তুমি যোৱাৰ পিছত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

তুমি যোৱাৰ পিছত

 


তুমি যোৱাৰ পিছত


                        নীহাৰিকা মজুমদাৰ দাস


ভালপোৱাক ভালপোৱাৰে পাবলৈ

ডাৱৰবোৰ গুছাই দিব লাগিব

ভালপোৱাক ভাল লাগিবলৈ

এজাক শিলাবৃষ্টি লাগিব


পদূলিতে গুঠি থোৱা মকৰাৰ জাল

আৰু 

মন গহনৰ মনত থকা কথা

আঁত হেৰুওৱা চেৰেকীৰ সূতা

একেই কথা


ক'তনো বিচাৰি পাম চিৰ প্ৰৱাহিত ভালপোৱাৰে ভালপোৱা...


বাসন্তিক কোমল সেউজীয়াৰ আঁৰে আঁৰে

ভালপোৱাৰ ডাৱৰ ভাহি ফুৰে

ভালপোৱাক ভালপাবলৈ

শীততো ফাগুনে পুৰে!! 


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages