সামাজিক দায়বদ্ধতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, May 1, 2024

সামাজিক দায়বদ্ধতা



 সামাজিক দায়বদ্ধতা


ৰাতুল চন্দ্ৰ গোস্বামী


   যিকোনো কাম কৰিবলৈ সবাতকৈ প্রয়োজনীয় কথাতো হ'ল দায়বদ্ধতা। কামৰ প্ৰকাৰ যিয়েই নহওক কিয়, কামটোৰ প্রতি চুড়ান্ত প্রেম, একাত্মতা আৰু চৰম আনন্দপ্রাপ্তিতা নাথাকিলে কোনো কামত মানুহ কৃতকার্য হ'ব নোৱাৰে। দায়িত্ববোধৰ সৈতে এইবোৰ অঙ্গাঙ্গীভাবে জড়িত। সৎ কামৰ কথা নকলোবেই যেনিবা, চোবে চুব কৰিবলৈও দায়িত্ববোধৰ প্রয়োজন।

    সাধনাৰ অন্তঃস্থলত বিশুদ্ধতা প্রমাণিত হয় তেতিয়া, যেতিয়া সাধক গৰাকীৰ কৰ্মৰাজীয়ে জনগণৰ কেনে কামত আহে তাৰ বিশ্লেষণ কৰা হয়। আত্মঘোষিত উদ্দেশ্যৰে সৎ-অসৎ অথবা সঠিক-বেঠিকতাৰ নিৰ্ণয় কৰাটো সম্ভৱ নহয়। বিশ্বৰ সমস্ত জগতখনক নতুন পুৰুষে এনে দৃষ্টিভংগীৰেই পুনৰ বিশ্লেষণ কৰাটো অতিশয় জৰুৰী হৈ পৰিছে। "সমাজক প্রকৃত সাংস্কৃতিক জীবন বিকাশ কৰিবলৈ দিবলৈ হ’লে, সেই সমাজৰ ভিতৰত থকা সকলো প্ৰকাৰৰ সংস্কৃতি বিৰোধী কথাৰ সমাধান হ’ব লাগিব।" জ্যোতিপ্রসাদে কোৱা এই মর্ম কথাক সামাজিক কাম কৰো বুলি ভবা প্রতিজন লোকে বিশ্লেষণ কৰা উচিত। কিয়নো সামাজিক কাম কৰাৰ প্ৰতি থকা সুতীব্র বাসনাৰ ফলত আমি নিজে কৰিছো আত্মঘাতী হ’ব পৰা অজস্র কাম। মানুহ যিহেতু সামাজিক জীৱ গতিকে সামাজিক কাম কৰাৰ প্রতি বাসনা থকাটো সস্বাভাৱিক। কিন্তু সেই বাসনাই একমাত্র কথা নহয়। বাসনা বা ইচ্ছাৰ তাগিদাত কৰা কাম সাধাৰণতে ক্ষণস্থায়ী আনহাতে প্রয়োজনৰ বাবে কৰা কাম স্থায়ী ৰূপত প্রতিভাত হয়। বাসনাৰ তাগিদাত কিছু দিনৰ বাবে অতি সমাজকর্মী ৰূপে প্রতিভাত বেছিভাগ লোক কিছু দিনৰ পিছতে চৰম ব্যক্তিকেন্দ্রিক হৈ পৰে। সেইবাবেই দায়বদ্ধতানো কি, সামাজিক দায়িত্ববোধ নো কি, আদিৰ বৈজ্ঞানিক বিশ্লেষণৰ প্রয়োজন আছে।


