কেঁকুৰি-কথা
মেঘালী গগৈ
ধেনুৰ পৰা ওলাই যোৱা কাঁড়ডালৰ
দৰে পোন হয় জানো জীৱনৰ গতিপথ?
শালিকীজঁট নলগাকৈ জানো
বৈ থাকিব পাৰি জীৱনৰ দীঘ আৰু বাণিৰ সূতা ?
নভবা-নিচিন্তাকৈ, অপ্ৰত্যাশিতভাৱে
আহি পৰে একাবেঁকা কেঁকুৰিবোৰ
হিচাপ নোহোৱা প্ৰত্যাহ্বানবোৰ লৈ
কেঁকুৰিবোৰ ৰৈ থাকে
অস্থিৰ হওঁ
অশান্তি আহে
তথাপিও স্বীকাৰ কৰো
কেঁকুৰিবিহীন জীৱন মাদকতাশূন্য
জীৱনক জীওৱাৰ অমল আনন্দ থাকে
কেঁকুৰিবোৰ পাৰ কৰি
গৈ থকাত
কেঁকুৰিৰ সিফালে ৰৈ থকা
অপাৰ সম্ভাৱনাবোৰ আদৰি লোৱাত ।।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment