কিয় বাৰু
ববিতা দাস
তামুলপুৰ
বহুদিন হ’ল মায়ে কেক আৰু চকলেট একো কিনি দিয়া নাই।
: তুমি কিয় হাঁহি আছা ?
আৰু কি জানা, মায়ে আজিকালি মোক খুউব খং কৰে, মাৰেও।
: একো নকোৱা দেউতা ??
হাঁহিতো মাৰি কেৱল বেৰতে উলমি থাকা কিয় বাৰু দেউতা ??
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment