নাৰী তাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

নাৰী তাই

 


নাৰী তাই


                  অপৰূপা দত্ত

            অৰুণাচল প্ৰদেশ


এখন ভ্ৰভ্ৰষ্টাচাৰী সমাজৰ

এজনী সৰল নাৰী তাই,

সেই বাবেই হয়তো জীৱনৰ প্ৰত্যেকটো খোজতেই 

নিৰাপত্তাহীনতাই আগুৰি ধৰে তাইক।

অকলে আজি ওলাব নোৱাৰে তাই

কাৰণ সমাজৰ এচাম মুখা পিন্ধা 

চৰিত্ৰহীন মানৱৰ কৰ্মৰাজিয়ে সমাজৰ চকুত কলংকিত হ’ব নোখোজে তাই।

নোৱাৰে তাই মনত পুহি ৰখা সপোনবোৰ, আশাবোৰ 

কাৰোবাৰ প্ৰতাৰণাৰ বলি হ'বলৈ বুলি এৰি দিবলৈ  

কিন্তু !

তাই যে বাধ্য আজি 

নিজৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈ 

সভ্য সমাজৰ কিছুমান অসভ্য 

মানসিকতাৰ প্ৰতাৰণাত 

নিৰৱতাই আজি তাইৰ 

একমাত্ৰ সংগী হৈ পৰিল।

জীৱনৰ প্ৰতিটো পলে 

আজি তাইক সুঁৱৰাই যায় 

এখন ভ্ৰষ্টাচাৰী সমাজৰ 

নাৰীৰ নিৰাপত্তাৰ 

নিষ্ঠুৰ কথা।


Doksiri দকচিৰি, জুন, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages