কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science & Engineering) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science & Engineering)



 

কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং 

(Computer Science & Engineering)


ড° বুলজিৎ বুঢ়াগোহাঁই


      ম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম হৈছে কম্পিউটাৰ প্ৰগ্ৰেমিংৰ লগতে নেটৱৰ্কিঙৰ মৌলিক মুখ্য উপাদানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক জনপ্ৰিয় শৈক্ষিক পাঠ্যক্ৰম। বহুতো প্ৰাৰ্থীয়ে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং  পাঠ্যক্ৰমটো বাছনি কৰে, কিয়নো এই পাঠ্যক্ৰমে তেওঁলোকক হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ ক্ষেত্ৰত ডিজাইন, ইয়াৰ ৰূপায়ণ আৰু তথ্য প্ৰণালীৰ সামগ্ৰিক ব্যৱস্থাপনাৰ জ্ঞান আৰু ধাৰণা  লাভ কৰিবলৈ  সুবিধা প্রদান কৰে।

      কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্রম অধ্যয়ন কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কিছুমান দক্ষতা থাকিব লাগিব, যেনে -  সমালোচনামূলক চিন্তা আৰু বিশ্লেষণাত্মক দক্ষতা, দ্ৰুত শিক্ষণ দক্ষতা,  সমস্যা সমাধানৰ দক্ষতা, সাংখ্যিক সামৰ্থ্য  আদি।

      শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম বি.টেক.(B.Tech) বা বি.ই.(B.E.)ত নাম ভৰ্তি কৰিব পাৰে। এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা  অসমত থকা বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ হ'ল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College, Guwahati, http://www.aec.ac.in) ত আসনৰ সংখ্যা ২০ খন; যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College, Jorhat, http://jecassam.ac.in) ত  আসনৰ সংখ্যা ৬০ খন; বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় (Barak Valley Engineering College, Karimganj , https://bvec.ac.in) ত আসনৰ সংখ্যা ৬০ খন; ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় (Dhemaji Engineering College, https://dec.ac.in)  ত আসনৰ সংখ্যা ৬০ খন। এই মহাবিদ্যালয় কেইখনত নামভৰ্তি CEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়। ইয়াৰ উপৰিও প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ আৰু ৰাজ্যিক বিশ্ববিদ্যালয় কেইখনেও CEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নামভৰ্তি কৰে।  এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - http://astu.ac.in। 

      কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা  অসমত অৱস্থিত কেন্দ্রীয় চৰকাৰ অধীনৰ  শিক্ষানুষ্ঠানবোৰৰ  হ’ল- কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ (Central Institute of Technology, https://cit.ac.in) ত আসনৰ সংখ্যা ৬০ খন  এই  প্ৰতিষ্ঠানত নামভৰ্তিৰ সবিশেষ ৱেবাছাইটত চাব পাৰে ; ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology, Silchar, http://www.nits.ac.in) ত নামভৰ্তি JEE (Main) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় ; ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান  গুৱাহাটী (Indian Institute of Information Technology Guwahati, http://iiitg.ac.in)ত নামভৰ্তি JEE (Main) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়; ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী ( Indian Institute of Technology Guwahati, www.iitg.ac.in) ত JEE (Advanced) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়; অসম বিশ্ববিদ্যালয় (Assam University, http://www.aus.ac.in)ত নামভৰ্তি  ৭৫% আসন  JEE Main পৰীক্ষাৰ ওপৰত ভিত্তি কৰি  আৰু ২৫% আসন শিক্ষানুষ্ঠানৰ নিজা প্রৱেশ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়, তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University , http://www.tezu.ernet.in) ত নামভৰ্তি সবিশেষ ৱেবছাইটৰ  পৰা জানিব পাৰিব।

    ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষানুষ্ঠান হ’ল- ডিব্ৰুগড় ইউনিভাৰ্চিটি  ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী (Dibrugarh University Institute of Science & Technology, Dibrugarh, https://www.dibru.ac.in), গুৱাহাটী  ইউনিভাৰ্চিটি  ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী (Gauhati University Institute of Science and Technology, Jalukbari, Guwahati, https://gauhati.ac.in/academic/institutes/institute-of-science-and-technology) ত কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিঙত আসনৰ সংখ্যা ৩০ খন ।

   কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা  প্ৰাইভেট বিশ্ববিদ্যালয়ৰ শিক্ষানুষ্ঠান হ’ল- অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজী (Assam Don Bosco University School of Technology, http://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in), ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয় (Royal School of Engineering & Technology, Guwahati, http://rgu.ac), স্ক'লাৰ্চ ইনষ্টিটিউট অৱ  টেকন’লজী  এণ্ড  মেনেজমেণ্ট (Scholar’s Institute of Technology and Management, Guwahati ,http://sitmguwahati.org),  কাজিৰঙা ইউনিভাৰ্চিটি  (Kaziranga University, http://kazirangauniversity.in) আদি। সবিশেষ জানিবৰ বাবে  শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব লাগিব।

     যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে। এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি। বি.টেক. বা বি.ই. পাঠ্যক্রমত নামভৰ্তি কৰা আগতে শিক্ষানুষ্ঠানখন নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org) স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আছে নাই জানি ল'ব লাগে। শিক্ষানুষ্ঠানসমূহ এই পৰিষদৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । 

      শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতকসকলক নিযুক্তি প্ৰদানকাৰী কিছুমান সংস্থা হ’ল-আইবিএম গ্লোবেল চাৰ্ভিচেছ(IBM Global Services), ইনফ'চিছ টেকন'লজিছ (Infosys Technologies),উইপ্ৰো (Wipro), এইচ চি এল টেকন'লজিছ (HCL Technologies), কগনিজান্ট (Cognizant),গুগল (Google), চিস্কো (Cisco), টিচিএছ কনচালটেন্সি (TCS Consultancy), ডেলয়েট (Deloitte), পেটিএম(Paytm), ফেচবুক (Facebook), মাইক্ৰ’ছফ্ট (Microsoft), হিউলেট আৰু পেকাৰ্ড (Hewlett and Packard) আদি।

      কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতকসকলে বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে- Big Data Engineers, Blockchain Developer/Engineer, Computer Network Architect, Computer Operator, Computer Programmer, Computer Systems Analyst, Cyber security specialist, Data Analyst, Data Scientist, Data Warehouse Analyst, Database Administrator, Engineering Support Specialist, Full Stack Developer, Information Security Analyst, Information Systems Manager, Machine Learning Engineer, Research Analyst, Software Developer, Software Engineer, System Database Administrator, System Designer আদি।

    কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ বি.টেক. বা বি.ই. পাঠ্যক্রম সমাপ্ত কৰা শিক্ষাৰ্থীসকলৰ বাবে  এটা পৰীক্ষাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল । 

গ্রেজুৱেট  এপটিটিউড  টেষ্ট  ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering): 

   চৰকাৰী বা বেচৰকাৰী খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজ এখনত  বি.ই./বি.টেক. পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰা  শিক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ল- গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering) চমুকৈ ‘গেট’(GATE) । শিক্ষাৰ্থীসকলে ‘গেট’ পৰীক্ষাত উত্তীৰ্ণ হ’লেহে সাধাৰণতে ভাল শিক্ষানুষ্ঠানত  এম.ই./এম.টেক বা পি.এইচ.ডি. পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰিব। তাৰোপৰি, আজিকালি আমাৰ দেশৰ বহু কেইটা প্রতিষ্ঠানে নিযুক্তিৰ বাবে কেম্পাচ ইণ্টাৰভিউ ল’বলৈ নাহে। তেওঁলোকে নিযুক্তিৰ বাবে  আয়োজন কৰা সাক্ষাৎকাৰলৈ ‘গেট’ পৰীক্ষাত  উত্তীৰ্ণ হোৱা সকলকহে আমন্ত্রণ জনায়। গেট পৰীক্ষা যোগেদি  নিযুক্তি দিয়া  পি এচ ইউ (Public Sector Undertakings)  কিছুমান হ’ল- BSNL ,WBSEDCL, Power Grid, RITES, CEL, IOCL, NLC Ltd., BPCL, MDL, BHEL, NTPC Limited, GAIL, HPCL, HAL, BEML, BBNL, NPCIL, OIL India, Tata Power, Cabinet Secretariat (Govt. of India),Haryana Power Utilities, NHAI, PSPCL, Midhani, ONGC,DRDO, BAARC, NFL,MECL, DMRC, IRCON, BSPCL, IPR, PSTCL, NBCC Ltd., NHPC, THDC India Ltd., OPGC Ltd., GSECL, KRIBHCO, Mumbai Railway Vikas Corporation Ltd (MRVC Ltd.), National Textile Corporation, Rail Vikas Nigam Ltd., Coal India Ltd., BNPM, AAI, EdCIL India, NALCO ইত্যাদি । 


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages