বিদ্ৰোহ
সীমা প্ৰধান
সকলোৰে মাজত আছেনে এনে এক সাহস
বিদ্ৰোহৰ...
নিজৰ বিৰুদ্ধে !
ধন-সম্পত্তিৰ বাবে লালায়িত
বিষয়-বাসনাৰ মাজত আৱদ্ধজনৰ বাবে
বিদ্ৰোহ বহু যোজন আঁতৰৰ৷৷
কোনে কৰিব পাৰে বিদ্ৰোহ
দেশৰ স্বাৰ্থৰ বাবে, দহৰ মংগলৰ বাবে
প্ৰতি মুহূৰ্ততে যি ব্যস্ত নিজৰ মুনাফাৰ হিচাপত!
ক’ৰবাত এদিন এক বিদ্ৰোহ হ’ব
মানুহবোৰে নিজক জুইত পুৰি সোণ কৰি তুলিব
আৰু আগবাঢ়িব সেই বাখৰুৱা সমদল নৱজাগৰণৰ অভিমুখে…
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment