চেনাই ধন মোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

চেনাই ধন মোৰ



চেনাই ধন মোৰ


                    শিৱ প্ৰসাদ ৰাভা হাদু

                 ছাটাবাৰী, গোৱালপাৰা



বিহুৰে বতৰত চেনাই ধন আঁতৰত

ৰ’ লাগি চাই থাকো দূৰৈৰ আলিবাটত,

আহিম আহিম বুলিও আহিব নোৱাৰি 

মোৰ কাষলৈ মোৰ চেনাই ধন মিলিটাৰী৷

ৰৈ আছোঁ মই তোমালৈ বাট চাই

আহি পালেই হিয়া উজাৰি দিম চেনাই,

তোমালৈ বৈ থোৱা মৰমৰ দীঘবাণিৰে 

বোৱা বিহুৱানখনি,

তুমি আহি নোপোৱালৈকে চেনাই

লৰচৰ নকৰোঁ এক ইঞ্চি ইফালসিফাল,

হেজাৰ বাধা-বিঘিণি,ৰ’দ- বতাহক-বৰষুণ

আহিলেও নকৰোঁ পৰৱানা৷ 

চেনাই তুমি যে মোৰ হিয়াৰ প্ৰাণৰো প্ৰাণৰ

তুমি বিনে মোৰ জীৱন অপূৰ্ণ,

সৌৱা আহিছে ৰেলগাড়ী শুনিছোঁ উকি 

দূৰৈত ঝক ঝক ধ্বনি প্ৰতিধ্বনি

মোলৈ আনিব গলধন,গামখাৰু আৰু এবুকু মৰম

চেনাই ধন মোৰ প্ৰাণৰো প্ৰাণৰ৷


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages