চহৰত চিঞৰবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

চহৰত চিঞৰবোৰ

 


চহৰত চিঞৰবোৰ


                            অংকুৰণ আৰ্ফ


চহৰত চিঞৰবোৰ চটফটাই আছে


চিঞৰৰ চেঁপাত চিঞৰ মৰিছে

চিঞৰৰ গচকত চেপেটা লাগিছে

চিঞৰৰ ভিৰত চিঞৰ হেৰাইছে

চিঞৰৰ কোবত চিঞৰ চিটিকি পৰিছে


চিঞৰে চিঞৰক চোঁচৰাই নিছে

চিঞৰে চিঞৰক চেঁপি ধৰিছে

মুঠতে চহৰত চিঞৰবোৰ চটফটাই আছে


পুৱাৰ প্ৰেচাৰ কুকাৰটোৰ চিঞৰ

দেশৰ বাতৰি বিলাই ফুৰা হকাৰজনৰ চিঞৰ

স্কুল-বাছৰ চিঞৰ

সৰু-ডাঙৰ গাড়ী-মটৰবোৰৰ চিঞৰ

ট্ৰেফিক পুলিচজনৰ হুইচেলৰ চিঞৰ

চানা বেচি ফুৰা মানুহজনৰ পেঁপাটোৰ চিঞৰ

ফুটপাথৰ অন্ধ মানুহজনৰ নাগাৰাযোৰৰ চিঞৰ 


ৰাতি আন্ধাৰৰ আঁৰত ডাস্টবিনত কোনোবাই

পেলাই যোৱা নৱজাতকৰ চিঞৰ

চহৰৰ নিষিদ্ধ এলেকাত আন্ধাৰে চুৱা কৰা

ছোৱালীজনীৰ চিৎকাৰ ভৰা চিঞৰ 

দূৰ্ঘটনাত শিৰ চিগি পৰা ডেকাল'ৰাটোৰ অন্তিমটো চিঞৰ

হোটেলৰ কোনোবা এটা কোঠাত

গোপনে ফেনত ওলমি থকা অচিন মৃতদেহটোৰ

গোপনৰো গোপন চিঞৰ

ৰজাঘৰৰ সংগোপন কক্ষত

নিশা গৰজি উঠা নৰখাদক চিঞৰ

কাৰাগাৰত বন্দী মানুহবোৰৰ হৃদয়ৰ চিঞৰ

আদালতত ন্যায়- অন্যায়ৰ সপক্ষে-বিপক্ষে

গৰজি উঠা চিঞৰ

নিশা অবৈধভাৱে লুকুৱাই নিয়া

মালবাহী ট্ৰাকৰ চিতৰ তলত লুকুৱাই নিয়া

টকাবোৰৰ গোপন চিঞৰ


ইমান চিঞৰ

ইমান চিঞৰ

চহৰত চিঞৰবোৰ চটফটাই আছে

চিঞৰৰ চেঁপাত চিঞৰ মৰিছে

চিঞৰৰ গচকত চিঞৰ চেপেটা লাগিছে

চিঞৰৰ ভৰত চহৰখন ঠেৰেঙা লাগিছে


ইমান চিঞৰৰ মাজত

কোনে শুনিব

কোনে বুজিব

তোৰ দুখভৰা চিঞৰ

অ' মোৰ হৃদয়।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages