মই কেতেকী
ভূমিকা দাস
ফাগুনত তৰাং, উদং
বসন্তত সেউজীয়া
প্ৰকৃতি ৰূপহী গাভৰু মোহনীয়া তুমি
কুলিৰ কু..উ …কু…উ…
কেতেকীৰো কি যে হিয়াভগা বিননি …
মই কেতেকী …..
নিজম ৰাতি ভাঁহি আহে ঢোলৰ গুমগুমনি
পেঁপাৰ তিহিঁতি..
উশাহৰ টিপতে গগণা বাজিলে
টি-টেও টি টেও …
ব'হাগ যে আহিবই
কিনো ব'হাগৰ বিহু পাতিবি
বিহু দেখোন চহৰীয়া হ'ল ..
বিহুৰ প্ৰাণকেন্দ্ৰ আছিল নো ক'ত
নগৰত নে গাঁৱত
গাৱঁত …
সেই গাৱঁতো ভাল ঢুলীয়া নোহোৱা হ'ল
ঘৰে ঘৰে হুঁচৰি গাবলৈ পাহোৱাল ডেকাৰো যে
কত অভাৱ
মনৰ পদূলিলে ব'হাগ আহি ৰিঙিয়াইছে
আহ ঐ তৰাদৈ
এইবেলি গছৰ তলতে নৈৰ পাৰতে
গৰুক গা ধুওৱাওতে
হুঁচৰি গাই গাই বিহু নাচি নাচিম দেই নাহৰ…
বৰ বিহুৱা আৰু বৰ বিহুৱতীক লগতে
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment