ৰাতিৰ আন্ধাৰত তৰাবোৰ জিলিকিবই
অনুপমা ৰাজখোৱা
কলিয়াবৰ, নগাওঁ
কাৰোবাৰ চকুত যদি তুমি বেয়া
নিজৰ মাজতে তোমাক বিচৰা
তুমি ভালনে বেয়া আনে কব
নালাগে ভালনে বেয়া নিজকে শুধা
সৰা শুকান পাতত খোজ
পেলাওঁতে শব্দৰ খলকনি হয়,
শুদ্ধ পথেৰে আগবাঢ়ি গলে
সমালোচনাৰ সৃষ্টি হয়।
কৰিম বুলি ভাবিলে
সকলো কৰিব পাৰি
চেষ্টাৰ অসাধ্য একোৱেই নাই,
জনা কামতো নোৱাৰো বুলি কলে
জানি একোৱেই লাভ নাই।
আনৰ দোষবোৰ আঙুলিয়াই
থকাতকৈ নিজৰ দোষবোৰনো কি
চালিজাৰি চোৱা,
ভাল বুলি ভাবিলে সকলোবোৰ
ভাল নিজে এবাৰ ভাবি চোৱা।
কাইটেৰে ভৰা দলিচাখনৰ
ওপৰেৰে এখোজ দুখোজকৈ
আগবাঢ়ি যোৱা,
যোনে কৰে সমালোচনা কৰিব
দিয়ানা
পিচলৈ তুমি কেতিয়াও
ঘূৰি নাচাবা,
এটাই জানিবা ৰাতিৰ আন্ধাৰত তৰাবোৰ জিলিকিবই।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment