পুৰণি পুতলা
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
ৰাতিয়ে সপোনৰ বাট কাটি থাকিলেও
টোপনিতে বিৰবিৰাই থকা কথা শিপাবলৈ মাটি নালাগে।
ৰাতিক কেনেকৈ বিশ্বাস কৰিবা
কথাবোৰক সজাই-পৰাই
আন্ধাৰৰ বুকুত উৰায়
মিছাগজালি লতা।
কথাবোৰ এনেকুৱা
কিবা এটাই আমাক খুলি খাইথকাটো
মুখখুলি কৈ দিব পৰা নাই
সোঁত নথকা ৰাতিৰ নদীত
উটুৱাই দিব নোৱৰা কথাবোৰ
ওপঙি ওপৰমুৱা।
বোধৰ অদৃশ্য আঙুলিবোৰে
হেঁচি খুলি দিলে
বিবেকৰ মুখ্য-দ্বাৰ
সজাগ ৰাইজৰ ৰায়
সকলোবোৰ মিছা !
নতুন পোহাৰ মেলি
তৰিছে পাল
অন্তৰ্দৃষ্টিৰে ঢুকি নোপোৱা
বাটেৰে গৈ থকা
মলিন বাটৰুৱা
"বাটতকৈ বতৰা বেছি"।
সময়ে সুধিলে
কিবা দেখিলানে, কি বুজিলা ?
দি কাঢ়ি নিয়া আৱেগৰ আঙুলিত
গজি উঠা গধূলিগোপালত
লিখি থোৱা আছে
আন্ধাৰৰ পৰা পোহৰলৈ অহা
এটা বাটৰ পাঠ
নিত্য দিনৰ ৰুক্ষ বাস্তৱ
আওৰোৱাৰ অভাৱ।
সেয়ে
কাহানিও আমি সময়ক দিব নোৱাৰিম
এটা শুদ্ধ উত্তৰ
আৰু আমাৰ ঘৰবোৰ ভৰি পৰিছে
পুৰণি পুতলাৰে।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment