গগনা

তোৰে মোৰে লগৰী

তুমি দিয়া মৰমকণ

হিয়াৰে কলিজা

বহাগৰ বতৰত

কুলি কেতেকীয়ে বিনাব

বসন্ত হেৰাই যোৱা মানে

কুলি কেতেকীৰ মাত হেৰাব

বহু দিনীয়া মৰমবোৰ

অতীত হৈ পাহৰণিৰ  গৰ্ভত

বিলীন হৈ যাব

মৰমৰ স্মৃতি বোৰ

চিৰ প্ৰৱাহ চিৰ যুগমীয়া

হৈ ৰৱ।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages