ঘূণ
দিপ্তী মনি গোস্বামী
লালুক, লখিমপুৰ
মাজ নিশাৰ জয়াল ৰাতিত
যেতিয়া শুকান গছৰ পাতটো
খিৰিক কৰি সৰি পৰে,
শুবলৈ নিদিয়া টোপনিটোত তেতিয়া
নিজানত ভয় লগা ভাৱনাবোৰ একাষৰিয়া হৈ
হৃদয়ৰ কোমল কুঁহত অনুভৱী ভাৱনাই ঘৰ সাজে।
সেই ভাৱনাৰ কুঠৰীবোৰত সোমাই থাকে
অনেক নদ-নদী, আকাশ -বতাহ পাহাৰ ভৈয়ামৰ
ঐক্য সংস্কৃতিৰ এনাজৰীৰে পাক বন্ধা
সাগৰ সংগম আৰু বাগ্মীবৰ দিৱসৰ সুৰৰ সংগম।
সেই নিৰলস ক্ষণৰ দোমোজাত ভাৱ হয় কেতিয়াবা
সেই সুৰবোৰ বাৰু নিদ্ৰাৰত নেকি?
নে নিজৰেই গজালিৰ ভৰত অৱস দেহা!
নে বৃদ্ধতাৰ অভিশাপত অক্ষম পত্ৰ বিহীন উদং বৃক্ষ
তেওঁ লোকৰ দীৰ্ঘম্যাদী দুৰ্লভ সাধনা তপস্যাবোৰ
আজি কিয় ইমান সুলভ সহজলভ্য......
প্ৰতিবাদী কণ্ঠস্বৰ দেখোন মৃত্যুৰ গৰাহত
সৱল হাতেৰে গুৰি বঠা বনাব কোনে
সকলো কাঠতে দেখোন ধৰিছে ঘূণে!
No comments:
Post a Comment