এয়েতো জীৱন
ইনু দত্ত
গুৱাহাটী
দপ্দপাই দিয়া বৰষুণ জাক অলপ আগতে শাম কাটিছে। বৰষুণজাক এৰা দেখি বাহিৰলৈ মই ওলাই চাই দেখো মানুহ এজনী তিতি বুৰি মোৰ ফালেই আহিছে। ভালকৈ চাই দেখিলো আমাৰ ঘৰত কাম কৰা গোলাপী। মানুহ জনীয়ে হেঁহাই ফোপাই আহি মোৰ ওচৰ পালেহি। বাইদেউ অ' বাইদেউ বুলি তাই মোক মাতিবলৈ ধৰিলে। মই যে সেই খিনিতে ৰৈ আছো তাই ক'বকে নোৱাৰে।
'কি হ'ল অ' গোলাপী তোৰ’ বুলি মাত লগালো মই। তোৰ দেখুন তিতি- বুৰি অৱস্থাই নাই। গোটেই জনী ফোপাই আছ। ঘৰত কিবা হ'ল নেকি ? গোলাপীয়ে কথমপি উশাটো সলাই মাত লগালে-'কিতোনো হ'ব বাইদেউ, জগন্নাথে কালি গোটেই ৰাতি টেঁটুলৈকে মদ খাই ক'ৰবাত পৰি আছিল। আজি ৰাতিপুৱা ঢলঙ-পলঙ কৈ আহি ঘৰ সোমায়ে উৎপাত কৰিছে। টকা লাগে তাক মদ খাবলৈ। মই নিদিয়া দেখি মোক মাৰধৰ কৰিছে। মই ল’ৰাটোক তাতে এৰি কথমপি এইখিনি পালোহি। সেই কাৰণে বাইদেউ কামলৈ অহা দেৰি হ'ল। বুজিছে বাইদেউ, দিনটো শুই থাকি সি ৰাতি ডিঙিলৈকে এসোপা খাই আহিব। কামৰ নামত কুটা এগছো নকৰে। অকল বহি শুই খাব। মই কাম কৰি অনা টকা কেইটাৰ ওপৰত তাৰ চকু। মদ খাবলৈ টকা লাগে। টকা নিদিলে মোক মাৰধৰ কৰে। মই সদায় সদায় তাক মদ খাবলৈ ক'ৰপৰা টকা দিও বাইদেউ। কেতিয়াবা আপোন ঘাটি হ'বলৈ মন যায় বুজিছে। ল'ৰাটোৰ মূখলৈ চাইহে জীয়াই আছো, নহ'লে মই কেতিয়াবা ই কিবা এটা কৰিলো হেঁতেন। মই নাথাকিলে পোনাটোৰ কি বিলৈ হ'ব। খাবলৈ নাপায় মৰিব। যেয়ে তেয়ে লঠিয়াব। তাৰ কথা ভাৱিহে জীয়াই আছো বাইদেউ। নহ'লে সেইডাল মৰাহেতেঁন ভাল আছিল। এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল।
‘ধেৎ এইজনী তেনেকৈ নকবি’ বুলি লাহেকৈ ক’লোঁ যদিও মনতে ভাৱিলোঁ গোলাপীৰ প্ৰতিটো কথাইতো আচলতে সঁচা।
তেনেতে ভিতৰৰ পৰা মোৰ ল'ৰা টোৱে মা মা বুলি মাতিলতহে সম্ভিত ঘূৰি আহিল।
এৰা, কিনো কৰিবি গোলাপী। সি যদি নিজেই নুবুজে আনে একো কৰিব নোৱাৰে। ল'ৰা টোৰ মুখলৈকে চাই জীয়াই থাকিব লাগিব। দুখ নকৰিবি বুজিছ, নেদেখা জন আছেং নহয় তেঁৱেই ৰক্ষা কৰিব।
যি হ'ল হ'ল আৰু, ঘৰলৈকে যাগৈ। ল’ৰাটোৱে চাগে তোক নাপাই কান্দি আছে। মই লাহেকৈ ভিতৰলৈ গৈ হাততে বিস্কুট পেকেট এটা আনি তাইৰ হাতত দি ক’লো, হু এই বিস্কুট পেকেট ল'ৰাটোক দিবিগৈ। লগতে এই টকা দুশ ল। আজি আৰু কাম কৰিব নালাগে। ঘৰলৈকে যাগৈ। তাই মই দিয়া বিস্কুট পেকেট আৰু টকা দুশ লৈ এখোজ দুখোজ কৈ ঘৰমুৱা হ'ল। মনটো কিবা বিষাদৰে ভৰি পৰিল। মনতে ভাবিলো এনে হাজাৰ গোলাপীৰ যন্ত্ৰণাময় জীৱনৰ অন্ত ক’ত !
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment