মিচিং জনগোষ্ঠীৰ ছাত্ৰ সমাজ আৰু জননেতা সকলৰ চিন্তাধাৰাৰ সেতু-বন্ধন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

মিচিং জনগোষ্ঠীৰ ছাত্ৰ সমাজ আৰু জননেতা সকলৰ চিন্তাধাৰাৰ সেতু-বন্ধন

 


মিচিং জনগোষ্ঠীৰ ছাত্ৰ সমাজ আৰু জননেতা সকলৰ চিন্তাধাৰাৰ সেতু-বন্ধন 


হৰেন্দ্ৰনাথ দলে

 

     মিচিং সকল অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম খিলঞ্জীয়া  জনগোষ্ঠী। মিচিং সকল নিজা ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰাৰে সমৃদ্ধ স্বাভিমানী জনগোষ্ঠী। আমাৰ গৱেষক-পণ্ডিত সকলৰ মতে চুতীয়া ৰাজত্বৰ সময়ত ১০০ বছৰ, আহোম ৰাজত্বৰ সময়ত ৬০০ বছৰ আৰু বৃটিছ ৰাজত্বৰ সময়ত ২০০ বছৰ সাধাৰণ প্ৰজা হিচাপে জীয়াই আছিল যদিও তেওঁলোকে কেতিয়াও কোনোদিন নিজকে তলতীয়া জাতি বুলি বা নাছিল। এতিয়াও মিচিং গঞা ৰাইজে স্বতন্ত্ৰভাৱে জীয়াই থাকি ভাল পায়। আনকি বৃটিছ ৰাজত্বৰ সময়তো নিজকে পৰাধীন জাতি বুলি ভবা নাছিল। তাৰ উদাহৰণ হ'ল মাজুলীৰ গেজেৰা গাওঁত ১৯২৪ চনত জাতীয়তাবাদী চিন্তাৰে প্ৰতিষ্ঠা কৰা সদৌ মিৰি সন্মিলন বা মিচিং বা:নৗ কৗবাং। এই সংগঠনটোৱে হ’ল মিচিং সমাজৰ আটাইতকৈ দীৰ্ঘজীৱি  আৰু মিচিং জনমানসত আটাইতকৈ প্ৰভাৱশালী জাতীয় পিতৃ সংগঠন। জনসংখ্যাৰ লেখেৰে অসমৰ ভৈয়াম জনগোষ্ঠীৰ ভিতৰত বড়ো সকলৰ পিছতে মিচিং সকলৰ স্থান। ইয়াৰ অৰ্থ হ’ল মিচিং সকল অসমৰ দ্বিতীয় সৰ্ব-বৃহৎ জনজাতি জনগোষ্ঠি। ২০১১ চনৰ জন-গণনা অনুসৰি অসমৰ মিচিং জন সংখ্যা আছিল ৬৮০২২৪ গৰাকী। অৰুণাচল প্ৰদেশতো স্থায়ীভাৱে বসবাস কৰি থকা মিচিং মানুহৰ সংখা হ’ল  ৫০,০০০ গৰাকী (বিভিন্ন উৎসৰ পৰা প্ৰাপ্ত)। উক্ত জন-গণনাৰ বিপৰীতে আমি প্ৰতিবছৰে আমাৰ বৰ্ধিত জনসংখ্যাৰ শতকৰা হাৰ বছৰি ২.৫% কৈ যদিহে জুৰি লও তেতিয়া ২০২৩ চনলৈকে আনুমানিক জনসংখ্যা হবগৈ প্ৰায় ৯,৫০,০০০ গৰাকী। মিচিং মানুহৰ ক্ৰম-বৰ্দ্ধিত জনসংখ্যাৰ ধাৰণা দিবলৈহে এই আনুমানিক জন-গণনাটো উপস্থাপন কৰা হ'ল।

     এতিয়া আহো মিচিং ছাত্ৰ সমাজৰ প্ৰসংগলৈ। মিচিং জনগোষ্ঠীৰ  ছাত্ৰ সমাজৰ পৰিসংখ্যা সঠিকভাৱে নিৰ্ধাৰণ কৰা কঠিন। তথাপিও মিচিং সমাজৰ পুৰুষ আৰু মহিলাৰ সাক্ষৰতা হাৰৰ ভিত্তিত এটা পৰিসংখ্যা নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিম। ৱেব-চাইটত উপলব্ধ তথ্য অনুসৰি মিচিং জনগোষ্ঠীৰ সৰ্বমুঠ জনসংখ্যা হ'ল ৬৮০২২৪ গৰাকী। উক্ত জনসংখ্যাৰ বিপৰীতেঃ-

 (ক) পু্ৰুষ সাক্ষৰতাৰ সংখ্যা ৩,৬৫,০৩৫ গৰাকী (৭৮%)

(খ) মহিলাৰ জনসংখ্যা ১,০২,৯৫৯ গৰাকী (৫৯%)

(গ) মিচিং জনগোষ্ঠীৰ নিৰক্ষৰ লোক ২১২২৩০ গৰাকী (৩১.২ %) 

      এতিয়া দেখা গ'ল সৰ্বমুঠ ৬৮০২২৪ গৰাকী মিচিং  মানুহৰ বিপৰীতে পুৰুষ আৰু মহিলা সাক্ষৰ লোকৰ সৰ্বমুঠ সংখ্যা হ’ল ৪৬৭৯৯৪ (৬৮.৮%) গৰাকী আৰু নিৰক্ষৰ  লোকৰ সংখ্যা হ’ল ২১২২৩০ (৩১.২%)। আমাৰ দেশৰ জনগণনামতে সাক্ষৰতাৰ সংজ্ঞা কি, তাক আমি বুজি পোৱা দৰকাৰ। সাধাৰণ অৰ্থত সাক্ষৰতা মানে হ’ল- লিখা-পঢ়াৰ যোগ্যতা সম্পন্ন। সাক্ষৰতা সম্পৰ্কীয় ইংৰাজীত লিখা এটা সংজ্ঞামুলক ব্যাখ্যা হ'ল এনে ধৰণৰ “Literacy, as defined in Census operation is the ability to read and write with understanding in any language. A person who can merely read but cannot write is classified  as literate . Any formal Education or minimum  educational standard is  not  necessary to be  considerd literate.”

     আমি মিচিং  ছাত্ৰ সমাজৰ সঠিক সংখ্যা নিৰ্ধাৰণ কৰিব নোৱাৰিলেও আমাৰ সকলোৰে বুজি পোৱাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সাক্ষৰ মিচিং লোক সকলক তিনিটা শ্ৰেণীত বিভক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছো (ক) কেৱল লিখিব আৰু পঢ়িব পৰাৰ যোগ্যতা সম্পন্ন (খ) পঢ়াশালী বা বিদ্যালয়ৰ শিশু বিদ্যাৰ্থী (গ) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ।

  আমি এতিয়া আলোচনা কৰিব লগা মূল প্ৰসংগতো হ’ল  ছাত্ৰ সমাজ আৰু জননেতাৰ চিন্তাধাৰাৰ সেতু-বন্ধন সম্পৰ্কে। সৰ্বপ্ৰথমে আমি ছাত্ৰ সমাজ সম্পৰ্কে এটা স্পষ্ট ধাৰণা দিব খুজিছো। ইংৰাজীত সংজ্ঞাবদ্ধ হৈ থকা বিশ্লেষণ অনুসৰি কব লাগিব এনেকৈ, A student society means Student Association, University Society, student club, University Club or Student organisation, operated by students at a University or College Institution, whose membership typically consists only student and or/ alumni.

    এনে দৃষ্টিকোণেৰে চাবলৈ গলে ছাত্ৰ সমাজ মানে হ'ল মহাবিদ্যালয় আৰু বিশ্ববিদ্যাল পৰ্যায়ৰ  সংস্থা বা সংগঠন, যি বিলাক সংগঠনত আনুষ্ঠানিকভাৱে সদস্যভুক্ত কেৱল ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰ পৰা আমি বুজিব লাগিব যে ছাত্ৰ সমাজ মানে বিদ্যায়তনিক ক্ষেত্ৰত পোনপটীয়াভাৱে জৰিত উচ্চ শিক্ষিত সমাজ। এনে প্ৰসংগত আমাৰ মিচিং সমাজৰ বিদ্যায়তনিক ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা  ছাত্ৰ সমাজৰ কথাহে বুজিব লাগিব। তেনেক্ষেত্ৰত  আমাৰ মিচিং ছাত্ৰ-ছাত্ৰীৰ পাৰিসাংখ্যিক তথ্য  দিব পৰা সম্ভৱ হোৱা হলে, আমাৰ আলোচনাৰ প্ৰাণশক্তি বৃদ্ধি কৰিব পৰা গলহেঁতেন। কিন্তু এতিয়া অন্ধই হাতী দৰ্শন কৰাৰ দৰেই আমাৰ পাৰিসাংখ্যিক আলোচনা আগুৱাই নিব লগা হল।

    জননেতা মানে সঁচা অৰ্থত জনতাৰ প্ৰকৃত নিস্বাৰ্থ সেৱক। যাক আমি জননায়ক বুলি অভিহিত কৰিব পাৰো। জননায়ক বা জননেতা সকল স্বৰূপতে নি:স্বাৰ্থ, আত্ম-ত্যাগী আৰু  মহান আদৰ্শেৰে পৰিচালিত অতি উচ্চস্তৰীয় গুণী-জ্ঞানী ব্যতিক্ৰমী ব্যক্তিত্ব। আমাৰ মিচিং সমাজত  জননেতা আছেনে ? থোৰতে এজনো নাই বুলি কব নোৱাৰি। থাকিলেও কোনো নেতাকে এনে জননেতা অভিধাৰে অভিহিত কৰা হোৱা নাই। আমি প্ৰতীকৰূপত হলেও আমাৰ জনপ্ৰতিনিধি সকলৰ মাজৰ পৰা কোনোবা এগৰাকীৰ নাম লব পাৰিম নে? লব লাগিলে আমি এই সকল জন প্ৰতিনিধিৰ মাজৰ পৰা আমি কাক লম ? আমাৰ মিচিং সমাজতো মন্ত্ৰী, বিধায়ক আৰু সাংসদ আছে। তাৰে ভিতৰত দুখন তালিকা জননেতা নিৰ্বাচনৰ কাৰণে প্ৰস্তুত কৰিছো। (ক) প্ৰাক্তন বিধায়ক/মন্ত্ৰী/ সাংসদৰ তালিকা:- কাৰ্কচন্দ্ৰ দলে, মালচন্দ্ৰ পেগু, ললিত কুমাৰ দলে, লক্ষ্যনাথ দলে, ৰমেশ মোহন কুলি, মুহিধৰ পেগু, চকভাল কাগয়ুং, ৰঘুনাথ পামেগাম, বলিন কুলি, গণেশ কুটুম, পদ্মেশ্বৰ দলে, ফণীধৰ টায়ুং, মণিৰাম পাঠৰি, দূৰ্গেশ্বৰ পাতিৰ, ৰাজীৱ লোচন পেগু, ৰাণী নৰহ (বৈবাহিক সূত্ৰে) আৰু সুমিত্ৰা দলে পাতিৰ। (খ) বৰ্তমানৰ বিধায়ক/ মন্ত্ৰী:- ভৰত চন্দ্ৰ নৰহ, নৱ কুমাৰ দলে, ডাঃ ৰণোজ পেগু, ভূৱন পেগু আৰু ভূৱন গাম।

  আমি এতিয়া জননেতাৰ পৰিৱৰ্তে জাতীয় সংগঠনৰ নেতা আৰু নিৰ্বাচিত জনপ্ৰতিনিধিৰ সকলৰ মাজৰ চিন্তা ধাৰাৰ সেতু-বন্ধন কৰিব পাৰিনে নোৱাৰি তাকেহে   আমাৰ আলোচনাৰ বাবে তুলি ধৰিম। মিচিং জনগোষ্ঠীৰ কেইবাটাও জাতীয় সংগঠন আছে। তাৰো নাম তালিকা এখনো তুলি ধৰা হওক। (ক) মিচিং বা:নৗ কৗবাং (খ) মিচিং আগম কৗবাং (গ) মিচিং দৃৰবৃ কৗবাং (গ) মিচিং মিমাগ কৗবাং আৰু (ঘ) তাকাম মিচিং মিমৗ  কৗবাং। এই আটাইবোৰ সংগঠনৰৰ মূল উদ্দেশ্যে আৰু লক্ষ্য হল মিচিং জনগোষ্ঠীৰ আৰ্থ-সামাজি-শিক্ষা আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ সৰ্বাঙ্গীন  বিকাশ সাধনৰ বাবে কৰ্ম-আঁচনি ৰূপায়ণ কৰা। এই জাতীয় সংগঠন সমূহে মিচিং ভাষাৰ স্বীকৃতি আৰু মিচিং স্বায়ত্ত-শাসন দাবীৰ পৰিপ্ৰেক্ষিতত গণ সংগ্ৰামৰ কাৰ্যসূচী লব লগা হৈছিল। মিচিং ভাষাৰ স্বীকৃতিৰ বাবে আগম মিমাগ কৗবাং আৰু পৰৱৰ্তী সময়ত মিচিং  স্বায়ত্ত-শাসন পৰিষদৰ স্বীকৃতিৰ দাবী তুলি তীব্ৰ আন্দোলন আগুৱাই নিবলৈ মিচিং সংগ্ৰাম সমিতি গঠন কৰা  হৈছিল। অসমৰ মিচিং অধ্যুষিত অঞ্চলত মিচিং ভাষা প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তনৰ স্বীকৃতি লাভৰ পিছত আগম মিমাগ কৗবাং (ভাষা সংগ্ৰাম সমিতি) কেই পৰৱৰ্তী সময়ত পূৰ্ণাংগ মিচিং মিমাগ কৗবাং (মিচিং জাতীয় সংগ্ৰাম সমিতি)লৈ  ৰূপান্তৰ ঘটোৱা হ’ল, যাতে মিচিং জাতীয় সংগঠনৰ ন্যায্য দাবী সমূহৰ আধাৰত ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰয়োজন সাপেক্ষে আন্দোলনৰ কাৰ্যসূচী লৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পাৰি। 

    আমাৰ বাকী জাতীয় সংগঠনবোৰৰ আলোচনাৰ প্ৰসংগ সীমিত ৰাখি, আমি এতিয়া অলপ আছুতীয়াকৈ  মিচিং ছাত্ৰ সংগঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে কব খোজো। যিহেতু ছাত্ৰ সমাজ আৰু জনপ্ৰতিনিধি সকলৰ চিন্তা ধাৰাৰ সেতু-বন্ধনৰ প্ৰসংগ আহিছে। তাকাম মিচিং পৰিন কৗবাং মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰে গঠিত যদিও তাকাম মিচিং পৰিন কৗবাং বিদ্যানুষ্ঠানিক ছাত্ৰ সংগঠন নহয়। তাৰ বিপৰীতে তাকাম মিচিং পৰিন কৗবাং হল মিচিং জনগোষ্ঠীগত জাতীয় ছাত্ৰ সংগঠনহে। এই সংগঠন জনগোষ্ঠি ভিত্তিক সংগঠন হলেও মূলত: এই সংগঠনে বিদ্যা-শিক্ষাৰ বিকাশ সাধনৰ বাবে সৰ্বাধিক গুৰুত্ব দিব লাগিব। আমি জনাত জাতি গঠনৰ মূল সঁজুলি বা চাবি কাঠি হ'ল গুণগত শিক্ষা। প্ৰকৃত গুণগত অবিহনে পৃথিবীৰ কোনো জাতি-গোষ্ঠীয়ে কেতিয়াও উন্নতিৰ সোপান গঢ়িব নোৱাৰে।

   মিচিং সমাজৰ শিক্ষাঃ মিচিং জনগোষ্ঠীৰ ৮৫% শতাংশ লোক কৃষিজীৱি। বাকী ১৫% শতাংশ লোকহে চৰকাৰী চাকৰি, ঠিকা-ঠুকলি আৰু অন্যান্য ব্যৱসায়-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰে। নৈপৰীয়া গাওঁত থকা কৃষিজীৱি মিচিং মানুহৰ জীৱন যাত্ৰা অতি পুতৌজনক। নাম পৰিচয় হল কৃষিজীৱি কিন্ত্ত  নিজা কৃষিভূমি- নাই। পোনপটীয়াকৈ কব লাগিলে প্ৰায় বিলাকেই উপান্ত ভূমিহীন-গৃহহীন কৃষক। বানপানী আৰু গৰাখহনীয়াই সৰ্বস্বান্ত কৰা পৰিয়াল। দৰিদ্ৰতাই কোঙা কৰা মিচিং জনগোষ্ঠী। শিক্ষা, স্বাস্থ্য আৰু সামাজিক ব্যৱস্থা আদিৰো পয়লগা অৱস্থা। তাতে আকৌ যুৱ-প্ৰজন্মৰ আত্ম-সংস্থাপনৰ ভয়ানক সমস্যা। একে আষাৰতে কব পৰা নিবনুৱা সমস্য। মিচিং ৰাইজৰ এশ-এবুৰি এনে ধৰণৰ সমস্যাৰ ওপৰত  চৰকাৰেও  সঠিকভাৱে নিৰীক্ষণ কৰি আশু সমাধানৰ  গ্ৰহণযোগ্য পথ মোকোলাব পাৰিব বুলি কব নোৱাৰি। ভাবিলে আচৰিত লাগে, আজি একবিংশ শতিকালৈকে মিচিং জনগোষ্ঠীৰ অন্ন, বস্ত্ৰ  আৰু বাস-স্থান আদি বুনিয়াদী  মৌলিক  সমস্যাই সমাধান হোৱা নাই। আমাৰ মিচিং সমাজ জীৱনৰ দাপোণস্বৰূপ সাহিত্য, বিজ্ঞান আৰু দৰ্শনৰ কথা কেতিয়া চিন্তা কৰিম। বিশ্ব জয়ৰ সপোন বুকুত বান্ধি মিচিং সকলে আগুৱাব পাৰিব নে? মিচিং গাওঁবোৰত প্ৰচলিত শিক্ষা ব্যৱস্থাৰে আধুনিক বিশ্বত সংস্থাপিত হ’ব পৰাকৈ আমি জ্ঞান-অভিজ্ঞতা আহৰণ কৰিব পাৰিম নে ? আমাৰ গাওঁ এলেকাৰ মিচিং শিশু-সন্তানে এতিয়াও প্ৰকৃত গুণগত শিক্ষা পোৱানাই। তাৰ বাবে আমাৰ মিচিং জাতীয় সংগঠন সমূহ চিন্তিত হয় নে ?

   আধুনিক বিশ্বৰ কথা বাদেই দিলো, আমাৰ গাওঁবোৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰে প্ৰকৃত কাৰিকৰী শিক্ষাৰে দক্ষতা সম্পন্ন ডাক্তৰ, ইঞ্জিনীয়াৰ অথবা ৰাজ্যিক পৰ্যায়ৰ উচ্চস্তৰীয় অসামৰিক সেৱাৰ বিষয়া বা সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া  জন্ম দিব পাৰিম নে ? এই বিষয়বোৰো আমি চিন্তা কৰি চাব লাগিব। গুণগত শিক্ষাৰ প্ৰমাণ পত্ৰ নাথাকিলে  চৰকাৰে আমাক এইবোৰ কাৰিকৰী পদবী আৰু উচ্চস্তৰীয় প্ৰশাসনিক পদবীত নিযুক্তি দিব নে ? এইবোৰ পদবী ৰাইজে ভোট দি জিকাই অনা পদবী নহয়। ৰাইজৰ ভোটেৰে গাওঁ পঞ্চায়ত, নিগম-নিকায় আদিত বিজয় সাব্যস্ত কৰি কেতবোৰ ৰাজনৈতিক পদবী দখল কৰিব পাৰিলেও এনে পদবী সমূহো সঠিকভাৱে পৰিচালনা কৰিবৰ বাবেও গুণগত শিক্ষা আৰু প্ৰকৃত নেতৃত্ব সুলভ গুণ লাগিব। আমাৰ স্বায়ত্ব শাসন পৰিষদবোৰৰ কথা নকলোৱেইবা। তদুপৰি আমাৰ অৰাজনৈতিক জাতীয় সংগঠন সমূহ পৰিচালনা কৰিবৰ বাবেও  গুণগত শিক্ষা আৰু নেতৃত্ব সুলভ গুণ তথা প্ৰশাসনিক দক্ষতা লাগিব।

   আধুনিক বিশ্বৰ কথা বাদেই দিলো; আমাৰ গাওঁবোৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰে ডাক্তৰ, ইঞ্জিনীয়াৰ অথবা প্ৰকৃত দক্ষতা সম্পন্ন অসম অসামৰিক সেৱা বা সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া  জন্ম দিব পাৰিম ? এই বিষয়বোৰো আমি চিন্তা কৰি চাব লাগিব। গুণগত শিক্ষা নাথাকিলে চৰকাৰে আমা এইবোৰ কাৰিকৰী আৰু উচ্চস্তৰীয় প্ৰশাসনিক পদবীত নিযুক্তি দিব নে ? এইবোৰ পদবী ৰাইজে ভোট দি জিকাই অনা পদবী নহয়। ৰাইজৰ ভোটেৰে গাওঁ পঞ্চায়ত, নিগম-নিকায় আদিৰ ৰাজনৈতিক পদবী সমূহ পৰিচালনা কৰিবৰ বাবেও গুণগত শিক্ষা আৰু প্ৰকৃত নেতৃত্ব সুলভ গুণ লাগিব। আনকি আমাৰ জাতীয় সংগঠন সমূহ পৰিচালনা কৰিবৰ বাবেও  গুণগত শিক্ষা আৰু নেতৃত্ব সুলভ প্ৰশাসনিক দক্ষতা লাগিব।

    মিচিং জনগোষ্ঠীৰ সৰ্বাধিক গুৰুত্ব দিব লগা সমস্যা সমূহ আমি চিনাক্ত কৰিব পাৰিব লাগিব। আমাৰ গুৰুত্বপূৰ্ণ সমস্যা ৰাজিৰ ভিতৰত অতি আবেগ প্ৰৱণতা জাগৰিত কৰা কেইবাটাও সমস্যা হ’ল  (ক) মিচিং ভাষাক শিক্ষাৰ মাধ্যমৰূপে প্ৰতিষ্ঠা কৰা আৰু মিচিং স্বায়ত্ত-শাসন পৰিষদক ষষ্ঠ-অনুসূচীভূক্ত পৰিষদলৈ মৰ্যাদা সহকাৰে পূৰ্ণাংগ পৰ্যায়ত উত্তৰণ ঘটোৱা। সময় বাগৰাৰ লগে লগে এই দুটা বিষয় যেন গেঠেলা মাৰিবলৈ আৰম্ভ কৰিছে। মিচিং আগম কৗবাং আৰু তাকাম মিচিংপৰিন কৗবাঙৰ দাবীৰ আধাৰত সকলো জাতীয় সংগঠনে একত্ৰিতভাৱে  সমূহীয়াকৈ তুলি ধৰা এই দুটা জাতীয় প্ৰাসংগিকতা থকা অতি গুৰুত্বপূৰ্ণ দাবী দিনে দিনে নিস্তেজ-নিষ্প্ৰভ হৈ অহা মিচিং ৰাইজে প্ৰত্যক্ষ কৰিছে। 

মিচিং ৰাইজৰ আৰু দুটা  দীৰ্ঘদিনীয়া অমীমাংসিত দাবী হলঃ-  (গ) মিচিং জাতীয় সংগঠন সমূহে  অসম চৰকাৰক দফে-বিদফে আবেদন-নিবেদন কৰি থকা স্বত্বেও সংবিধানত মিৰি শব্দৰ পৰিৱৰ্তে মিচিং শব্দৰ প্ৰতিষ্ঠাপন আজিকোপতি হোৱানাই। (ঘ) তদুপৰি আলি আ:য়ে লৃগাঙৰ বাবে ৰাজ্যিক বন্ধৰ দাবী মিচিং জনগোষ্ঠীৰ দীৰ্ঘ-দিনীয়া দাবী। মিচিং জনগোষ্ঠীৰ এই আবেগ  জৰিত প্ৰশ্ন বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰেও কোনো ধৰণে গুৰুত্ব আৰোপ কৰা নাই; বৰঞ্চ পাকে-প্ৰকাৰে  এৰাই চলাৰ কূট-কৌশলহে অৱলম্বন কৰিছে। মিচিং ছাত্ৰ সংগঠনে ৰাষ্ট্ৰীয় আদৰ্শবাদী চিন্তাধাৰাৰে পৰিপুষ্ট কোনবোৰ ৰাজনৈতিক দলৰ দিগ্গজ নেতাৰ লগত সেতু-বন্ধনত আৱদ্ধ হব ? হলেইবা মিচিং জনগোষ্ঠীৰ কি লাভ হ'ব ? সেয়াও গভীৰভাৱে চিন্তনীয় বিষয়। আমাৰ ভূল সিদ্ধান্তৰ বাবে  নিজৰ হাতৰ কুঠাৰ যাতে ভৰিত মৰা নহয় সেয়া আমি সদায় মনত ৰাখিব লাগিব।

       যিকোনো জননেতা বা জন-প্ৰতিনিধি সকলৰ ভিতৰত আমাৰ ছাত্ৰ সমাজে আত্মিক আৰু ৰাজনৈতিক গুৰুৰূপে গ্ৰহণ কৰাৰ আগতে নিজকে বাৰে বাৰে প্ৰশ্ন কৰি চাব লগা কেইটামান আনুসংঙ্গিক প্ৰশ্ন হল এনেকুৱা ধৰণৰ যেনে, তেওঁ নিস্বাৰ্থভাৱে  সেৱা কৰিব পৰা নেতা হয় নে ? তেওঁ নেতা সুলভ গুণেৰে জাতিষ্কাৰ হয়নে ? তেওঁৰ লৌহ কঠিন মানসিক দৃৃঢ়তা আৰু স্ফটিকৰ দৰে স্বচ্ছ সততা আছেনে ? ভাল মানুহ বুলি শলাগিব পৰা লোক হয় নে ? তেওঁ যদি মন্ত্ৰী বা বিধায়ক হয় জাতীয় স্বাৰ্থত  মন্ত্ৰী পদ বা বিধায়কৰ পদ ত্যাগ কৰিব পাৰিবনে ? মন্ত্ৰী বা বিধায়ক হৈ থাকিও টকাৰ নাটনি কেতিয়াবা অনুভৱ কৰি পোৱা ব্যক্তি হয় নে ? তেওঁ মন্ত্ৰী বা বিধায়ক হিচাপে পোৱা দৰমহাৰ একাংশ বানপানী/খহনীয়াগ্ৰস্ত ৰাইজৰ মাজত নিয়মীয়াকৈ বিতৰণ কৰিব পাৰিব নে ? মিচিং জনগোষ্ঠীৰ ৰাজনৈতিক সংকটপূৰ্ণ পৰিস্থিতিৰ উমান পাইও তেওঁ নিৰৱতা অৱলম্বন কৰে নেকি?  সৎ পথেৰে যি আহে তাৰে তেওঁ জীৱিকা নিৰ্বাহৰ কথা ভাবেনে? তেওঁ অনাড়ম্বৰ জীৱন যাপন কৰেনে? সকলো ধৰ্মৰ প্ৰতি তেওঁৰ সদ্ভাৱ আছেনে ? দুদিনৰ বাবে মন্ত্ৰী/বিধায়ক হোৱাৰ গইনা লে তেওঁ বিলাসী জীৱন যাপন কৰিব বিচাৰে নেকি ? তেওঁ সকলোৰে কথা সহৃদয়তাৰে শুনিব নে ? তেওঁ নমনীয় মনোভাৱৰ হয় নে ? তেওঁৰ দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ সক্ষমতা আছে নে ? আমাৰ ৰাজনৈতিক গুৰুজন কোনটো আদৰ্শবাদী ধাৰাৰ ঔৰসত জন্ম ? জাতীয়তাবাদী নে ৰাষ্ট্ৰীয়তাবাদী ? এই সকলো বিলাক প্ৰশ্নৰ উত্তৰ ইতিবাচক হব পাৰে। হলেও কোনো ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলৰ লগত মিচিং ছাত্ৰ সমাজে স্থায়ী সেতু-বন্ধন কৰা অনুচিত। পৰাপক্ষত  যিকোনে ৰাজনৈতি নেতা বা দলৰ পৰা সন্মানজনক দূৰত্ব ছাত্ৰ সংগঠন সমূহে বজাই ৰাখিব পাৰিব লাগে। তদুপৰি ছাত্ৰ সংগঠন সমূহ  জাতীয় সৈনিক আৰু জাতীয় সংগঠনৰ  বৃহত্তৰ স্বাৰ্থ  জৰিত ন্যায্য দাবী সমূহৰ সপক্ষে শক্তিশালীৰূপত হেঁচা প্ৰয়োগ কৰিব পৰা সাংগঠনিক গোট (pressure group) হিচাপে স্বতন্ত্ৰভাৱে অৱস্থান কৰি  যিকোনো জটিল পৰিস্থিতিটো নিজা সুদৃঢ় স্থিতি সাব্যস্ত কৰিব পাৰিব লাগে। আমি ভাবো ৰাজনৈতিক নেতাৰ লগত প্ৰয়োজন সাপেক্ষে সহাৱস্থান কৰিব লাগে। কিন্ত্ত তেনে সহাৱস্থানে জাতীয় সমস্যা সমাধানতকৈ অধিক আওকলীয়া সমস্যাৰহে সৃষ্টি কৰে। ৰাজনৈতিক সহাৱস্থানো কেতিয়াবা সাগৰৰ ঢৌ আৰু মৰুভূ প্ৰান্তৰ মৰীচিকা সদৃশ হয়গৈ। কোনটো দল বা নেতাৰ ৰাজনৈতিক উত্থান-পতন সময় সাপেক্ষ আৰু অনিবাৰ্য। এনে উত্থান-পতন কেতিয়া  হয়, কোনেও ভৱিষ্যত বাণী কৰিব নোৱাৰে। অনন্ত কালৰ বাবে কোনেও ক্ষমতাধিস্থ হৈ নাথাকে। 

আমি সেতু-বন্ধনৰ বিপৰীতে আমাৰ জাতীয় সংগঠন বা মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জাতীয় সৈনিক সকলক অধিক গ্ৰহণ যোগ্য আৰু গতিশীল কৰা অতি প্ৰয়োজন।  আমি বিভিন্ন  মাধ্যম চৰ্চা কৰি যোগ্য নেতৃত্ব সুলভ গুণ আহৰণৰ বাবে নিৰ্ধাৰণ কৰা কেতবোৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’লঃ

(১) সাহসিকতা 

(২) মোহনীয় ব্যক্তিত্ব

(৩) সুদূৰ প্ৰসাৰী কল্পনা শক্তি

(৪) সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা 

(৫) সকলো পৰিস্থিতিতে ন্যস্ত দায়িত্ব পালনৰ মানসিকতা

(৬) শাৰীৰিক সুস্থতা

(৭) পৰিৱেশ ও সংগঠন সম্পৰ্কে স্বচ্ছ ধাৰণা

(৮) মানৱ  চৰিত্ৰ অনুধাৱন কৰাৰ ক্ষমতা

(৯) সাংগঠনিক জ্ঞান 

(১০) যোগাযোগৰ দক্ষতা

(১১) আত্মনিয়ন্ত্ৰণ ও সংযম শীলতা

(১২) ন্যায়-পৰায়ণতা

(১৩) সহযোগিতামূলক মননশীলতা

(১৪) বশীভূতকৰণৰ ক্ষমতা

(১৫) বিচাৰ বিবেচনাৰ ক্ষমতা 

(১৬) বন্ধুত্ব প্ৰতীম আচৰণ

(১৭) বিশ্লেষণমূলক ক্ষমতা 

(১৮) সাহস ও উদ্যম

(১৯) সময় সচেতনতা

(২০) সংশ্লিষ্ট কাৰ্য-বিষয় জ্ঞান 

(২১) ভাৰ সাম্য ৰক্ষাৰ জ্ঞান 

(২২) নমনীয় মনোভাৱ

(২৩) অনিসন্ধিৎসু

(২৪) সৃজনী প্ৰতিভা

(২৫) আন্তৰিকতা

(২৬) সকলোৰে প্ৰতি শ্ৰদ্ধাশীল মনোভাৱ 

(২৭) সাধাৰণ জ্ঞান

(২৮) অধ্যৱসায়

(২৯) আত্ম-সমালোচনা

(৩০) সৰ্বাঙ্গীন বোধগম্যতা

(৩১) বাগ্মীতা আদি

     পূৰ্বোক্ত সকলোবিলাক গুণ বা বৈশিষ্ট্য সাংগঠনিক নেতৃত্ব বহন কৰা  আমাৰ মিচিং ছাত্ৰ সমাজেও আয়ত্ত কৰি লব লাগিব। এনে মহান  গুণাৱলীৰ যোগ্য-বিভূষণৰ অধিকাৰী হব পাৰিলে আমি আমাৰ নৈতিকতা পণ-বন্দী কৰি কেতিয়াও কোনো জননেতা বা ৰাজনৈতিক নেতাৰ ওচৰত  সেতু-বন্ধনৰ নামত শৰণাগত হব নালাগিব। আমি স্কুলীয়া পাঠ্যক্ৰমত পাইছিলো এনেকৈ “Students of today's are citizens of tomorrow” অৰ্থাৎ আজিৰ ছাত্ৰ সকলেই হ’ল অহাকালিলৈ দেশৰ নাগৰিক। লগতে আৰু এটা  আপ্ত-বাক্য মনত ৰাখিব লাগিব “ছাত্ৰানাং  অধ্যয়ণং তপঃ। অৰ্থাৎ ছাত্ৰ সকলৰ বাবে অধ্যয়নেই তপস্যা হোৱা উচিত।” অধ্যয়ণ কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আৱদ্ধ থাকি আহৰণ কৰা বিষয় নহয়। কাৰণ শিক্ষা হ’ল আমাৰ জীৱনজোৰা প্ৰক্ৰিয়া। জননেতা বা ৰাজনৈতিক নেতাৰ লগত সেতু-বন্ধনৰ কথা চিন্তা কৰি যাতে আমি জীৱনৰ এই সৰ্বাধিক গুৰুত্বপূৰ্ণ  বিষয়বোৰ পাহৰি নাযাওঁ। আমাৰ মিচিং ছাত্ৰ সমাজে এটা কথা মনত ৰখা দৰকাৰ যে আমাৰ জাতীয় স্বাভিমান সকলোতকৈ উৰ্ধত। আমি জাতীয় স্বাভিমান ৰক্ষা কৰিহে মিচিং  জাতীয় জীৱন গঢ় দিব লাগিব। জাতীয় স্বাভিমান ৰক্ষা কৰিব নোৱাৰ জাতি-জনগোষ্ঠীক মানুহে হেয় জ্ঞান কৰে। সেয়েহে আন মানুহে হেয় জ্ঞান কৰিব নোৱাৰাকৈ স্বাভিমানী হোৱাৰ লগত আমি শিক্ষা-বিজ্ঞান-দৰ্শন সকলো ক্ষেত্ৰতে নতুন দিগন্ত সূচনা কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে মিচিং জনগোষ্ঠী ফলে-ফুলে জাতিষ্কাৰ হ’ব।


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages