সেন্দূৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

সেন্দূৰ



 সেন্দূৰ


ৰিজু মণি বৰা

নগাঁও


    তিনিটা ল’ৰা ছোৱালীৰ ভিতৰত আস্থা আছিল ঘৰখনৰ আটাইতকৈ ডাঙৰ ছোৱালী। দেউতাকৰ মৃত্যুৰ পাছত ভায়েক ভনীয়েকৰ কথা চিন্তা কৰি আধাতে পঢ়া সামৰিব লগা হ’ল আনকি সকলো ক্ষেত্ৰতে তাই এৰাধৰা কৰিব লাগীয়া হয়। হঠাৎ তাইৰ জীৱনলৈ ঋষিকেশ আহিল। বেংকৰ এজন উচ্চ পদষ্ঠ বিষয়া লগতে দেখাই শুনাই বেচ ভাল।কম দিনৰ ভিতৰতে ঋষিকেশৰ  সৈতে আস্থাৰ বিয়াখন হ’ল। বিয়াৰ দিনা তাই ভাবিলে যে আজিৰ পৰা তাই আৰু একোতে এৰাধৰা কৰিব লগীয়া নহয় পিছে ফুলশয্যাৰ নিশা ১ মান বজাত যেতিয়া ঋষিকেশৰ মবাইললৈ এটা মেচেজ আহে মেচেজটো দেখি তাই ভাবিলে যে তাইৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোৰ সৈতে এতিয়া তাই এৰাধৰা কৰিব লাগিব।


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages