জীৱন বীক্ষা
জাতিৰাম কমান
জীৱনটো কি ? ইয়াৰ উত্তৰ আমি থাউকতে ছুটিকৈ দি থব নোৱাৰোঁ।জীৱনৰ অৰ্থ ব্যাপক।বিশেষকৈ মনুষ্য জীৱন।কাৰণ, অন্য ইতৰ প্ৰাণীৰ দৰে মানুহে অকল খাই বৈয়েই দিন আতিবাহিত নকৰে।মানুহৰ জীৱন আহাৰ, নিদ্ৰা, মৈথুনতেই সীমাবদ্ধ নাথাকে। জীৱ জন্তুৰদৰে জীয়াই থকা হলে কৈ থব পাৰি যে খাই বৈ জীয়াই থাকিব পৰা দিনবোৰৰ সমষ্টিয়েই হল জীৱন।কিন্তু এয়া সম্পূৰ্ণ সংজ্ঞা নহয় জীৱন সম্পৰ্কে।
জীৱনৰ বাটত বহুতো খলা বমা, উত্থান পতন আছে।সেই সমূহ পাৰ কৰিব পৰাতোতহে জীৱনৰ সাৰ্থকতা।
জীৱনটো এটা দীঘলীয়া যাত্ৰা। ইয়াৰ প্ৰতিটো খোজ হাঁহি মুখে পাৰ কৰিব লাগে। জীৱনটো এটা ক্ৰীড়াঙ্গন, ইয়াক শেষলৈকে মনপুতি খেলিব লাগে। জীৱনটো এটা কৰ্তব্য।গতিকে প্ৰত্যেক ব্যক্তি আৰু সমাজে দেশ তথা সমাজৰ প্ৰতি থকা দায়িত্ব ও কৰ্তব্য পালন কৰি যাব লাগে। আৰু তেনে কৰাটোৱেই জীৱনবোধৰ এটা সাৰ্থক গ্ৰন্থ স্বৰূপ।
উদ্ভিদকে আদি কৰি কীট পতংগ আৰু সকলো শ্ৰেনীৰ প্ৰাণী অথবা পশু পক্ষীয়েই খাদ্য গ্ৰহন কৰে জীয়াই থাকিবলৈ। জীৱ জন্তুৰ মাজৰে মানুহো এবিধ সাধাৰণ প্ৰাণীহে।কিন্তু মানুহৰ বুদ্ধি বৃত্তি আৰু জ্ঞানে মানুহক অন্য প্ৰাণীৰ পৰা পৃথক কৰিছে।
মানুহৰ চিন্তা কৰিব পৰা শক্তিয়ে মানুহক জীৱশ্ৰেষ্ঠৰ শাৰীলৈ উন্নীত কৰাইছে। মানুহে কি কৰা নাই?
নিজৰ শৰীৰটো বুজি পাবলৈ উদ্ভাৱন কৰি উলিয়াইছে শৰীৰ বিদ্যা,শৰীৰৰ ৰোগ নিৰাময়ৰ বাবে উলিয়াইছে চিকিৎসা শাস্ত্ৰ।ঠিক তেনেকৈ প্ৰাণীসমূহৰ অধ্যয়নৰ বাবে প্ৰাণী বিদ্যা, উদ্ভিদৰ বাবে উদ্ভিদ বিদ্যাৰ বিস্তৃত অধ্যয়ন কৰা হৈছে। পৃথিৱীত থকা মাটি, বায়ু, পানী আদিৰ ভৌগোলিক জ্ঞানৰ বাবে ভূগোল, ভূগৰ্ভৰ অধ্যয়নৰ বাবে ভূতত্ত্ব বা ভূ বিজ্ঞান। বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰৰ গতি বিধি নিৰীক্ষণৰ বাবে জ্যোতিৰ্বিজ্ঞান,জ্যোতিষ শাস্ত্ৰ ইত্যাদি ভাগে ভাগে কৰি লৈছে।
সভ্যতাৰ মুখ দেখাৰ পৰা মানুহে ইতিহাস লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। সমাজ পাতি বসবাস কৰিবলৈ সমাজবিদ্যা বা সমাজ শাস্ত্ৰ, ধৰ্মশাস্ত্ৰ আদি লিখি উলিয়ালে। মানুহৰ দেহৰ গঠনক লৈ নৃতত্ব, চিন্তাশক্তি আৰু বৌদ্ধিক চৰ্চাৰ বাবে দৰ্শন শাস্ত্ৰ আৰু সাহিত্যৰ সৃষ্টি কৰা হল।কলা, সংগীত, শৰীৰ চৰ্চা,নৃত্যকলা আৰু খেলা ধূলাৰ মাজেদি জীৱন জিনাৰ লগতে দেশ আৰু সু সংগঠিত সমাজ ব্যৱস্থাৰ বাবে আছে ৰাজনৈতিক বিজ্ঞান আৰু অৰ্থশাস্ত্ৰ। ব্যৱসায় বাণিজ্য আদিৰে অৰ্থ আহৰণ কৰি জীৱিকাৰ পথ সুচল কৰিবলৈ বেংকিং ব্যৱস্থাও মানুহে নিজৰ ভাগে কৰি লৈছে। আনকি দৈনন্দিন আহাৰ গ্ৰহন কৰাৰ হেতু বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিবলৈ খাদ্য সংস্কৰণ তথা ৰন্ধন প্ৰকৰণো বিভিন্ন প্ৰকাৰে উদ্ভাৱন কৰি কলাত্মক ভাৱে ভোজন কৰাৰ অভ্যাস গঢ়ি তুলিছে জীৱশ্ৰেষ্ঠ মানৱে।বাকী বিজ্ঞান, শিল্পকলা, কাৰিকৰী জ্ঞান, প্ৰযুক্তি বিদ্যা, ৰকেট চায়েন্স, কম্প্যুটাৰ আৰু ইলেক্ট্ৰনিক শিক্ষাৰ কথাটো আছেই।মুঠতে, মানৱ সমাজে সভ্যতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ বৌদ্ধিক উৎকৰ্ষ সাধনৰ একো এটা ফিল্ডেই বাকী ৰখা নাই।
কিন্তু তথাপি সামগ্ৰিকভাৱে মানৱ সমাজে প্ৰত্যেকটো ক্ষেত্ৰত নিজকে সাঙুৰি জীৱনটো অতিবাহিত কৰিব পৰা নাই আৰু নোৱাৰেওঁ। মানুহৰ জ্ঞানে যিমানখিনি ঢুকি পাইছে সেই সকলো বিষয় মানুহত নিহিত থাকিলেও কিন্তু এজন ব্যক্তিয়ে অকল এটা ক্ষেত্ৰতেই নিজকে সীমাবদ্ধ কৰি জীৱন অতিবাহিত কৰিব পাৰে আমৃত্যু।
উদাহৰণ স্বৰূপে - এগৰাকী ব্যক্তিয়ে যদি কৃষি কাৰ্য্যত ব্যস্ত থাকে তেন্তে তেওঁ আজীৱন কৃষিকৰ্মত ন্যস্ত থাকিয়েই জীৱনটো শেষ কৰে।ঠিক তেনেকৈ সৈনিকে সামৰিক ক্ষেত্ৰখনত, খেলুৱৈয়ে খেলত, সংগীতজ্ঞই সংগীতত, ব্যৱসায়ীয়ে ব্যৱসায় বাণিজ্যত, বেংকাৰে বেংকিঙত, জ্যোতিষীয়ে জ্যোতিষ শাস্ত্ৰত, বাঢ়ৈয়ে বাঢ়ৈৰ কামত, কমাৰে কমাৰশালত, অভিনেতাই অভিনয়ত জীৱন অতিবাহিত কৰে। পুৰোহিত শ্ৰেনীটোৱে মন্দিৰে মছজিদে পূজা অৰ্চনা কৰি উপাসনা স্থলীতে যুগ যুগ ধৰি জীৱন নিৰ্বাপিত কৰি আহিছে।
ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰক কিয় ক্ৰীকেটৰ ভগৱান বুলি অভিহিত কৰা হয় ? কাৰণ, ক্ৰিকেটৰ এ বি চি ডি'ৰ পৰা এক্স, ৱাই জেতলৈ অকল ক্ৰীকেটতেই সীমাবদ্ধ শচীন তেণ্ডুলকাৰ সমন্বিতে ক্ৰিকেটাৰ সকলৰ জীৱন।ঠিক তেনেকৈ অভিনয় শিল্পৰ লগত সমগ্ৰ জীৱন অতিবাহিত কৰা শিল্পী হল মহানায়ক অমিতাভ বচ্চন। আজীৱন সংগীত শিল্পত জীৱন নিৰ্বাপিত কৰা কন্ঠশিল্পী লতা মংগেশকাৰ ইত্যাদি।শিল্পীয়েই হওঁক বা ক্ৰীড়াবিদেই নহওঁক কিয়,জীৱনটো তেনেদৰেই জোখা হয়।
কিছুমান ব্যক্তিয়ে গোটেইতো জীৱন অকল এটা বিষয়তেই ব্যুত্পত্তি লাভ কৰি জীৱনটো নিৰ্বাপিত কৰে আৰু সেয়াই হল তেওঁৰ জীৱনজোৰা সাধনা।এগৰাকী চিকিৎসকে জীৱনভৰ চিকিৎসাকেই কৰি পাৰ কৰি দিয়ে, শিক্ষকে শিক্ষকতা কৰিয়েই জীৱনটো পাৰ কৰে,অধ্যাপকে অধ্যাপনা কৰি আৰু অধিবক্তাৰ জীৱন কৰ্টতেই শেষ হৈ যায়।
সেইযে আমি আলোচনা কৰিলো - যে এগৰাকী ব্যক্তিৰ জীৱন এক বিশেষ কৰ্মৰ লগতেই সাঙুৰ খাই থাকে আৰু জীৱনৰ অন্তিম পৰলৈ তেওঁ তাতেই নিজকে সীমাবদ্ধ কৰি জীৱন যৌৱণ শেষ কৰিব লগা হয়।
সেইখিনি কৰিবলৈ যাওঁতে মানুহে জীৱনৰ আধ্যাত্মিক অৰ্থটো বিচাৰি পাইনে ? তেওঁৰ জীৱিত কালত ? আমাৰ বোধেৰে নাপায়।জীৱন নামৰ ব্যাপক, বিবিধ আৰু বৈচিত্ৰপূৰ্ণ গ্ৰন্থখনত তেওঁ এটা মাত্ৰ পৃষ্ঠাহে অধিকাৰ কৰিব পাৰে আৰু সেই বিশেষ পৃষ্ঠাতেই তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়।
তেনে পৰিপ্ৰেক্ষিতত মানুহ আচলতে বাকী ইতৰ প্ৰাণীৰ দৰেই জীৱনটো শেষ কৰি দিব লগা হয়। জীয়াই থকাৰ স্বাৰ্থত জীৱনজোৰা কিবা এটা কৰ্ম কৰিহে জীয়াই থকা বাদে বেলেগ কিবা এটা নতুনত্ব আৱিস্কাৰ কৰি যায় বুলি কব পৰা নাযায়।
অনুভূতিশীল মানুহৰ থাকে অনুভৱ কৰিব পৰা শক্তি।যেনে দয়া, মমতা, কাম, ক্ৰোধ, লোভ, মোহ, প্ৰেম, ভালপোৱা, বিশ্বাস, অবিশ্বাস, সন্দেহ, সংশয়, ভয়, সুখ দুখ, হাঁহি, ৰং ধেমালি ইত্যাদি...আৰু সেই শক্তি নেদেখাজনে(ঈশ্বৰ নামৰ সত্বাতো যদি আছে!) দিছে, নতুবা ই স্বয়ংক্ৰিয় পদাৰ্থিক অৱস্থাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াও হব পাৰে!
মন মগজুৰে সংপৃক্ত মানৱ শৰীৰটো যদি স্বয়ংক্ৰিয় জৈৱিক পৰিৱৰ্তন তথা ক্ৰিয়া বিক্ৰিয়াৰ দ্বাৰা সম্পন্ন হৈ আহি আহি এটা সময়ত সক্ৰিয় অৱস্থাৰ পৰা নিষ্ক্ৰিয় হৈ শৰীৰটো নিথৰ হৈ অন্তিম অৱস্থাত উপনিত হৈছে, তেন্তে 'ঈশ্বৰ' নামৰ সত্বাটোত প্ৰশ্নৰ উদ্ৰেক নিশ্চয়কৈ হয়! যদিহে ঈশ্বৰ সৃষ্ট প্ৰাণ লৈ মানৱ দেহাৰ গঠন হৈছে তেতিয়াহে আত্মাৰ স্থিতিৰ কথাটো বিবেচনালৈ আহে।আৰু আত্মা যদি অবিনশ্বৰ, আত্মা নামৰ বায়ৱীয় শক্তিটো মৃত্যুৰ সিপাৰেও যদি চেতনালব্ধ হৈ থাকে তেন্তে ঈশ্বৰৰ অস্তিত্বৰ কথা মানিব পৰা যায়।
মহাজগত খন স্বয়ংক্ৰিয় মহাজাগতিক শক্তিৰে যদি সৃষ্ট তেন্তে সৃষ্টি,স্থিতি,বিনাশ হল স্বয়ংসম্পন্ন চালিকা শক্তি, তাত সৃষ্টিকৰ্তাৰ স্থিতিৰ কথাটো হাইপ'থেটিকেল! যদিহে কোনোবা অদেখা, অসীম শক্তিৰ দ্বাৰা পৰিচালিত তেতিয়াহে আমি 'ঈশ্বৰ' নামৰ সত্বাটোৰ স্থিতি উপলব্ধি কৰিব পাৰিম আৰু ঈশ্বৰৰ অস্তিত্ব যে আছে তাক প্ৰতিপন্ন কৰিব পাৰিম। অন্যথা মহাজাগতিক শক্তিৰ স্বয়ংক্ৰিয় পদাৰ্থিক পৰিৱৰ্তন অথবা ৰূপান্তৰৰ বাদে একো নহয়!ইয়াত পৰমাৰ্থিক তত্ত্বৰ কথাটোত এক বৃহৎ প্ৰশ্নবোধক চিহ্নৰ অৱকাশ থাকি যায়! কাৰণ, দৰ্শন, বেদান্ত দৰ্শন অথবা অন্য প্ৰাচ্য-পাশ্চাত্য দৰ্শনসমূহ মানৱ সৃষ্ট দৰ্শনহে। এয়া পৰমেশ্বৰ নামৰ ঐশ্বৰিক সত্বাটোৱে প্ৰত্যক্ষভাৱে প্ৰদান কৰা তাত্ত্বিক দৰ্শন নহয়!
No comments:
Post a Comment