  আমাৰ দেশৰ অর্থনৈতিক চৰিত্ৰৰ আধাৰত দায়িত্ববোধ সর্ম্পকে সুক্ষ্ম বিশ্লেষণ কৰিলে দেখা যায়যে-ই দুই ধৰণৰ। (ক) ব্যক্তিগত দায়বদ্ধতা (খ) সামাজিক দায়বদ্ধতা। আকৌ ব্যক্তিগত দায়বদ্ধতাও দুই ধৰণৰ সুষ্ঠ ব্যক্তিগত দায়বদ্ধতা আৰু অসুষ্ঠ ব্যক্তিগত দায়বদ্ধতা। যি ব্যক্তিগত দায়বদ্ধতা কেবল নিজৰ বেংক বেলেঞ্চ, প্রতিপত্তি, সা-সম্পত্তিৰ মাজতেই সীমাবদ্ধ তেনে দায়বদ্ধতা অসুষ্ঠ দায়বদ্ধতা আনহাতে যি দায়বদ্ধতাই ধন- সম্পত্তি, পার্থিব বিলাস-বৈভৱ এৰি জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কচৰৎ কৰে আৰু প্ৰজ্ঞাৰ সাধনাত নিমগ্ন হয়, তেনে দায়বদ্ধতাই সুস্থ ব্যক্তিগত দায়বদ্ধতা। তেনে সুষ্ঠ দায়বদ্ধ লোকে নিজৰ লগতে সমাজৰ আনলোক সকলৰো মানসিক, বৌদ্ধিক, বিকাশৰ ক্ষেত্ৰত আগভাগ লয়। আনহাতে সামাজিক দায়বদ্ধতাও একে ধৰণেই দুই ভাগত বিভক্ত। যি সামাজিক দায়বদ্ধতা প্রগতিশীল চিন্তাৰে সমৃদ্ধ, গৰিষ্ঠ সংখ্যক জনগণৰ প্ৰকৃতাৰ্থত কল্যাণ সাধনৰ সাধনাত ব্রতী সি সুষ্ঠ আৰু যি ৰক্ষণশীলতাৰ বেহুত সোমাই থাকে সেয়াই অসুস্থ সামাজিক দায়বদ্ধতা। এইখিনিতেই কোনবোৰ সামাজিক কামনো সুস্থ তাৰ প্রতি দৃষ্টি ৰখা প্রয়োজন। চমুকৈ ক’বলৈ হ’লে যিবোৰ কামে মানুহক ক্ষণিক উত্তেজনামূলক আনন্দ দিয়ে অথচ পিছলৈ তাৰ ফলবোৰে নিজৰ লগতে আনক কষ্ট দিয়ে তেনেবোৰ কামেই অসুস্থ সামাজিক কাম আৰু যিবোৰ কামে ক্ষণিকৰ বাবে মানুহক বিৰক্ত কৰিলেও পিচলৈ ক্রমে আনন্দৰ পৰা মহানন্দলৈ লৈ যায় সি বোৰ কামেই সুস্থ সামাজিক কাম। বর্তমানে সমাজত অসুস্থ সামাজিক কামৰ হেচা বেচিকৈ পৰিছে বাবেই সামাজিক দায়বদ্ধতাবোৰো অসুস্থ হৈ পৰিছে। মতাদর্শহীন অথবা অসুস্থ মতাদর্শৰে সংগঠনবোৰৰ বেছিভাগ গঢ়লৈ উঠা বাবেই অসুস্থ সামাজিক দায়িত্ববোধে সমাজখনক ছানি ধবিছে।

    অসুস্থ মতাদর্শৰে গঢ় লৈ উঠা প্রায়বোৰ সামাজিক (!) সংগঠনৰে কর্মী সকলৰ মাজত শুনা যায় “কামৰ প্রতি দায়বদ্ধতা একেবাৰে নাই, বাব ল’ব জানে, কামৰ সময়ত নাই গামোচা ল’ব লাগিলে হ’লে আগত “এনে হেজাৰটা অভিযোগ-প্রতিঅভিযোগবোৰৰ ভিত্তি শূন্য নহয়। কিন্তু কিয় এনে হয় ? বহুতেই কয় মানুহবোৰ ব্যক্তিকেন্দ্রিক হৈ পৰিছে। ব্যক্তিগত লাভালাভৰ হিচাপত মত্ত হৈছে। হয়, হৈছে। কিন্তু কিয় হৈছে তাৰ বিজ্ঞান সম্মত বিশ্লেষণ নকৰে ফলত একোটা কামৰ শেষত একোখন সমালোচনাৰ পাহাৰ খহি পৰে, ইজনে সিজনৰ গাত বোকা চতিয়াই দুয়ো গৰাকীয়ে লুতুৰ পুতুৰ হয়; অথচ প্রকৃত সমস্যাৰ অন্ত নপৰে।

    এজন ব্যক্তিৰ চেতনা নিৰ্ভৰ কৰে তেওঁ বাস কৰা সমাজখনৰ পৰিৱেশৰ ওপৰত। সামাজিক পৰিৱেশে ব্যক্তিগৰাকীক শিশু অৱস্থাৰে পৰা ক্রিয়া কৰে। আমাৰ সমাজখন যিহেতু শ্রেণী বিভক্ত আৰু শিশু এগৰাকীৰ বিকাশৰ স্তৰত প্রতিনিয়ত শ্রেণী চিন্তাই ক্রিয়া কৰে গতিকে শিশুবোৰো শ্রেণী চিন্তাত ক’ব নোৱাৰাকৈয়ে সোমাই পৰে। সমাজ বিজ্ঞানৰ নীতি মতেই অর্থনীতিয়ে নিয়ন্ত্রণ কৰে ৰাজনীতি, সাহিত্য, সংস্কৃতি, সামাজিক পৰিৱেশ। অর্থনীতিৰ চৰিত্ৰগত প্রতিফলনে ব্যক্তিৰ ওপৰত ক্রিয়া কৰে। সেয়ে সমাজৰ অর্থনৈতিক চৰিত্র বিশ্লেষণ নকৰাকৈ কোনো সমস্যাৰ আলোচনা কৰাটো অন্ধৰ হস্তি দর্শনৰ লেখিয়াহে হৈ পৰে।

    বর্তমানে আমাৰ দেশৰ অর্থনীতি হ'ল পৰনিৰ্ভৰশীল অর্থনীতি। সমাজ বিজ্ঞানৰ ভাষাত অর্দ্ধ পুঁজিবাদী অর্থনীতি। আমাৰ দেশত জাতীয় পুজিৰ বিকাশ ৰুদ্ধ কৰিছে বিদেশী বহুজাতিক কেম্পানীৰ পুঁজিয়ে। পুঁজিবাদী সমাজ ব্যৱস্থাই শিকোৱা একান্ত ব্যক্তিগত চিন্তাক মধ্যবিত্ত সকলে আকোঁৱালি লৈছে যদিও দেশীয় কর্মক্ষেত্র সংকুচিত হোৱাৰ ফলত না জল না থল অৱস্থাত পৰিছে। এফালৰ পৰা বন্ধ হৈছে দেশীয় উদ্যোগ। কৃষিক্ষেত্রৰ ওপৰতো ক্রমাগতভাৱে দেশীয় নিয়ন্ত্রণ হেৰুৱাইছে। শিক্ষা স্বাস্থ্য সকলো ক্ষেত্রই বাজহুৱা অধিকাৰ হেৰুৱাবলৈ লৈছে। ব্যক্তিগত-ৰাজহুৱা অংশীদাৰত্বৰ মাজত সোমাই পৰিছে। এই মিশ্র অর্থনৈতিক স্থিতিয়ে জনগণৰ মন-মগজু, চিন্তা চেতনা, কর্ম-পদ্ধতি সকলোতে মিশ্রিত ৰূপৰ প্রতিফলন কৰাইছে। একে সময়তে আমি জাতীয় পুঁজিৰ বিকাশেৰে স্ব-নির্ভৰশীল হোৱাৰ বাবেও চিন্তা কৰো, আনহাতে বহুজাতিক কোম্পানীৰ লোভনীয় বিজ্ঞাপনৰ মোহত পৰো। এফালে এখন সুশৃঙ্খল সমাজ গঢ়াৰ বাবে সামাজিক কাম কৰাৰ স্পৃহা জাগে, আনফালে “সামাজিক কাম কৰি খাব পামনে”ৰ লেখিয়া স্থূল ব্যক্তিকেন্দ্রিক চিন্তাই জুৰুলা কৰে।

   সমাজ বিজ্ঞানৰ নীতি মতেই এখন সমাজ যিমানেই অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে দেওলীয়া হয়, সিমানেই সেই সমাজখনত হাই-কাজিয়া বাঢ়ে। হিংসা-প্রতিহিংসাৰ দাবানলে দহে। এচামৰ হাতত কুক্ষিগত হৈ থকা ক্ষমতা আন এচামে হস্তগত কৰিবলৈ সর্বোতপ্ৰকাৰে যত্ন কৰে। প্ৰচাৰ কৰে ‘তেওৰ দ্বাৰা নহয় মোৰ দ্বাৰাহে শান্তি সমৃদ্ধি সম্ভৱ’। ফলত ক্ষুদ্ৰৰ পৰা ক্ষুদ্রতম ৰূপত সমাজখনক বিভক্ত কৰাৰ চেষ্টা কৰে। ৰাতিটোৰ ভিতৰতে জাতি-ধর্ম-বর্ণ-গোষ্ঠীৰ নামত সংগঠিত হয় অজস্র সংগঠন। ক্ষমতা দখলৰ নামত সৃষ্টি কৰে দাঙ্গা-হাঙ্গামাৰ। এই সমস্ত প্রক্রিয়া একমাত্র এমুঠি শোষকৰ স্বার্থত চলা চক্রান্ত মাথো। কিন্তু সমাজ বিজ্ঞানৰ অ-আ ক-খ জানিব নিবিচৰা এচাম তথাকথিত সমাজকর্মীয়ে শোষকে কৰা ষড়যন্ত্ৰত ভৰি থৈ নিজকে জনগণৰ ত্রাণকর্তা বুলি প্রতিয়ন নিয়াবলৈ যত্ন কৰে আৰু সমাজত বিষবাস্প বিয়পায়।

    আমাৰ সমাজখনত শাসক-শোষক শ্রেণীয়ে ভর্তি কৰি থোৱা ধ্যান ধাৰণাৰেই আমি পুষ্ট। “আপোন ভালেই জগত ভাল”, “যোগ্যে ভোগ্যে বসুন্ধৰা” আদিৰ দৰে শত সহস্র ত্রুটিপূর্ণ ধাৰণাৰে সমাজখন পৰিচালনা কৰি থকা হৈছে। অশুদ্ধ ধ্যান-ধাৰণাই সৃষ্টি কৰা অশুদ্ধ মতাদর্শৰে সামাজিক কাম আগবঢ়াই নিয়াৰ চেষ্টা চলে। শুদ্ধ মতাদর্শ গ্রহণ নকৰাকৈ সমাজৰ ভাল চিন্তা কৰাৰ ফলত অশুদ্ধ মতাদর্শই সমাজকর্মী (!) সকলক স্কুল ব্যক্তিকেন্দ্রিক কৰি তোলে। সামাজিক কামৰ দায়িত্ব লৈ” সময় একেবাৰে নাই, ঘৰুৱা বেমেজালি.... আদি মন্তব্যৰে আনৰ অন্তৰ জয় কৰি সহমর্মীতা গ্ৰহণৰ চেষ্টা কৰে। (আবেগত) বিপ্লৱী জীৱন গ্রহণ কৰি পিছলৈ চিণ্ডিকেট মহাৰাজ হয়। সমাজসেৱাৰ নামত লটাৰী, জুৱা পাতে, স্থূল প্রেমৰ গীতেৰে ভর্তি সাংস্কৃতিক সন্ধিয়া পতাৰ নামত নিচাৰ বাহাৰ পাতে।

    প্রশ্ন হ’ল আমাৰ মনত সৃষ্টি হোৱা ভ্রান্ত ধাৰণাবোৰ উৎপত্তি হোৱাৰ গুৰি কি ?? কেনেদবে আমি ক্রমে ভ্রান্ত আৰু অতি আত্মকেন্দ্রীকতাৰ মাজত সোমাই পৰোঁ? আমাৰ শিক্ষা ব্যৱস্থাই আমাক সেই ভ্রান্ত ধাৰণা সমূহৰ পৰা মুক্ত কৰিব পৰা নাই নেকি? নে শিক্ষাৰ পাঠ্যক্রমেও আমাক কৰবাত নহয় কৰবাত ব্যক্তিচিন্তাৰ মাজলৈ লৈ গৈছে। সমাজনীতি, ৰাজনীতি, অর্থনীতিৰ অজস্ৰ তত্ব আমি অধ্যয়ন কৰিছোঁ। সেই তত্ববোৰে আমাৰ মন মগজু, চিন্তা-চেতনাক বন্দী কৰি ৰাখে। সেইবোৰৰ মাজত সোমাই আমি স্বাৰ্থপৰ হৈ পৰো নেকি? আমি অধ্যয়ন কৰিছোঁ অর্থনীতি বিজ্ঞানত আদম স্মীথৰ তত্ব। য’ত কোৱা হৈছে "সম্পদ সীমিত প্রয়োজনীয়তা অসীম"। তাকেই জীৱনত প্ৰয়োগ কৰাৰ যত্ন কৰিছোঁ। কিন্তু ই মানুহৰ মনত সংকটৰ সৃষ্টি নকৰেনে ? এই চিন্তাত প্রভাৱিত লোকে অসীম প্রয়োজন পূৰ কৰিবলৈ অসীম সম্পদ গটোৱাৰ চেষ্টা নকৰেনে। ইয়াৰ ফলতেই দুর্নীতি বাঢ়ি নাযায়নে ? আদম স্মীথৰ এই তত্ব যদি সত্য বুলি মানো তেন্তে শোষণ, যুদ্ধ, অশান্তিক সত্য বুলি মানি ল’ব নালাগিবনে? কিন্তু মানুহৰ প্ৰয়োজন হিচাব কৰিব নোৱাৰিনে? ভাত-কাপোৰ ঘৰ-টিভি আদি কিমান লাগিব হিচাব কৰিব নোৱাৰিনে? আকৌ মনোবিজ্ঞানৰ জনক ফ্ৰয়দৰ মতে - মানুহৰ সকলো কাম বাসনাৰ দ্বাৰা চালিত। এই মতবাদক বিশ্বাস কৰিলেই মানুহ জ্ঞাতে অজ্ঞাতে নিজক বাসনাৰ ওচৰত সমর্পন নকৰাব নে? সমাজ শাস্ত্ৰৰ জনক ডাৰউনে যোগ্যতম জনৰ বাচি থকাৰ সিদ্ধান্ত দিছিল “চাৰভাইভেল অব দি ফিটেষ্ট”। যদি জীয়াই থাকিব লাগে, চাৰভাইভ কৰিব লাগে, ফিটেষ্ট হ’বই লাগিব। ইয়েই সমাজত অন্তহীন প্রতিযোগিতাৰ জন্ম দাতা নহয়নে। ফিটেষ্ট হোৱাৰ প্রতিযোগিতাত আমি কি নকৰো এতিয়া। নিজৰ সন্তানটোকেই আমি ফিটেষ্ট কৰাৰ বাবে অশুভ প্রতিযোগিতাত নিয়োগ কৰাও। 

   এনে অজস্র প্রশ্ন আছে। ভ্রম আছে। এই বোৰৰ পৰা মুক্ত হ’ব পৰাকৈ, জীৱন এটা থকা আৰু জীয়াই থকাৰ মাজত পার্থক্য বুজাকৈ আমাক এক সুন্দৰ সুন্দৰ পাঠ্যক্রম নালাগেনে।

    বিষয়টোৰ অধিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। প্রকৃত সামাজিক দায়বদ্ধতা কৰ পৰা আহে তাৰো ব্যাখ্যৰ প্রয়োজন আছে। প্ৰৱন্ধৰ কলেৱৰৰ প্ৰতি লক্ষ্য ৰাখি থোৰোতে ক’ব পাৰি - শুদ্ধ মতাদর্শ, মানুহৰ প্রতি অসীম ভালপোৱা আৰু মানৱ জন্মৰ মূল উদ্দেশ্যৰ প্রতি সজাগ হ’লেই সুস্থ সামাজিক দায়বদ্ধতাই গা কৰি উঠিব। সকলো মানুহৰে পৰিৱৰ্ত্তনৰ হাবিয়াস থাকে। এই হাবিয়াস সদাৰ্থক ৰূপত প্ৰতিবাদ কৰিবলৈ গাঁৱে-ভূঞে, চহৰে নগৰে অজস্র সামাজিক সংগঠন থাকিব লাগিব, যি সংগঠনে শুদ্ধ মতাদৰ্শৰ জ্ঞান বিস্তাৰৰ মাজেৰে গণ চেতনাৰ সার্বিক বিকাশ সাধন কৰিব। পৰনিৰ্ভৰশীল অর্থনীতি, এমুঠি মানুহৰ স্বাৰ্থ ৰক্ষাকাৰী ৰাজনীতি, অন্ধবিশ্বাস, অপসংস্কৃতি বোধ কৰি সুস্থ মূল্যবোধ সম্পন্ন এখন সমাজ গঢ়াৰ বাবে কাম কৰাটো প্ৰকৃতাৰ্থত সামাজিক দায়িত্ববোধ।


লেখকৰ ঠিকনাঃ

ৰাতুল চন্দ্ৰ গোস্বামী 

কাৰ্যকৰী সভাপতি (উত্তৰ পূব)

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ 

প্ৰধান সম্পাদক

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী 

আজীৱন সদস্য, অসম সাহিত্য সভা

সভাপতিঃ আজাৰা সাহিত্য সভা


Doksiri দকচিৰি, মে, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages