বাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

বাট

 


বাট


           গাৰ্গী ভূঞা


উন্নয়নশীল দেশ!

পথ নিৰ্মাণ আৰু উন্নীতকৰণৰ বাবে 

সহজেই টকাৰ আবণ্টন


পথ নিৰ্মাণ কৰা শ্ৰমিকৰ হাত দুখন 

আলকেটেৰাৰ দৰে ক'লা

বাটটোও ক'লা সেইবাবে


ময়ো বাট এটা বান্ধিছো

বাটটোৱে মনটো ঘায়ল কৰে বাবে

কাষে কাষে হালধি খেতি কৰিছোঁ


আমি লাপি-লুপা মানুহ

দেশ নিৰ্মাণত যোগদান নাথাকিলেও

পথ নিৰ্মাণত আছে


বাটবোৰ আচলতে সাঁথৰ

গৈ নোপোৱা গন্তব্যৰ বাবেও

আৰু এটি সৰল অথবা তীক্ষ্ণ মন্তব্যৰ বাবেও...


শেষত:

সকলো উৎকণ্ঠাৰ ওৰ পেলাই

সকলোৰে বাবে এটাই বাট হওক !

সম্ভাব্য দেশৰো উন্নতি হ'ব !

হাতৰ দৰে বাটবোৰো ক'লা নহয় !

কোনো বাটে আহত নকৰে মনবোৰক...!

আৰু দেশ নিৰ্মাণতো সকলোৰে যোগদান থাকিব !


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages