ছ্যুঃ তিৱাসকলৰ পৰাম্পৰাগত পনীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

ছ্যুঃ তিৱাসকলৰ পৰাম্পৰাগত পনীয়



 ছ্যুঃ তিৱাসকলৰ পৰাম্পৰাগত পনীয়


জনাৰ্দন পাটৰ মচৰং


     সমৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে তিৱাসকলৰো সামাজিক পৰম্পৰা, ৰীতি- নীতিৰ অবিচ্ছেদ্য অংগ হৈছে পৰম্পৰাগত পানীয় ‘ছ্যু’। এই ছ্যু তিৱা সমাজত জন্মৰ পৰা মৃত্যু পৰ্যন্ত, উৎসৱ পাৰ্বন আৰু অতিথী আপ্যায়নত অপৰিহাৰ্য। তিৱাসকলৰ বা জনজাতি সকলৰ বিশ্বাস মতে, ইষ্ট দেৱতাক পূজা আগ বঢ়াবলৈ আৰু পূৰ্বপুৰুষক উচৰ্গা কৰিবলৈ পৰাম্পৰাগত ছ্যু’ৰ প্ৰয়োজন। তিৱা সকলে এই ছ্যু’ ক পবিত্ৰ হিচাপে মানে। জন্ম, বিবাহ, মৃত্যু প্ৰতিটো মাংগলিক অনুষ্ঠানত ইয়াৰ ব্যৱহাৰ হয়। ধান ৰোৱা, ধান কটাৰ সময়ত, পাহাৰত ঝুম খেতি কৰাৰ সময়তো এই ছ্যু আপ্যায়ন কৰে। 

    এই পৰাম্পৰাগত ‘ছ্যু’ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হয় প্ৰাকৃতিকভাৱে উপলব্ধ বনৌষধিযুক্ত ছ্যু ৱান (বাখৰ)। ছ্যু প্ৰস্তুতিৰ পূৰ্বে প্ৰথম এই বাখৰ প্ৰস্তুত কৰা হয়। প্ৰকৃতিৰ বিভিন্ন ঔষধি পাত যেনে লাৱান লাই (এবিধ তিতা পাত), চুৱান লাই (তৰা গছৰ পাত), ভেদাইলতা, বিহলতি পাত, দোৰোণ শাক, নিম পাত, ভেঁকুৰি তিতা, বাহাকা তিতা, চজিনা গছৰ পাত, ধতুৰাৰ পাত, কঁঠাল পাত ইত্যাদি সমূহ পানীত তিয়াই থোৱা চাউলেৰে মিহলাই ঢেঁকী বা উৰলত খুন্দি ঘুৰণিয়াকৈ পিঠাৰ দৰে প্ৰস্তুত কৰে। ইয়াৰ পাচত সেইবোৰ দলা, চালনি অথবা কলপাতত খেৰ পাৰি চাৰি- পাঁচ দিন ৰাখি শুকুৱাই দিয়াৰ পাছত ছ্যু প্ৰস্তুতৰ বাবে উপযোগী হয় উঠে। সেয়াই বাখৰ বা ছ্যু ৱান। 

     ইয়াৰ পাচত প্ৰয়োজনীয় পৰিমাণৰ চাউল সিজাই কলপাতত ৰাখি চেঁচা হোৱাৰ পাচত পূৰ্বতে প্ৰস্তুত কৰি ৰখা বাখৰবোৰ মিহলোৱা হয়। ইয়াৰ পাচত মিশ্ৰণখিনি প্ৰথমে কলপাতত বহলাই ৰাখে। সেই সময়ত ঢাকি থোৱা কলপাতৰ ওপৰত মুখ বা নজৰ নালাগিবলৈ জুইৰ আঙঠা, জলকীয়া, শুকুতা পাত, কাঁচি এখন ৰখাৰ লগতে নেমু বা যিকোনো টেঙা জাতীয় সামগ্ৰী কাষত ৰাখিলে ছ্যুৰ সোৱাদ টেঙা হয় বুলি বিশ্বাস কৰে। কলপাতৰ পৰা নিৰ্দিষ্ট পাত্ৰ এটাত ৰাখি তিনি-চাৰিদিন থোৱা হয়। তাৰ পৰাই লাহে লাহে ৰস নিগৰি ছ্যু প্ৰস্তুত হয় উঠে। নিগৰি ওলোৱা হালধীয়া ৰঙৰ ৰসবোৰ ‘ছ্যু চা’ আৰু মিশ্ৰণ খিনিক ‘ছ্যু বুৰি (জুগুলি)’ বোলা হয়। এক বিশেষ গোন্ধ থকা জুগুলি খিনি আকৌ পানী ঢালি বিশেষ চেকণিৰে চেকি ৰস উলিওৱা হয়। এনেদৰেই ছ্যু প্ৰস্তুত হয়। ইয়াৰ বাবে বিভিন্ন প্ৰজাতিৰ যেনে আহু, শালি, বাও, পাহাৰৰ ঝুম খেতিৰ ধান, কোমল, বৰা ইত্যাদি ধানৰ চাউল ব্যৱহৃত হয়। কিন্তু বৰা ধানৰ চাউলেৰে প্ৰস্তুত কৰা ছ্যুৰ এক বিশেষ সমাদৰ আছে ইয়াৰ মিঠা সোৱাদৰ বাবে। 

     এই ছ্যু যিমান বেছি দিন সাঁচি ৰখা হয় সিমানেই ইয়াৰ বৰণ ৰঙা হয় আৰু সোৱাদো সলনি হয়। তিৱাসকলে এই ছ্যু সামাজিক কামত কাঠেৰে বা বেতেৰে নিৰ্মিত দাৰন’ত পৰিৱেশন কৰে আৰু বাঁহৰ চুঙাত আপ্যায়ন কৰে। সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱত পাত্ৰৰ কিছু সলনি হৈছে যদিও ছ্যুৰ গুৰুত্ব কমা নাই। বিভিন্ন পূজাত ইষ্ট দেৱতাক পূজা আগ বঢ়াওঁতে বা অতিথিক মান ধৰিবলৈ জাতি লাউ শুকুৱাই প্ৰস্তুত কৰা বিশেষ পাত্ৰত ইয়াক প্ৰদান কৰা হয়। এই পাত্ৰক ‘ছ্যু লাউ’ বোলা হয়। ছ্যু লাউ এক সম্মান জনক পাত্ৰ বুলি গণ্য কৰা হয়। এই ছ্যু পান কৰিলে প্ৰস্ৰাৱ খোলোচা নোহোৱা, গ্ৰহণী আৰু উচ্চ ৰক্তচাপ বেমাৰত ঔষধৰ কামো কৰে।


Doksiri দকচিৰি, জুন, ২০২৪



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages