খালো আকৌ এবাৰ হাবাথুৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

খালো আকৌ এবাৰ হাবাথুৰি

 


খালো আকৌ এবাৰ হাবাথুৰি


                                       লহৰজ্যোতি মৰাণ


স্মৃতি বোৰ আহি থমকি ৰৈ

বাৰে বাৰ কাষলে আহি

অভিমানৰ ভাজতে

সৰকি হৈ যায়

অনুভৱৰ কাহিনী! 

বুজা নুবুজা ভাষাৰ বেদনা

মোৰে প্ৰতিচ্ছবি;

সপোনৰ ঠিকনা বিচাৰি! 

আজিৰ এই সময়

বিচাৰো তোমাক কাষত

দিবা নে নিভাজ মৰমৰ ঠিকনা 

হেঁপাহৰে দলিচা পাৰি! 

নদীৰ ঢৌৱে উটি ভাহি যায় 

দিঠক ৰচা সপোনৰ কাহিনী;

তোমাকে আজি সপোনত বিচাৰি 

খালো আকৌ এবাৰ হাবাথুৰি! 


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages