চকুলো
ভূমিকা দাস
দোকানখন বন্ধ কৰিবলৈ লওঁতেই হৰেনৰ পুৰণি বন্ধু ৰমেন আহি ওলাল। ৰমেনক দেখি কিবা এটা ক’ব খোজোতেই মোবাইলতো বাজি উঠিল ফোনটো ৰিছিভ কৰি মোনাটোতে ভৰাই লৈ ৰমেনক কলে-হেৰৌ, তই আজিহে আহিব পাৰিলিনে..!!
অলপ পিছতে ল'ৰাৰ মেট্ৰিকৰ ৰিজাল্ট ওলাব হেনো। কিবা এটা শংকাত বুকুখনি গধুৰ হৈ আছে অ’..!!
ঘৰলৈকে আহিবি। আজি আৰু কথা নাপাতোঁ। কথাষাৰি কৈ হৰেণে চাইকেল খন জোৰেৰে চলাই ঘৰ পালেগৈ পদূলিত মানুহৰ জুম দেখি তাৰ বুজিবলৈ বাকী নাথাকিল… শিক্ষক শিক্ষয়িত্ৰী, মানুহৰ সমাগমত আজি হৰেনৰ ঘৰ উদুলি মুদুলি। তাৰ ল’ৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্হান লাভ কৰি স্কুলখন, ঘৰখন লগতে গাওঁখনলৈও গৌৰৱ কঢ়িয়াই আনিছে।
আনন্দৰ চকুলো হৰেনে ৰাখিব পৰা নাই...। হঠাৎ ভিৰৰ মাজৰ পৰা সি বাটচ’ৰা ঘৰলৈ গৈ বেৰত আঁৰি থোৱা ঘৈণীয়েকৰ ফটোখনৰ লগত অন্তৰংগ আলাপত মগ্ন হৈ থাকোতে দুধাৰি তপত চকুলো বৈ আহি পুতেকৰ কান্ধতে পৰিলেহি..!!
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment