জিলমিলিয়া গুলপীয়া ব্লাউজৰ আঁৰৰ শিক্ষা
ৰেজিয়া চৌধুৰী
গুৱাহাটী
খঙে-ক্ষোভে ঘৰৰ পৰা ওলাই যোৱা কনিষ্ঠ পুত্ৰৰ সন্ধানত মাকে হাবাথুৰি খাই বিবেক-বিবেচনা শূন্যতাৰ প্ৰশ্ৰয়ত উচ্ছৃঙ্খল হৈ পৰিল। দুৰ্দিনত নানানটা দুশ্চিন্তায়েও ঊৰ্ধ্বতন।
হঠাৎ এদিন মাকে চহৰত থকা জী-জোঁৱাইৰ ঘৰলৈ যোৱাৰ পথত.... পদপথত বহি তাক ছাটি মেৰামতি কৰি থকা দুৰৱস্থাত… অতদিনৰ মূৰত হেৰুৱা পুত্ৰক প্ৰত্যক্ষ প্ৰাপ্তিত (চাক্ষুষ)... পুত্ৰৰ স্নেহত আতুৰ মাতৃত্ত্বৰ উদং বুকু পুৰাবলৈ স্নেহৰ আঁচলেৰে মাৰিয়াই পুত্ৰক সাবটি ধৰি হুক-হুকাই কান্দি উঠিল।
বহু বুজনিৰ পিছতো সি ঘৰলৈ নাহিল।
কিছুদিনৰ পিছত আপোন ঘৰলৈ উভতি মাকক সাবটি ক’লে “এইটো তোমালৈ “মা”... “জিলমিলিয়া গুলপীয়া ব্লাউজ” এইকেইদিনৰ উপাৰ্জিত। এইটোৱে মোক বহু কথাই শিকাই গ’ল এইকেইটাদিন। বুজিলো পিতায়েও খং কৰাৰ কাৰণ… !”
No comments:
Post a Comment