খতিয়ান
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
আজি লিপিবদ্ধ কৰিছোঁ
পোৱা-নোপোৱাৰ খতিয়ান
মনত শিপোৱা কথাবোৰ
ৰৈ যাওক যুগান্তৰলৈ
পূৰ্ণিমাৰ জোনাকক কলো -
তুমি ঘূৰি আহিবা বুলি
সুৰুযে বাট চাই নাথাকে
এসাগৰ আক্ষেপেৰে গিলিহে থব খোজে
মই কৈ গলো জোনে শুনি গ’ল
প্ৰত্যুত্তৰৰ ভাষা নাই তাৰ ওঁঠত
পাহাৰটোৰ সিটো পাৰে
লুকাবলৈ লোৱা বেলিটোৱে বেকাকৈ হাঁহিলে
দুপতীয়াহৈ গজা শব্দ মেহাৰে ন-ৰূপ ললে
প্ৰচ্ছদ গামিতা এৰি হেঁপাহৰ দলিছাত
আখৰবোৰ কলি হ’ল
কলিবোৰ ফুল হ’ল, ফুলবোৰ উৰিল পখিলা হৈ
চেতনাত প্ৰৱাহিত হ’ল
এটি অৰুনিম সপোন
লাজত লোকাল জোনবাই
জীৱনৰ যোগাৰত ময়ো পাহৰিলো তাক।।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment