তাই নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

তাই নাৰী

 


তাই নাৰী


                 ববিতা দাস

                  তামুলপুৰ


হাজাৰ ধুমুহাটো ভাঙি নপৰে

তাই নাৰী


বুকুৰ কোলাহল বুকুতে লুকাই নীৰৱে জীৱনৰ বাট বুলি থাকে

তাই নাৰী


আপোন বোৰক সুখী কৰি তুলিবলৈ

আপোন বোৰৰ প্ৰতিটো ওজৰ আপত্তি পূৰাবলৈ 

নিজক হেৰুৱাই থাকে

তাই নাৰী


কেতিয়াবা তাই বোবা কেতিয়াবা কলা-কণা

তাই জানে জীৱন জীয়াই থকাৰ কলা কৌশল 

তাই নাৰী


আঘাত পালেও 

নকৰে সহজতে প্রত্যাঘাত

লুকাই হাঁহিব জানে

জানে কান্দিবোও

মনে চুই থাকে আকাশ

তাই অৰ্ধ আকাশ

তাৰপিছতো

শিপাৰে খামুচি ধৰি থাকে মাটি

তাই নাৰী

তাই নাপাহৰে

তাই গতি।।


নাৰী এক বোৱতী নদী 

তাই শান্ত 

তাই মৌন ।।

ধৈৰ্যই  সীমা পাৰ নকৰালৈকে


পাৰ কৰিলে

তাইৰ বুকু খহাই নামি আহিব বান

নিমিষতে খহি পাৰিব 

পৃথিৱীৰ সমস্ত আৱৰ্জনা 

তাই নাৰী


বুকুত বৈ থাকে বিশাল নদী ।।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages