ঐতিহ্য
জিতু ৰাজ
চামতা, নলবাৰী
জননীৰ জাগৃত পোহৰ বিলাই
ভাটিয়ানী সোঁতৰ লুইতৰ পাৰত
ৰিঙিয়াই ৰিঙিয়াই মোৰ সপোন জাগৃত
আশাৰ ধৰণী শলিতা চাকি
যেন পুনৰ জ্বলি উঠিব !
লুইতৰ পাৰৰ নিজান বননি ঐ,
কাৰ বাবে ৰৈ আছা নো ?
প্ৰবাল সোঁতে বেগাই আহি
উটুৱাই লৈ যাব তোক।
শিমলু পলাস ৰঙেৰে আবৃত
তোৰ এই নিজান বননি
ভৰ লুইতৰ পানীয়ে তোক
উতুৱাই লৈ গ’ল,
ঘূৰাই যেন দুনাই পাবলৈ টান।
প্ৰকৃতিৰ বুকুৰ শিহৰনি
জানোছা গুচি গ’ল,
গংগাটোপ যেন বৰলুইত
আকৌ শান্ত হ’ল ?
ৰঙীন ৰঙীন সপোনে
বুকুৰ আগুৰি ল’লে ঠাই,
অতীত বুকুৰ স্মৃতি বোৰ
এতিয়া কিয় নাই ?
বিস্ময় স্মৃতি ভাৱবোৰ আনি
জ্বলালে হৃদয়ৰ শলিতা চাকি,
জাগৃত পোহৰ বোৰে আগুৰি লৈ
ৰিঙিয়ালে কিৰিলি পাৰি।
বৰলুইত জাগি উঠিছে
উঠিছে নিজান বন,
ভকুৱা যেন বননি খনি
আকৌ পোৱা গ’ল।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment