বন্ধু
অনুপম শৰ্মা
ভবাই নাছিলোঁ তুমি,
বন্ধু হঠাতে হেৰাই যাবা বুলি।
আঁতৰি গলা
বহুদূৰলৈ,হাতেৰে ঢুকি নোপোৱা
অজান দেশলৈ।
আজি হাঁহিবোৰ শিল হ'ল
দুচকুৰ পতাত মাথোঁ চকুলো।
বন্ধু
তুমি আনতকৈ সদায়
বিশেষ মোৰ বাবে।
সুখ দুখৰ সকলো সময়তে
তুমি আগবাঢ়ি আহা।
ওৰেটো জীৱন আনক দি গলা
সাহস আৰু প্ৰেৰণা।
কেতিয়াবা মন যায়
ভগৱানক প্ৰশ্ন কৰিবলৈ
সুন্দৰ মনৰ গৰাকীক
কিয় লৈ যায় তেওৰ ওচৰলৈ।
নিয়তিৰ নিষ্ঠুৰ নিৰ্দেশত
তুমি আজি অতীত হলা বন্ধু।
কিন্তু তুমি আমাৰ মনৰ মাজত
সদায়েই থাকিবা
এটি উজ্বল নক্ষত্ৰ হৈ ।
এই মৃত্যু শিল্প হ'ব নোৱাৰে বন্ধু....।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment