মোৰ প্ৰিয় মহাবিদ্যালয়
পাপৰি দাস
বৰপেটা
হে মোৰ প্ৰিয় মহাবিদ্যালয়
প্ৰণাম জনালোঁ তোমাক,
তুমি যে এগছি জ্ঞানৰ বন্তি
তুমি হৈছা এক মনোৰম বাগিছা,
তোমাৰ গৰ্ভতে ফুলিছে নিতৌ
অজস্ৰ সৰু-ডাঙৰ সপোনৰ কুঁহিপাত।
বিশাল সাগৰৰ পাৰৰ
আশাপূৰ্ণ উপকূল যেন
মোৰ প্ৰিয় মহাবিদ্যালয়,
তোমাৰ বিতোপন জন্মস্থান
য'ত আছে শ্ৰীমন্ত শংকৰদেৱৰ আৰু
শ্ৰী শ্ৰী মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত
বৈষ্ণৱ সংস্কৃতিৰ কঠিয়াতলী আৰু
য'ত আছে সম্প্ৰীতিৰ নিদৰ্শন
পবিত্ৰ বৰপেটা ধাম।
তুমি হ'লা ৰাইজৰ অৱদান
তোমাৰ গৰ্ভত ফুলিব ধৰা ময়ো এপাহ ফুল।
হে মোৰ প্ৰিয় মহাবিদ্যালয়
তোমাক সহস্ৰ প্ৰণাম….।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment