মিচিং অইনিতম আৰু চহা-জীৱনৰ গাথা
বিলাস চন্দ্র দলে
মিচিং ভাষা ও সাংস্কৃতিক গবেষণা কেন্দ্র গোগামুখ, ধেমাজী
মিচিং সকলৰ পৌৰাণিক কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, লোকগীত, নৃত্য আদিৰ প্রধান উৎস হল “অইনিতম”। মিচিং সকলৰ লিখিত আকাৰত বৰ্ণ মালা পশুৰ চালত লিখি দোৱাচাঙত শুকাই থোৱা আছিল বুলি শুনা যায়। কিন্তু কোনোবা এদিন চিকাৰত পহু-পক্ষী নাপাই জুইত পুৰি খাই পেলালে বুলি যুগে যুগে মুখে মুখে কোৱা শুনা পাওঁ। মিচিং সকল বিশেষকৈ কৃষিজীৱী, চিকাৰ প্ৰিয় আৰু নদ-নদীৰ কাষত থাকি প্ৰকৃতিৰ লগত ওমলি ভাল পায়। তেওঁলোক অতি নম্র, ভদ্র স্বভাৱৰ বুলি খ্যাত। বয়ন শিল্পৰ কান্দাৰী মিচিং মহিলা সকলৰ বিশেষ নাম আছে। মহিলা সকলৰ নিপুণতা, স্বাৱলম্বী, কর্মপটুতাত কোনো সন্দেহ নাই। কুকুৰা ডাকত অৰ্থাৎ মাজৰাতি ১২/১ বজাতে উঠি পথাৰলৈ যোৱা, হাল বোৱা, পথাৰত কোৰ মৰা, নদী পাৰত গা-ধোৱা, হাবি জংগলৰ মাজেদি গৈ নদীৰ পানী তুলা, পলু পুহি হাতেৰে এৰিমুগা কাপোৰ বোৱা, হাতত ঠাকুৰী, পিঠিত কেছুৱা লৈ, যৌথ পৰিয়ালৰ সকলো ছবি ও প্রতিচ্ছবি “অইনিতমত” প্রতিফলন ঘটে। মিচিং সকলৰ অইনিতম, অসমীয়া সমাজৰ বিহুগীতৰ লগত সমতুল্য বুলিব পাৰো। মিচিং সকলৰ সমস্ত চহা-জীৱনৰ প্ৰতিচ্ছবি অইনিতমত দেখা পাওঁ। অইনিতম কেইটামানৰ দ্বাৰা আলোচনা কৰিলে পৰিস্কাৰ হব।
“ঐয়া.. গৰু হালৗম লাগিমাং, মেনজেক হালৗম লাগিমাং,
আঅৃনই... মৗনাম অইনম পাঃমৃল’, কুয়াব তাগলা দবয়ৗ।”
(অর্থাৎ গৰু হালও নালাগে, মহ হালও নালাগে, তোমাক পালে কোৰ মাৰিও খোৱাব পাৰো। ইয়াত বহুত তত্ত্ব গধুৰ কথা প্ৰতিফলিত হৈছে, মানৱ জীৱনৰ সৃষ্টি, দুখ-সুখ, হাঁহি-কান্দোন, প্রেম-প্ৰীতি, আৱেগ-অনুভূতি, চহা-জীৱনৰ ছবি দেখা পাওঁ। মিচিং গাভৰুৱে কোৰ মাৰি মাৰি পথাৰত কাম কৰি নিজৰ খা-খৰছ, বাই-ভনী সকলৰ খা-খৰছ উলিয়াই, গাহৰি, কুকুৰা, ছাগলী, পুহি ঘৰৰ খা-খৰছ উলিয়াই ঘৰ পাতি বসবাস কৰাৰ ইতিহাস বিদ্যমান।)
“আচচৗ বিদদুং বলপৗ,
অংঙ চা:দুং তলপৗ, অইন মৗঃদুং বলপৗ,
ঙৱৗ মৗদুং আগিনপৗ।”
(অৰ্থাৎ পানীৰ সোঁত বৈছে বতীয়াই, মাছে সোঁত বৈছে উজনিলৈ, ঠিক তেনেকৈ আমাৰ দুয়োৰে মন হৈছে। মোৰ মন একান্ত মনে তোমাৰ লগত। ভিন্ন মানুহৰ ভিন্ন চিন্তা, মানুহৰ চিন্তাধাৰা প্রকাশ পাইছে।)
“পৗততাঃপৗ অই দৗঃলাতমাং, অইনম দৗংকালা কাঃপৗচিন,
আপপুনপৗ অই পুননাঃতমাং, এগে চুমকঃদ পুনপৗচিন।”
(অৰ্থাৎ চৰাইও নহ’লো উৰি গৈ তোমাক চাবলৈ, ফুলু নহ’লো মই তোমাৰ তাঁতশালৰ ওচৰত ফুলি থাকিবলৈ। ইয়াত মানুহৰ আৱেগ অনুভূতি, ডেকা-গাভৰু সকলৰ সময়ৰ উপযোগি আহ্বানৰ প্রতিচ্ছবি দেখিবলৈ পোৱা যায়। এই দুখ-দৈন্যৰ মাজেদি অন্তৰ কোনত লুকাই থকা ভাব, চিন্তা আৱেগত সাহিত্যৰ সৃষ্টিৰ মূল কাৰক। আৰু কবিৰ ছন্দ দেখিবলৈ পোৱা যায়। সেয়ে অইনিতম হৈছে কবিতা, সাহিত্য, কাহিনী, সাহিত্য-ৰস সৃষ্টিৰ উৎস। মিচিং মহিলাই তাঁতশালত কপোৰ বৈ সেয়া প্রকাশ কৰে। গাভৰু সকলে তাঁতশালত কাপোৰ বৈ থাকে লগতে ডেকাই আহি তাঁতশালৰ কাষতে বহি লৈ মৰম স্নেহৰ কথা বতৰা পতা দৃশ্য আৰু ৰীতি নীতিৰ আভাস পোৱা যায়। মিচিং গাভৰুৱে আকাশত উৰি ফুৰা চৰাই চিৰিকতি চাই কাপোৰত ফুল বাছিব পাৰে।
“বৰনৈ আ:নৗ ৰুহিদ দুঃনৗ, ঙলোক আনচিনৗ অকুমৗ, কাপিনৗ বৰনৈ আচিদৗ, ঙলুক অকুম বয়ুততনৗ।”
(অৰ্থাৎ বৰনৈ মানে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আমাৰ সুন্দৰ গাৱ আৰু ঘৰবাৰী, কি ভগৱানৰ লীলা ব্ৰহ্মপুত্ৰ নদীৰ সোঁতত ডুব গ’ল। ইয়াত মিচিং সকলৰ নদীৰ চৰত বসবাস কৰা প্রতিছবি আৰু চেকেণ্ডতে ঘৰবাৰী উচন হোৱা দৃশ্য প্রতিফলিত হৈছে। মিচিং সকলে পানী ঢৌৰ লগতে খেলি জীৱন নিৰ্বাহ কৰে আৰু নদীৰ মাছ ধৰি খোৱা, পানীৰ শুকান কাঠ বুটলি, নদীৰ চৰ অঞ্চলত খেতিবাতি অতি ভাল, হাবি জংগলত পশু চিকাৰ কৰিবলৈ সুবিধাজনক কথা প্রতীয়মান হয়।)
“চাপৰিয়ৗ বাংকল জ:পানচুলা ৰমদাগগম, ঐয়েঙনিক মিক্কিদৗ ইপংম ঐয়া চুয়েপৗ।”
(অৰ্থাৎ বৰনৈ চাপৰিৰ পাছটা চৰ-চাপৰিত দুৰৈত আমাৰ দুয়োৰ মৰাশটো জ্বলালেও আমাৰ দুয়োৰে মৰাশৰ কুলা ধোঁৱা ওপৰত গৈ মিলন হ’বগৈ। ইয়াত ডেকা-গাভৰু কালৰ অন্তৰ মিলনৰ সুৰ দেখা যায়। প্ৰেমৰ মহত্ব আৰু প্ৰেমৰ কঠিন বান্দোন দেখা যায়। এনেদৰে বিভিন্ন মনৰ চিন্তা সৃষ্টি হৈছে যাৰ ফলত এক নতুন ধাৰাৰ সৃষ্টিৰ আগমনি ওকমুকলি উমান পোৱা যায়। সকলোৱে চাগৈ শুনিচে বা পঢ়িছে ৰজনীকান্ত বৰদলৈৰ লিখা “মিৰি জীয়ৰী” উপন্যাসৰ অমৰ কাহিনী।)
“ৰেঃলদ ঐয়া গৃতকা পাচিঘাট কাঃলাঃপৗ, আলি- আঃয়ে লৃগাঃদ গৃতকা আনয়ে চঃলাঃপৗ।”
(অর্থাৎ গাভৰুজনীয়ে কৈছে প্রিয় জনক তুমি ৰেলত আহা পাশ্চিঘাট যাম, আলি-আঃয়ে লৃগাঙত আহিবা দুয়ো নাছিম বা লগ পাম। আলি-আঃয়ে লৃগাং হৈছে মিচিং সকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ।
ফাগুনৰ মাহৰ প্ৰথম বুধবাৰ দিনা আলি আঃয়ে লৃগাং উৎসৱ মিচিং সকলে উলহ মালহেৰে পালন কৰে। ধুনীয়া ৰঙীন কাপোৰ পিন্ধি অৰ্থাৎ ৰঙা, বগা, কলা, হালধীয়া, কমলা, গেৰুৱা আদি ৰং মিলাই নিজে বোৱা মেখেলা, ৰিহা, ৰি:বি গাচেং, অৗৰকগ, দুমৗৰ, ল’ৰা বা ডেকা সকলে গনৰ উগন, মিব গালুক, আদি পিন্ধি লৃগাঙলৈ যায়। আৰু প্রিয়জনক লগ পোৱাৰ আশাৰে সকলোৱে কামনা কৰে। সেই দিনা খেতিবাতি, ধান, আলু জাতীয় বীজ ৰোপনৰ আৰম্ভণি কৰে।
অইনি:তম মিচিং সমাজত এনে এক মাধ্যম যাৰ দ্বাৰাই প্ৰতিটো ক্ষেত্ৰতে অৰিহনা আছে।
“দ:ঞি-প:ল:মৗ কুমনাংকা, আচিন মৗঃনাম পা:লাংকা, আনৗ-আবুঃম কুমনাংকা মৗপ-মৗঙান্না দুঃলাংকা।”
(অর্থাৎ মিচিং সকলে দ:ঞি প:ল:ক পূজা কৰে। তেওঁলোক প্রকৃতি পূজক (Animism)। ইয়াত ধৰ্মীয় আচৰণতো অই নিঃতমৰ প্ৰভাৱ কম নহয়। কৈছে যে - দঃঞি-প:ল:ক স্মৰণ কৰিলে কামনা বাসনা/ উন্নতি সাধন হ’ব পাৰে আৰু পিতৃ-মাতৃক সেৱা কৰিলে সুখ-শান্তিৰে থাকিব পাৰে বুলি ধাৰণা কৰা হয়) সকলো ক্ষেত্রতে অই নিঃতমৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
মিচিং সমাজত অই নিঃতমেই এক প্ৰকাৰ ৰীতি-নীতি, আইন-কানুন, লোক কথা, লোক বচন, কিম্বদন্তি, পৌৰাণিক সাহিত্য। অই নিঃতমৰ জৰিয়তে মিচিং সমাজত সকলো দিশ সামৰি ৰাজনীতি, অর্থনীতি, সমাজ নীতি, ধর্মীয় নীতি, দ:ঞি-প:ল বাদ, আচৰণ বিধি, নীতিবচন, সাহিত্য, প্রৱর্জন, নৃত্য, লৃগাং, দবুৰ, খাদ্য সম্ভাৰ, ঘৰ সাজি নদীৰ পাৰে পাৰে স্বাস্থ্যজনিত পৰিৱেশ, হাবি-জংগলৰ পৰিৱেশ, আদি দিশ সামৰি লৈছে।
No comments:
Post a Comment