প্রথম বাৰ মানাহ অভয়াৰণ্যৰ অভিজ্ঞতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

প্রথম বাৰ মানাহ অভয়াৰণ্যৰ অভিজ্ঞতা

 



প্রথম বাৰ মানাহ অভয়াৰণ্যৰ অভিজ্ঞতা


মুন ৰাজবংশী

হাঁহদলী, নলবাৰী 


     মুৰৰ ওপৰেৰে জীৱনৰ আধা বয়স পাৰ হৈ গ'ল তথাপিও অসমতে থকা সুন্দৰ সেউজীয়া ৰাষ্ট্ৰীয় উদ্যান মানাহ অভয়াৰণ্য চোৱাৰ সৌভাগ্য হোৱা নাছিল।  কেৱল মানুহৰ মুখত আৰু কিতাপত পঢ়িব পাইছিলো ইমান দিনে এই ৰাষ্ট্ৰীয় উদ্যান খনৰ কথা। কিছু অভিমান, কিছু মৰম আৰু ক্ষন্তেকীয়া  খং   এটা দেখুৱাই হাতত মোবাইলটো লৈ  এটা চিনাকি নম্বৰত __"হেল্লো", __কি হ'ল,  

কি হ'ল মানে? আজি কালিৰ ভিতৰত যদি মোক মানাহত নিনিয়ে তেনেহ'লে মই আৰু আপোনাক কেতিয়াও নামাতো। কথাখিনি কৈ মোৰ ফালৰপৰা ফোনকলটো কাটি দিলোঁ। দুই তিনি মিনিট মান অপেক্ষা কৰাৰ পাছত হোৱাটচ অপত এটা মেচেজ আহিল। ইমান খং কৰিব নালাগে কালি ৰাতিপুৱা আহিবা আমি পৰহিলৈ পুৱাতেই উপস্থিত হম। হ'বনে? মই মেচেজটো পঢ়ি ক'ব নোৱাৰাকৈয়ে ইমান উৎফুল্লিত হৈছিলো নভবা নিচিন্তাকৈ বিচনাৰ ওপৰতে কেইবাৰো জপিয়াই দিলো। লগে লগে মাক লগত লৈ বাকচৰ পৰা বেগটো উলিয়াই পিন্ধি যোৱা ড্ৰেছ আৰু তাত মোৰ প্ৰয়োজনীয় বস্তুবোৰ বেগটোত ভৰাই লৈ  এটা সুন্দৰ দিন অপেক্ষা কৰি পোহৰ হোৱালৈ বাট চালো।

     এটা সুন্দৰ ৰাতিপুৱা। ফাগুনৰ ধূলিয়ৰী বাটপথ। আগতীয়াকৈ ৰিজাৰ্ভ কৰি ৰখা গাড়ীখন আহি পুৱাতেই আমাৰ পদুলিত থিয় হৈ আছে। আমি পাঁচজন সদস্যৰে গাড়ীখনত বহি ল'লো। গাড়ীত বহি কিছু দূৰ যোৱাৰ পাছত আমাৰ  গাঁও এৰাৰ আগতে আমি আটায়ে  গাড়ীৰ পৰা নামি গণেশ মন্দিৰত সেৱা এটা লৈ যাত্ৰা হ'ল আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ।  আমি যাত্রা কৰিছিলোঁ বজালী জিলা পাঠশালা নগৰীৰ পৰা। পাঠশালা নগৰীৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰত্ব মানাহ অভয়াৰণ্যলৈ। ঘৰৰ পৰা ৰাতিপুৱাই  ওলাই অহা বাবে আমি সোণকালে মানাহ অভয়াৰণ্যৰ মুখ্য গেটত উপস্থিত হ'লো। সপোন ,সপোন যেন লগা এটা জৰ্জৰিত বিষে বুকুৰ কোনোবা এডোখৰ ঠাইত খুব জোৰকৈ  কোবাই গ'ল। মই মেইন গেটখনৰ একেবাৰে কাষতে থিয় হৈ আছোঁ। ইফালে আমাৰ লগত যোৱা শৰ্মা দেউতাৰ ডাঙৰ পুত্র ৰাজ, তেওঁ দুদিন আগেই ৰিজাৰ্ভ কৰি থোৱা টিকতটো ল'বলৈ টিকট কাউন্টাৰ ওচৰলৈ গৈ কিবা আলোচনা কৰি আছে। তেওঁ লোকে কাউন্টাৰত বহু সময় লগাইছিল, তেনেতে মই গেটখনৰ কাষত থিয় হৈ এবাৰ ভিতৰলৈ দৃষ্টি নিক্ষেপ কৰিলো। কিমান আশা আৰু সপোন বুকুত, আজি এই অৰণ্যৰ ভিতৰত বাঘ,  ভালুক, হৰিণ, পহু, হাতী, গড়, সাপ, ময়ুৰ, আৰু বিভিন্ন চৰাই বনৰীয়া জীৱ জন্তু দেখা পাম। কথাবোৰ ভাবি থাকোঁতেই চাৰি পাঁচটা পহু মোৰ সম্মুখৰে দৌৰ মাৰিলে। লগে লগে মই চিঞৰি উঠিলো! দেউতা, দেউতা পহু, পহু!

দেউতা, ৰাজ আৰু মানাহ অভয়াৰণ্যৰ সুৰক্ষা বাহিনীৰ লোক কেইজনে  অবাক বিশ্ময়ত মোৰ ফালে চাই ৰ'ল! মই তেওঁলোকৰ প্ৰশ্নবোধক দৃষ্টিত আচৰিত হ'লো; তাতোকৈ আচৰিত হ'লো দেউতাক? কাৰণ, মোৰ শৰ্মা দেউতাই মানাহ অভয়াৰণ্যৰ বনৰীয়া জীৱ জন্তু চাবলৈ আহি মই পহু দেখুৱাই দিয়াৰ পাছতো পহু চাবলৈ এৰি মোৰ ফালে কিয় এনেকৈ চাইছে? মই পুনৰ আটাইকে আঙুলিয়াই দি চাবলৈ ক'লো, যে সেইকেইটা পহু মোৰ সম্মুখৰে এইমাত্র দৌৰ মাৰিলে। কিমান সুন্দৰ পহুকেইজনী। আটাই কেইজনী পহুৰ গাৰ বৰণ আছিল পাতল মুগা বৰণৰ। তাৰে তিনিজনী মাইকী আৰু দুটা মতা পহু। মই অলপ আগুৱাই গৈ মানাহৰ সুৰক্ষা বাহিনীৰ লোক এজনক সুধিলোঁ, __ এই পহুকেইজনীক কি বুলি কোৱা হয়? 

সুৰক্ষা বাহিনীৰ লোকজনে মোৰ ফালে চাই উত্তৰ দিলে। __ ই সুগৰী পহু যদিও ইয়াৰ আন এটা নাম মায়া পহু। ইহঁতে বছৰত দুবাৰকৈ গাৰ বৰণ সলায় সেয়ে ইহঁতক মায়া পহু বুলিও কোৱা হয়।

      কিমান সৌভাগ্য মই , আজি মানাহৰ মায়া পহু দেখিবলৈ পাইছোঁ। এনেতে দেউতাহঁতে সকলো যা-যোগাৰ কৰি মোক গাড়ীত বহিবলৈ ক'লে। দেউতাহঁতে ইয়াৰ পৰাই এজন ড্ৰাইভাৰ আৰু এখন জীপ ল'লে। জীপখনত অৰণ্যৰ জীৱ জন্তুৰ লগতে সকলোখিনিয়ে  থিয় হৈ চোৱাৰ খুব ধুনীয়া সুবিধা আছে। সেয়ে মই জীপখনৰ পাছৰ চিটত থিয় হৈ ল'লো আৰু বাকি কেইজনে আগৰ আৰু মাজৰ চিটত বহি ল'লে। আমি ক'ব নোৱাৰোঁ, আমাৰ ভাগ্য ভাল নে দিনটো কিবা ভাল আছিল,  সেয়ে আমাৰ গাড়ীখন  মানাহ অৰণ্যৰ ভিতৰত সুমোৱাৰ পাছতেই আমি পথটোৰ দাঁতিতে কেইটামান সৰু ডাঙৰ শৰপহু আৰু সুগৰী পহু দেখিবলৈ পালোঁ।  আমাৰ গাড়ীখন দহ ফুঁটমান দূৰৈত ৰাখি  লগত নিয়া ডি এছ এল আৰ কেমেৰাৰ লেন্সেত সিহঁতক বন্দী কৰি থলো। তাৰ পাছত আকৌ  আমি সেই পথটোৰে আগবাঢ়ি গৈ থাকিলোঁ, তিনি চাৰি কিঃমিঃ অতিক্রম কৰিলোঁ কিন্তু এই সময়খিনিৰ ভিতৰত ক'তো এটা চৰাই চিৰিকটি, জীৱ জন্তু পশু পক্ষী একো এটা আমাৰ চকুত নপৰিল।

      হঠাৎ দেউতাৰ কাষত বহি থকা ৰাজ দাদাই দূৰলৈ আঙুলি টোৱাই দি ক'লে, সৌৱা চোৱা, ধনেশ পক্ষী। আমি আটাইয়ে চক খাই উঠাৰ দৰে সুধিলোঁ, ক'ত, ক'ত? "সৌৱা"। তাত তিনিটা ধনেশ পক্ষী আছে একেলগে এটা ডালতে বহি। হয় এডাল ওখ শিমলু গছৰ ডাল এটা তিনিটা ধনেশ পক্ষী এটাই আনটোৰ বিপৰীতে  শান্ত সৌম্য হৈ বহি আছিল। ৰাজে কেমেৰাৰ লেন্সত খুব সুন্দৰ আৰু স্পষ্টকৈ বন্দী কৰি দিলে সিহঁতক। দীঘল ঠোঁটৰ আগভাগ পাতল কমলা বৰণ, তলৰ অংশ বগা আৰু কিছু পাতল হালধীয়া। গাৰ বৰণ ক'লা বগা, ডিঙিটো হালধীয়া বৰণ, চকুৰ অংশভাগ ক'লা, মুৰৰ ওপৰত থকা টুপিটো কমলা ৰঙৰ। ক'লা বগা ৰঙৰ দীঘল ফিচাখনৰ সৈতে দেখিবলৈ অপূর্ব সুন্দৰ লাগিছিল। আমি কিছু সময়ৰ বাবে মোহিত হৈ পৰিছিলোঁ। আমাৰ মুখলৈ চাই ড্ৰাইভাৰ জনে কৈ উঠিল, ইয়াত এনেকৈ পলম কৰিলে আগলৈ বহুতো জীৱ জন্তু দেখিবলৈ নাপাম সেয়ে আপোনালোকে যদি অনুমতি দিয়ে মই গাড়ীখন ষ্টাৰ্ট দিওঁ। আমিও বহুত কিবা কিবি চোৱাৰ আশাতেই ঠিক আছে বুলি ক'লো। ড্ৰাইভাৰ জনে গাড়ী ষ্টাৰ্ট দি আমাক এইবাৰ আন এটা উপ-পথেৰে লৈ আগবাঢ়িল। বেলেগ এটা উপপথ দেখি মই ড্ৰাইভাৰ জনক সুধিলোঁ - আমি এইটো পথেৰে গ'লে কি দেখিবলৈ পাম ড্ৰাইভাৰ দা? 

আমি এইবাৰ বাইছন(  Bison  ) বনৰীয়া মুৰ্গী, ময়ুৰ, ম'হ, দীঘল নেজৰ বান্দৰ হাগা গেন্দেৰা দেখাৰ সম্ভাবনা আছে! কিন্তু এটা কথা? __ কি? আমি ক'লো। 

ইহঁতে মানুহৰ চিঞৰ শুনিলে জংগলৰ পৰা কেতিয়াও ওলাই নাহে। জংগলতে লুকাই থাকে।  বেছি ডাঙৰ ডাঙৰকৈ কথা নাপাতিব। সেয়ে আপোনালোক কোনেও যাতে একো এটা কথা নকয় মনে মনে থাকি উপভোগ কৰি যায়। ড্ৰাইভাৰ জনৰ কথা মতে আমি মনে মনে থাকিলোঁ। হয় ড্ৰাইভাৰ জনে ঠিকেই কৈছিল, আমি অলপ দূৰ যোৱাৰ পাছতেই এটা অন্য প্ৰজাতিৰ জন্তু চকুত পৰিল আমাৰ। ইজনে সিজনৰ মুখলৈ চালো কিন্তু কোনেও ইয়াৰ নাম নাজানে? মনতে হাঁহি উঠিল যদিও এটা প্ৰশ্নবোধক দৃষ্টিৰে ড্ৰাইভাৰ জনলৈ চোৱাত তেওঁ জন্তুটোৰ নাম কিবা হাগা গেন্দেৰা বুলি কোৱাত আমি আচৰিত হৈ ইজনে সিজনৰ মুখলৈ চাই এইবাৰ ভালকৈ হাঁহি দিলোঁ।  ইয়াত কেৱল হাগা গেন্দেৰায়ে নহয় এডাল গছৰ ডাল এটাত কেইটামান ময়ুৰ চৰাই তাৰে এটাই আনটোক সুখী কৰিবলৈ পেষণ ধৰিছে। আমাৰ আটাইয়ে হাগা গেন্দেৰাক বাদ দি ময়ুৰীৰ পেষণ চোৱাত লাগি গ'ল। মই কিন্তু হাগা গেন্দেৰাকে চাই থাকিলোঁ। তাৰ পাছত চকুযুৰি এবাৰ আনফালে ঘুৰাই দিয়াত দেখা পালো এজাক ম'হে দলনিত খেলা কৰি আছে। সিহঁতৰ মাজত দুটা সৰু ম'হৰ পোৱালিও দেখা পালোঁ মনটো বৰ ভাল লাগি গ'ল পলকতে। বহু বছৰ ধৰি ম'হৰ পোৱালি দেখাৰ সৌভাগ্য হোৱা নাছিল, কিন্তু আজি মোৰ সৌভাগ্য ঘটিল। মই লগে লগে চিঞৰি উঠিলো আহ! কি অপূর্ব দৃশ্য এয়া, ইমানবোৰ ম'হ একেলগে আছে? মোৰ চিঞৰ শুনি বাকিবোৰেও চাবলৈ লৈছিলহে এনেতে আমাৰ গাড়ীৰ ড্ৰাইভাৰ জনে পুনৰ ক'লে, দাদা ইমান জোৰকৈ কিয় চিঞৰিছে? নিচিঞৰিব ইয়াত: ইয়াত ইমান জোৰকৈ চিঞৰিলে পাছত গৈ মোক মানাহৰ সুৰক্ষা বাহিনীয়ে বহুত কথা শুনাব বুজিছেনে...!

    ড্ৰাইভাৰৰ কথাত মই চুপ হৈ গ'লো। মোৰ চিঞৰত তেওঁ হয়তো অলপ বেয়া পাইছিল, সেয়ে তেওঁ অনুমতি নোলোৱাকৈ গাড়ী ষ্টাৰ্ট দি আমাক আগুৱাই লৈ গ'ল। আকৌ নিজে কিছু দূৰৈত ৰৈ দিলে। আমি সকলোৱে স্তব্ধ হৈ পৰিলোঁ।  এইবাৰ ড্ৰাইভাৰ জনে নিজে আঙুলিয়াই দি ক'লে, সেইকেইটা বনৰীয়া মুৰ্গী।  কিন্তু কোনেও নিচিঞৰিব। ইহঁতক কেমেৰাত বন্দী কৰি লওঁক বৰ ধুনীয়া দেখিবলৈ। হয় ঠিকেই। ইহঁত দেখিবলৈ বৰ ধুনীয়া।  গোটেই গাৰ ৰং গাঢ় নীলা আৰু চকুৰ কাষত অলপ তেজ ৰঙা ৰঙৰ। মুৰত তিনি চাৰিটা পাখিৰে ধুনীয়া টুপীটোৰে এক অপূর্ব সুন্দৰ চৰাই ইহঁত। ইফালে সিফালে চাই পুনৰ তেওঁ ক'লে, ওপৰফালে চাওঁক, দীঘল নেজৰ বান্দৰ। কি আচৰিত! আমাক ড্ৰাইভাৰ জনে য'তে ৰখাইছিল, তাত আমি কেইবাটাও চৰাই, জন্তু, আৰু জীৱ দেখিবলৈ পোৱাত নথৈ আনন্দিত হ'লো। বান্দৰ কেইটা ভালকৈ চাই থাকোঁতে তেওঁ পুনৰ ক'লে, মনে মনে থাকক, এইবাৰ বাইছন (  Bison  ) চাবলৈ পাব মনে মনে থাকি অপেক্ষা কৰিলোঁ, চাওঁতে চাওঁতে এটা এটা কৰি পাঁচ ছয়টা বাইছন আমাৰ সম্মুখৰে বাট অতিক্রম কৰিলে। বাইছন কেইটা দেখাত একপ্রকাৰ য়াক নিছিনা। য়াকৰ গাৰ নোমবোৰ দীঘলীয়া, কিন্তু বাইছনৰ গাৰ নোম সাধাৰণ গৰু ম'হৰ দৰে। কিন্তু ইহঁতৰ ৰং কিছু পৃথক। মুৰৰ ওপৰৰ অংশ সোণ হালধীয়া। শিং দুটা ধেনুভেড়িয়া। কাণ দুখন থিয়।  কাণৰ কিছুঅংশ সোণ হালধীয়া বৰণ চালে চকুৰোৱা ইহঁত। মই কিমান সৌভাগ্য।  জীৱনৰ প্ৰথম বাৰ মানাহ ৰাষ্ট্ৰীয় অৰণ্যত খোজ দি অৰণ্যৰ বহু জীৱ জন্তু পশু পক্ষী চৰাই আদি দেখা পোৱাটো কম সৌভাগ্যৰ কথানে। হঠাৎ বতৰটো ডাৱৰীয়া হৈ পৰাত আমাৰ দলটোৰ প্ৰত্যেক জন ব্যক্তিৰ মনত ভয় এটাই খুন্দিয়াবলৈ ধৰিলে! ড্ৰাইভাৰ জনৰ মুখতো শুনিলোঁ, বতৰটো ডাৱৰীয়া হ'লে হেনো বাঘ ওলোৱাৰ সম্ভাৱনা থাকে। বাঘ বুলি কোৱাৰ লগে লগে মোৰ মনটোৱে জপিয়াই উঠিল!  মনত কিমান আশা লৈ মানাহ অৰণ্যত খোজ দিছোঁ বাঘ চাবলৈকে। কিন্তু বাঘ নোচোৱাকৈয়ে যদি ইয়াৰ পৰা উভতি যাব লগা হয় তাতকৈ মনত আৰু কিবা বেদনাই আঘাত সানিব পাৰে নে? নাই,  নোৱাৰে; কেতিয়াও নোৱাৰে। সেয়ে বতৰ যিমানেই বেয়া নহঁওক কিয় আজি ইয়াত বাঘ চাইহে যাম। মোৰ মনৰ দৃঢ়তা দেখি চকু ডাঙৰ কৰি মোলৈ চাই থাকিল দলটোৰ বাকি লোকসকলে।  

       তেনেতে আমাৰ গাড়ী চালকজনেও কৈ উঠিল! __ দাদা, এতিয়া আৰু আমি অৰণ্যৰ ভিতৰত থাকিব নোৱাৰিম? ইয়াৰ পৰা উভতি যোৱাৰ সময় পাৰ হৈছে? 

চালকজনে সময় পাৰ হোৱাৰ কথা কোৱাত আমি আটাইয়ে এবাৰ হেঁচা দিলোঁ যে তেওঁ আমাক আৰু অলপ সময় ইয়াত ৰাখি  কিবা এটা দেখুৱাই নিব লাগিব? 

আমাৰ সকলোৰে হেঁচাত চালকজন মান্তি হ'ল যদিও তেওঁ ক'লে, মই দেখুৱাব পাৰিম? কিন্তু ইয়াৰ পৰা ওলাই গৈ গেটত মই আমাৰ সুৰক্ষা বাহিনীক কি বুলি উত্তৰ দিম কওঁক?  তেওঁৰ প্ৰশ্নৰ উত্তৰত আমি ক'লো, একো ক'ব নালাগে তুমি ; তোমাক কিবা সুধিলে  আহোঁতে পলম হ'ল বুলি কৈ দিবা । দুয়োপক্ষৰ মাজত কথা হ'ল, আমি মাত্র এতিয়া এনেকুৱা এটা উপপথত সোমাব লাগে, য'ত আমি আমাৰ  মনৰ আশা পূৰ্ণ কৰিব পাৰোঁ।  এইবাৰ চালকজনে আমাক এনেকুৱা এটা পথত সোমাই দিলে সকলোৰে মুখে মুখে শুনা পোৱা কথা,  বাঁহবাৰীৰ  এইটো পথ হেনো সকলোতকৈ ভয়ংকৰ?  এইটো পথেৰে সঘনাই ইপাৰ সিপাৰ হৈ থাকে এই অৰণ্যৰ আটাইতকৈ হিংস্র আৰু ভয়লগা জন্তু বোৰ। পথটোত সোমাই আমিও ভাবিছিলোঁ, সুমুৱাৰ আৰম্ভণিতে কিজানি আমি বাঘ, ভালুক, ভেৰীয়া আদি দেখিম! কিন্তু ক'তা! পথটোৰে বহুখিনি ভিতৰ সোমাই আহিলো, কিন্তু এতিয়ালৈ ক'তো এটা হিংস্র জন্তু আমাৰ চকুত নপৰিল; আমাৰ সকলোৰে মুখবোৰ সেমেকি গৈছিল,   আমাৰ চকুত পৰিল  আকৌ এবাৰ দুটা মায়া পহু। পহু দুটাই খেলা কৰি আছে। এবাৰ বিৰিণাৰ মাজলৈ দৌৰ মাৰে আকৌ মুকলি ঠাইলৈ ওলাই আহি ইফালে সিফালে চাই ; আকৌ দৌৰ মাৰে ভিতৰলৈ! ভাবিছিলোঁ! ইয়াত বাঘ নাইবা কিবা হিংস্র জন্তু বা পশু  দেখিম ,কিন্ত  সেয়া একো নহ'ল  সিহঁতক চাই এনেকৈ বহু সময় পাৰ কৰি দিয়াত চালকজনে ক'লে, __ ব'লক এতিয়া যাওঁ। আমি চালকজনৰ কথাত মাত মাতিব নোৱাৰিলোঁ। কাৰণ আমি প্ৰশ্ন উত্থাপন কৰাৰ সুবিধা আমাৰ হাতত একোৱেই নাছিল! সেয়ে ডাৱৰীয়া মন লৈ যোৱা বাটে উভটিলো।


Doksiri দকচিৰি, মে, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages