মানুহ নামে পৰিচিত
ভানুমতী পাঠক
ভৰলুমুখ
ধুনীয়া পোছাক যোৰ
পিন্ধিলেই
সি মানুহ নহয়।
ধুনীয়া কথা কলেই
সি সাধু নহয়।
ধুনীয়া অলংকাৰ পিন্ধিলে
সি সুন্দৰ নহয়।
ধুনীয়া প্ৰসাধন সামগ্ৰী
ঘঁহি পিহি বিভুষিত
হ'লেই
সি মানুহ নহয়।
হৃদয়ত গভীৰতা
থাকিলেহে
মানুহ নামে পৰিচিত হয়।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment