আকৌ এবাৰ যদি শিশু হওঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, May 1, 2024

আকৌ এবাৰ যদি শিশু হওঁ

 


আকৌ এবাৰ যদি শিশু হওঁ


                                           ৰৌচন আলি


আকৌ এবাৰ যদি শিশু হওঁ

আইৰ গৰ্ভত থিতাপি লোৱাৰ পৰাই

হিচাপ কৰিম জীৱনৰ বয়স।


বয়সবোৰ মানুহে ফাকি দিয়ে

বয়সৰ পৰা মানুহে বিয়োগ কৰে

দহ মাহ দহ দিন


গৰ্ভতেই আৰম্ভ হোৱা জীৱন এটাৰ বয়স

মানুহে হিচাপ কৰে 

ভূমিষ্ঠ হোৱাৰ পৰা...


আয়ে গৰ্ভত ভ্ৰুণ এটা থিতাপি দি 

গণনা কৰিছিল বুকুত পোখাই থকা

শূন্য এটাৰ ভিতৰত থকা শূন্যবোৰ।


মানুহবোৰ এতিয়া হেনো বয়সতকৈ

এঢাপ আগবঢ়া


 আকৌ এবাৰ যদি শিশু হওঁ

আইৰ গৰ্ভতে আওৰাম

জীৱনৰ হিচাপ-নিকাচত আউল নলগাকৈ

পাটীগণিতৰ নেওতা

আইৰ গৰ্ভতে শিকিম

মানুহ হোৱাৰ আদিপাঠ


মুকলি পৃথিৱীত মানুহ হ'ব পৰাকৈ

শিকিবলৈ একো নাই


সেয়ে আমি মানুহবোৰে মানুহ বুলি 

বাৰে-বাৰে প্ৰমাণ কৰিবলগীয়া হয় নিজক।


জন্তুবোৰে জানে

গৰ্ভত থাকোঁতেও সিহঁত জন্তুৰ পোৱালি

ভূমিষ্ঠ হৈও সিহঁত জন্তুৰ পোৱালি

ডাঙৰ হৈও সিহঁত জন্তুৰেই পোৱালি।


মানুহবোৰ গৰ্ভত থাকোঁতে মানুহৰ পোৱালি হয়

কিন্তু ভূমিষ্ঠ হোৱাৰ পাছত

কিছুমান মানুহ হয়, কিছুমান হয় অমানুহ।


জন্তুবোৰ অজন্তু নহয়

গৰুৰ গৰ্ভৰ পৰা কেতিয়াও জন্ম হোৱা নাই

 অগৰু

বাঘৰ গৰ্ভৰ পৰা কেতিয়াও জন্ম হোৱা নাই

 অবাঘ।


আকৌ এবাৰ যদি শিশু হওঁ

আইৰ গৰ্ভতেই মানুহ হ'ম

আইৰ গৰ্ভৰপৰাই মানুহৰ পৃথিৱীখন চাম

আইৰ গৰ্ভৰপৰাই হিচাপ কৰিম বয়স।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages